গুৱাহাটী, ২৬ জুন : দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ । একাধিক গোচৰত অভিযুক্ত হৈ স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈক তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিলে NIAৰ আদালতে । সেইমৰ্মে শুকুৰবাৰে নিশা প্ৰায় ৯.৩০ বজাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ পৰা ওলাই আহে অখিল গগৈ ।
বিধায়ক অখিল গগৈয়ে তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল । নিশা জি এম চি এইচ (GMCH)ৰ পৰা মুকলি হৈ অখিল গগৈ উপস্থিত হয় চানমাৰিৰ নিজৰাপাৰৰ নিজ বাসগৃহত । অৱশ্যে দুদিনৰ বাবে মুকলি হ'লেও তেওঁৰ লগত নিৰাপত্তাৰক্ষী দিয়া হৈছে । প্ৰায় ডেৰ বছৰৰ অন্তত নিজৰ মৰমৰ ঘৰখনত উপস্থিত হৈ আবেগিক হৈ পৰে অখিল গগৈ ।
চানমাৰিৰ বাসগৃহত উপস্থিত হৈয়েই পত্নী-পুত্ৰক লগ পাই উৎফুল্লিত হৈ পৰা অখিল গগৈয়ে দুয়োকে সাবটি ধৰে । নিশাটো পত্নী-পুত্ৰ লগত কটাই শনিবাৰে পুৱাই যোৰহাটৰ চেলেংহাট গাঁৱলৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাতৰ উদ্দ্যেশে তেওঁ ৰাওনা হয় । কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অখিল গগৈক যোৰহাটৰ চেলেংহাট গাঁও অভিমুখে লৈ যোৱা হয় ।
উল্লেখ্য যে, অখিল গগৈয়ে মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (National Investigation Agency)ৰ আদালতত আবেদন জনাইছিল । সেই আবেদনৰ ভিত্তিত আদালতে অখিল গগৈক দুদিনৰ বাবে মুকলি কৰি দিয়ে । অখিল গগৈৰ হৈ অধিবক্তাই আবেদন জনাইছিল আদালতত ।
চাবুৱা থানাৰ NIA ই লোৱা গোচৰৰ পৰা ইতিমধ্যে দোষমুক্ত হৈছে অখিল গগৈ । কিন্তু তথাপিও তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ বাট মুকলি হোৱা নাই । বৰ্তমান চানমাৰি থানাৰ গোচৰটো চলি আছে । এই গোচৰৰ পৰা ৰেহাই পালেই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক:ধুবুৰীৰ বিধায়ক নজৰুল হকক প্ৰত্যাহ্বান প্ৰাক্তন বিধায়ক জাহান উদ্দিনৰ