ETV Bharat / state

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

author img

By

Published : May 2, 2021, 10:15 PM IST

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নজিৰ সৃষ্টি কৰিলে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে ৷ ইতিহাস সৃষ্টি কৰি জে'লৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত বিজয়ধ্বজা উৰুৱালে কৃষক নেতা অখিল গগৈয়ে ৷ শিৱসাগৰ সমষ্টিবাসীয়ে নিজৰ প্ৰতিনিধি হিচাপে অখিল গগৈক নিৰ্বাচিত কৰি পঠিয়ালে বিধানসভাৰ মজিয়ালৈ ৷ ইয়াৰ লগে লগে বিধায়ক হিচাপে এতিয়াৰে পৰা আন এক পৰিচয়ৰ অধিকাৰী হ'ল কৃষক নেতা অখিল গগৈ ৷ আনকি কাৰাগাৰৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱা অখিল গগৈ হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমগৰাকী ব্যক্তি ৷

akhil-gogoi
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

গুৱাহাটী,২ মে': নদীবান্ধ বিৰোধী সংগ্ৰামেই হওক, দুৰ্নীতি বিৰোধী সংগ্ৰামেই হওঁক নতুবা শেহতীয়াকৈ কা বিৰোধী আন্দোলনেই হওঁক ৷ সততে নিজৰ বজ্ৰ কণ্ঠেৰে গৰজি ৰাজপথৰ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি ৰজাঘৰীয়াক থকা সৰকা কৰি আহিছিল কৃষক নেতা অখিল গগৈয়ে ৷ যাৰ বাবেই প্ৰতিবাৰে চৰকাৰৰ ৰোষত পৰি কাৰাগাৰলৈ যাবলগীয়া হৈছিল বৰ্তমানেও কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ ৷ কিন্তু অৱশেষত এই দীঘলীয়া সংগ্ৰামৰ প্ৰতিদান দিলে শিৱসাগৰৰ ৰাইজে ৷

AKHIL GOGOI
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নজিৰ সৃষ্টি কৰিলে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে ৷ ইতিহাস সৃষ্টি কৰি জে'লৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত বিজয়ধ্বজা উৰুৱালে কৃষক নেতা অখিল গগৈয়ে ৷ শিৱসাগৰ সমষ্টি বাসীয়ে নিজৰ প্ৰতিনিধি হিচাপে অখিল গগৈক নিৰ্বাচিত কৰি পঠিয়ালে বিধানসভাৰ মজিয়ালৈ ৷ ইয়াৰ লগে লগে বিধায়ক হিচাপে এতিয়াৰে পৰা আন এক পৰিচয়ৰ অধিকাৰী হ'ল কৃষক নেতা অখিল গগৈ ৷ আনকি জেলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হোৱা অখিল গগৈয়ে হৈছে অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথমগৰাকী ব্যক্তি ৷ পিছে অখিল গগৈৰ বাবে সুগম নাছিল এই পথ ৷

AKHIL GOGOI
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

সুদীৰ্ঘ ১৮ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈয়ে জেলৰ পৰাই কণ্টকময় পথৰ মাজেৰে ৰাইজৰ দলৰ নেতৃত্ব লৈ অৱতীৰ্ণ হৈছিল 2021 ৰ বিধানসভা নিৰ্বাচনত ৷ আনকি কাৰাৰুদ্ধ নেতাগৰাকীয়ে অংশগ্ৰহণ কৰিব পৰা নাছিল কোনো নিৰ্বাচনী প্ৰচাৰ সভাতো ৷ তৎস্বত্বেও কিন্তু বিজেপিৰ হাইপ্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰে ৰুদ্ধ কৰিব নোৱাৰিলে অখিল গগৈৰ দিছপুৰ যাত্ৰাক ৷ শিৱসাগৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ফলস্বৰূপে 11,779 টা ভোটৰ ব্যৱধানত অখিল গগৈয়ে পৰাভূত কৰিলে বিজেপি সমৰ্থিত প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীক ৷

কাৰাগাৰৰ পৰা দিছপুৰলৈ...

অখিল গগৈৰ এই ঐতিহাসিক জয়ৰ পিছতে শিৱসাগৰত এতিয়া বিৰাজ কৰিছে আনন্দময় পৰিৱেশে ৷ কোনোৱে কৈছে এইয়া অখিল গগৈৰ জয় নহয়, এই জয় অসমীয়া জাতিটোক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ জয়, প্ৰতিগৰাকী সুস্থ গণতন্ত্ৰত বিশ্বাস কৰা ব্যক্তিৰ জয় ৷ এই জয় হৈছে সমগ্ৰ শিৱসাগৰবাসীৰ জয়, এই জয় হৈছে অসমবাসীৰ জয় । বহুতেই ক'ব খোজে যে অসমত এক সুস্থ ৰাজনৈতিক পৰিৱেশ তথা অসমত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে অখিল গগৈ জিকাটো খুবেই প্ৰয়োজন আছিল ৷ লাগিলে তেওঁ বিৰোধীৰ ভূমিকাই পালন নকৰক কিয় ? চৰকাৰ যিয়েই গঠন নকৰক কিয়, মুখ্যমন্ত্ৰী যিয়েই নহওঁক কিয়, অখিল গগৈ জিকাটো অসমৰ সমাজ জীৱনৰ বাবে আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বাবে এটা অতি ইতিবাচক দিশ বুলিও ক'ব খোজে সচেতন মহলে ।

AKHIL GOGOI
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

উল্লেখ্য যে, এজন আৰটিআই কৰ্মী তথা সংগ্ৰামী নেতাৰূপে বিশেষ প্ৰসিদ্ধি লাভ কৰা অখিল গগৈক তেওঁৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছে । অসমৰ প্ৰতিটো সমস্যা তথা সংকটৰ ক্ষেত্রত সদায়ে সৰৱ ভূমিকা পালন কৰি অহা অখিল গগৈ সুদীৰ্ঘ সময় বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে । অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা ব্যাপক আন্দোলনৰ বাবেই নামনি সোৱণশিৰি নদীবান্ধৰ কাম দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে । তেওঁ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ বাবেও আপোচবিহীন সংগ্ৰাম চলাই আহিছে । অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে মাত মাতি অহা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবে মাওবাদী তথা দেশদ্ৰোহীৰ গোচৰত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছে ।

AKHIL GOGOI
কাৰাগাৰৰ পৰা দিছপুৰলৈ...

কিন্তু নিজৰ সংগ্ৰামী সত্বাক ৰাজনৈতিক ক্ষেত্রখনলৈ নিয়াৰ বাবেই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অখিল গগৈক শিৱসাগৰৰ ৰাইজে সঁহাৰি জনালে । এতিয়া তেওঁ নিজৰ সংগ্ৰামখনক ৰাজপথৰ উপৰি দিছপুৰৰ ভিতৰত চলাই নিয়াৰ অধিকাৰ লাভ কৰিলে । আনহাতে পুনৰবাৰ শিৱসাগৰবাসীয়ে প্ৰমাণ কৰি দিলে যে অসমৰ ইতিহাসত আজিও কিয় শিৱসাগৰ ঐতিহ্যমণ্ডিত হৈ জিলিকি আছে । যা হওঁক, এতিয়াৰে পৰা এগৰাকী জনপ্ৰতিনিধি হিচাপে অখিল গগৈৰ কাৰ্যপন্থাৰ ওপৰত আগন্তুক সময়ত দৃষ্টি নিৱদ্ধ থাকিব অসমবাসী ৰাইজৰ ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল ক'ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.