ETV Bharat / state

উচ্ছেদিত পৰিয়ালক লগত লৈ ২৩ মে'ত দিছপুৰ কপাঁবলৈ সাজু অখিল বাহিনী

মহানগৰীৰ শিলসাঁকো জলাশয়ৰ ভূমিত বসবাস কৰি থকা খিলঞ্জীয়া লোকৰ পৰিয়ালৰ ওপৰত আৰক্ষী-প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদক লৈ পুনৰ সৰব শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Akhil Gogoi In Shilshako)৷ চচলৰ শিলসাঁকোৰ উচ্ছেদিত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে উচ্ছেদিত পৰিয়ালৰ সৈতে অখিল গগৈৰ মত বিনিময় ৷

author img

By

Published : May 18, 2022, 9:15 PM IST

akhil-gogoi-send-memorandum-to-cm-and-gmda-for-rehabilitation-of-evicted-people
উচ্ছেদিত পৰিয়ালক লগত লৈ ২৩ মে'ত দিছপুৰ কপাঁবলৈ সাজু অখিল বাহিনী

গুৱাহাটী, ১৮ মে: গুৱাহাটী মহানগৰীৰ শিলসাঁকো জলাশয়ৰ ভূমিত বসবাস কৰি থকা খিলঞ্জীয়া লোকৰ পৰিয়ালৰ ওপৰত আৰক্ষী-প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদক লৈ পুনৰ সৰব হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Akhil Gogoi President of Raijor Dal) । বুধবাৰে বিধায়ক অখিল গগৈয়ে চচলৰ শিলসাঁকোৰ উচ্ছেদিত অঞ্চলত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে উচ্ছেদিত পৰিয়ালৰ সৈতে মত বিনিময় কৰে(Akhil Gogoi in Shilshako)।

উক্ত স্থানত উপস্থিত হৈ বিধায়কগৰাকীয়ে খিলঞ্জীয়া লোকৰ ওপৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে চলোৱা আমানৱীয় উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ-পুনঃ সংস্থাপনৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে । ইফালে, শিলসাঁকোৰ উচ্ছেদিত স্থানত উচ্ছেদিত পৰিয়ালৰ লোকসকলে আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈযে কয় যে, "চৰকাৰ-প্ৰশাসনে আমানৱীয়ভাবে চলোৱা এই উচ্ছেদ কোনো কাৰণতে সহ্য কৰা নহ'ব ।"

চৰকাৰলৈ বিধায়ক অখিল গগৈৰ প্ৰশ্ন, দৰিদ্ৰ-নিছলা, দিন হাজিৰা কৰা খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰি বীৰত্ব দেখুওৱা চৰকাৰখনে শিলসাঁকো বিলৰ ভূমিত নিৰ্মাণ হোৱা হিম্মত সিংকা সু-উচ্চ অট্টালিকা,জিঞ্জৰ হোটেল, বদৰুদ্দিন আজমল ফাউণ্ডেচনৰ সম্পত্তি উচ্ছেদ কৰি সাহস দেখুয়াক । যদি নোৱাৰে তেন্তে খিলঞ্জীয়াক উচ্ছেদ কৰা বন্ধ কৰক । সেয়ে চৰকাৰৰ এনে অ-গণতান্ত্ৰিক উচ্ছেদৰ বিৰোধিতাৰে এক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে সকলোকে সাজু থাকিবলৈ তেওঁ আহ্বান জনায় ।

সেই অনুসৰি আগন্তুক ২৩ মে'ত উচ্ছেদিত পৰিয়ালক লগত লৈ দিছপুৰত এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলিও সংবাদমাধ্যমৰ আগত সদৰী কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে । উচ্ছেদিত লোকসকলক অখিল গগৈয়ে আশ্বাস প্ৰদান কৰি প্ৰশাসনে পুনৰ উচ্ছেদ কৰিব আহিলে সকলোকে একগোট হৈ প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মৰ্মে শিলসাঁকোৰ উচ্ছেদিত লোকৰ এখন তালিকা প্ৰস্তুত কৰি উচ্ছেদিত লোকক পুনৰ সংস্থাপন, উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু GMDAৰ কৰ্তৃপক্ষলৈ এখনি স্মাৰক পত্ৰ (Akhil gogoi send memorandum to CM and GMDA)দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে (Akhil gogoi send memorandum for Rehabilitation of evicted people) ।

লগতে পঢ়ক : ডাম্পিং গ্রাউণ্ড বন্ধৰ দাবীত বৰাগাঁৱত তিনি ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.