গুৱাহাটী, ১ অক্টোবৰ : বিধায়ক শ্বেৰমান আলীয়ে ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদৰ সন্দৰ্ভত কৰা অপমান জনক মন্তব্যক তীব্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে, পূৰ্বেও মিঞা মিউজিয়াম প্ৰসংগৰে এটা সময়ত ৰাজ্য তোলপাৰ লগোৱা কংগ্ৰেছ দলৰ এইগৰাকী বিতৰ্কিত বিধায়কে এইবাৰ অসম আন্দোলনৰ শ্বহীদক ঘাতক সজাই চূড়ান্ত অপমান কৰিছে ।
শ্বহীদক অপমান কৰাৰ বাবে চৰকাৰে শীঘ্ৰে গ্ৰেপ্তাৰ কৰক বিধায়ক শ্বেৰমান আলীক । লগতে শ্বেৰমান আলীক বিজেপিৰ এজেণ্ট আখ্যা দিয়ে অখিল গগৈয়ে ৷ তেওঁ কয়, বিজেপিৰ এজেন্ট হোৱাৰ বাবে শ্বেৰমান আলিয়ে এনেধৰণৰ অসমীয়া বিৰোধী মন্তব্য কবলৈ সাহস কৰিছে ৷ লগতে বিধায়ক গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছেও শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অখিল গগৈয়ে ।
লগতে পঢ়ক: মহানগৰীৰ গড়চুকত বিস্ফোৰক সামগ্ৰী জব্দ; আটক 2
ইফালে, বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত মাইক্ৰফাইনেঞ্চৰ ১১ লাখ ঋণ গ্ৰহণকাৰীক সৰ্বোচ্চ ২৫ হাজাৰকৈ টকা প্ৰদানৰ লক্ষ্যৰে ১,৮০০ কোটি টকা অনুমোদন দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে ৷
তেওঁ কয়, ‘‘বিজেপি চৰকাৰে নিৰ্বাচনীৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে । কিয়নো মাইক্ৰফাইনেঞ্চৰ বিজেপিয়ে ১২হাজাৰ ৫০০কোটি টকা ঋণ গ্ৰহণকাৰীৰ পৰিশোধ কৰাৰ কথা কৈছিল । কিন্তু ইয়াৰ বিপৰীতে ১,৮০০ কোটি টকাহে দিয়াৰ কথা কেবিনেটত উপস্থাপন কৰিলে । ধেমাজিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰকৃতাৰ্থত যে এজন মিছলীয়া মুখ্যমন্ত্ৰী সেয়া কাৰ্যত স্পষ্ট হ'ল’’ ।
লগতে পঢ়ক: নতুন SOP আহিল : ছবি গৃহ মুকলি কৰাৰ অনুমতি ৰাজ্য চৰকাৰৰ