ETV Bharat / state

NIA ক অৰ্পন কৰিব লাগে চুপাৰী চিণ্ডিকেটৰ তদন্তৰ দ্বায়িত্বঃ অখিল গগৈ - গুৱাহাটী

কিছুদিন পূৰ্বে জালুকবাৰীত জব্দ হোৱা ২৬খনকৈ চুপাৰী ভৰ্তি ট্ৰাক আজিও খুলিবলৈ সাহস নকৰিলে মহানগৰ আৰক্ষীয়ে। কেৱল জালুকবাৰীৰ পৰা ISBTলৈ ট্ৰাকসমূহ নি নিজৰ দায়িত্ব সামৰিছে আৰক্ষীয়ে। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চিণ্ডিকেটকলৈ পুণৰ সৰব হৈ পৰিল অখিল গগৈ।

চুপাৰী চিণ্ডিকেটৰ তদন্ত NIAক দিব লাগেঃ অখিল গগৈ
author img

By

Published : Aug 28, 2019, 8:58 PM IST

গুৱাহাটী, 28 আগষ্টঃ চলিত মাহৰ ২২ তাৰিখে জালুকবাৰী আৰক্ষী থানাত চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে দিয়া এজাহাৰ ভিত্তিত আজিলৈ গোচৰ পঞ্জীয়ন নোহোৱা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে । এই চিণ্ডিকেটৰ ধনেৰে উগ্ৰপন্থী সংগঠনক সাৰ পানী যোগোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে । এই সমগ্ৰ তথ্য আৰক্ষীক জমা দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এজাহাৰ দিয়াৰ উপৰিও আৰক্ষী আয়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ। কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰে কাৰো পৰা কোনো সঁহাৰি নাহিল বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে কিয় এই ভয়াৱহ চিণ্ডিকেটক প্ৰশ্ৰয় দিছে বুলি প্ৰশ্ন গগৈৰ। চুপাৰীৰ এই বৃহৎ চিণ্ডিকেটত চৰকাৰ জড়িত থকাৰ অভিযোগ অখিল গগৈৰ। অতিশীঘ্ৰে চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কোন কোন মন্ত্ৰী এই চিণ্ডিকেটৰ লগত জড়িত নাম ৰাজহুৱা কৰাৰ হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে। তাৰোপৰি এই চিণ্ডিকেট সন্দৰ্ভত NIA ক তদন্ত দিবলৈ সংবাদমেলযোগে দাবী জনাই গগৈয়ে। কেৱল ইমানেই নহয় এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টাক এক তথ্য সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বুলিও উল্লেখ কৰে কৃষক নেতা অখিল গগৈয়ে।

চুপাৰী চিণ্ডিকেটৰ তদন্ত NIAক দিব লাগেঃ অখিল গগৈ

ইফালে এন আৰ চিৰ সন্দৰ্ভতো মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। বিজেপিয়ে এন আৰ চিক লৈ অসমত এক সংঘাত হোৱাটো বিচাৰে, এন আৰ চি প্ৰকাশত বাধা দিবৰ বাবে বিজেপি আৰু একাংশ মুছলমান মৌলবাদী সংগঠনে উঠি পৰি লাগিছে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে । আনহাতে একাংশ হিন্দু আৰু মুছলমান মৌলবাদী সংগঠনে চ'ছিয়েল মিডিয়াযোগে বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক নজৰ দিবলৈ দাবী জনাই কৃষক নেতা অখিল গগৈয়ে।

Intro:প্ৰসংগঃ চুপাৰী চিণ্ডিকেট। কিছুদিন পূৰ্বে জালুকবাৰীত জব্দ হোৱা ২৬খনকৈ চুপাৰী ভৰ্তি ট্ৰাক আজিও খুলিবলৈ সাহস নকৰিলে মহানগৰ আৰক্ষীয়ে। কেৱল জালুকবাৰীৰ পৰা ISBTলৈ ট্ৰাকসমূহ নি নিজৰ দায়িত্ব সামৰিছে আৰক্ষীয়ে। বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চিণ্ডিকেটকলৈ পুণৰ সৰব হৈ পৰিল অখিল গগৈয়ে। যোৱা ২২তাৰিখে জালুকবাৰী আৰক্ষী থানাত চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে দিয়া এজাহাৰ ভিত্তিত আজিলৈ গোচৰ পঞ্জীয়ন নোহোৱা কাৰ্যত ক্ষোভ ব্যক্তি কৰে গগৈয়ে। এই চিণ্ডিকেটৰ ধনেৰে উগ্ৰপন্থী সংগঠনক সাৰ পানী যোগোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰে গজৈ। এই সমগ্ৰ তথ্য আৰক্ষীক জমা দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এজাহাৰ দিয়াৰ উপৰিও আৰক্ষী আয়ুক্ত, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰী, কাষ্ট'ম বিভাগ, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও প্ৰেৰণ কৰিছিল স্মাৰক পত্ৰ। কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰে কাৰো পৰায়ে কোনো সঁহাৰি নাহিল বুলি মন্তব্য কৰে কৃষক নেতায়ে।

Body:দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰে কিয় এই ভয়াৱহ চিণ্ডিকেটক প্ৰস্ৰয় দিছে বুলি প্ৰশ্ন গগৈৰ। চুপাৰীৰ এই বৃহৎ চিণ্ডিকেটত চৰকাৰ জড়িত থকাৰ অভিযোগ অখিল গগৈৰ। অতিশীঘ্ৰে চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কোন কোন মন্ত্ৰী এই চিণ্ডিকেটৰ লগত জড়িত নাম ৰাজহুৱা কৰাৰ হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে। তাৰোপৰি এই চিণ্ডিকেট সন্দৰ্ভত NIA তদন্ত দিবলৈ সংবাদমেলযোগে দাবী জনাই গগৈয়ে। কেৱল ইমানেই নহয় এই সমগ্ৰটো সন্দৰ্ভত ভাৰত চৰকাৰৰ বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টাক এক তথ্য সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে বুলিও উল্লেখ কৰে কৃষক নেতা অখিল গগৈয়ে।

Conclusion:ইফালে এন আৰ চিৰ সন্দৰ্ভতো মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। বিজেপিয়ে এন আৰ চিকলৈ অসম এক সংঘাত হোৱাটো বিচাৰে। এন আৰ চি প্ৰকাশত বাধা দিবৰ বাবে বিজেপি আৰু একাংশ মুছলমান মৌলবাদী সংগঠনে উঠি পৰি লাগিছে। একাংশ হিন্দু আৰু মুছলমান মৌলবাদী সংগঠনে চ'ছিয়েল মিডিয়াযোগে বিষবাস্প বিয়পোৱাৰ চেষ্টা চলাই আছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক নজৰ দিবলৈ দাবী জনাই কৃষক নেতা অখিল গগৈয়ে।

HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.