গুৱাহাটী, ৬ আগষ্ট: ৰাজ্যৰ বজাৰত এতিয়া জুই লাগিছে । অত্যাৱশ্যকী খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দহিছে খতিখোৱা সৰ্বসাধাৰণ জনতাক । বস্তুৰ মূল্য শুনি মূৰে কপালে হাত দিব লগা হৈছে জনতাই । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত এতিয়া সম্পূৰ্ণ বিফল শাসকীয় চৰকাৰ তথা যোগান বিভাগ । অত্যাৱশ্যকীয় সমগ্রীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দেওবাৰে এক সংবাদমেলৰ সম্বোধন কৰে ।
মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এই সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, "পূৰ্বে ভাৰতবৰ্ষত জনকল্যাণ নীতি আছিল । কিন্তু এতিয়া বজাৰে সকলো নিৰ্ধাৰণ কৰে । বজাৰত যিমান দাম হ’ব তাৰ ওপৰত ভিত্তি কৰিয়ে বস্তুৰ দাম নিৰ্ধাৰিত হ'ব । গতিকে মূল্যবৃদ্ধিৰ প্ৰধান কাৰণটো হ’ল চৰকাৰৰ নীতি । বৰ্তমান পুঁজিপতিক চৰকাৰে নিয়ন্ত্ৰণ নকৰে । পুঁজিপতিয়ে যি দাম নিৰ্ধাৰণ কৰিব তাৰ ওপৰত চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকিব । যাৰ ফলত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । এনেদৰেই মূল্যবৃদ্ধিৰ বাবে চৰকাৰক দোষাৰোপ অখিল গগৈৰ ।
তেওঁ লগতে কয়, নব্য উদাৰীকৰণৰ নীতি বা ৰাজনীতি অনুসৰি চৰকাৰে বজাৰৰ বস্তুৰ ওপৰত কোনো ধৰণৰ হস্তক্ষেপ নকৰে । চৰকাৰৰ এই নীতি প্ৰৱৰ্তনৰ ফলস্বৰূপে বস্তুৰ সাংঘাতিক ধৰণে মূল্যবৃদ্ধি হৈছে । এতিয়া ৰদৰ দাম দুগুণ বৃদ্ধি পাইছে । ২০০০ চনত এককুইণ্টল ৰদৰ দাম ৪১০০ টকা আছিল । এতিয়া ৮০০০ বৃদ্ধি পালে ।
ঠিক তেনেদৰে এতিয়া টিন, চিমেণ্ট আদিৰো দাম বৃদ্ধি পাইছে । আনহাতে CPI ৰ অনুসৰি ২০১২ চনত বেচ ইয়েৰ বুলি ধৰিলে ইন্ধনজাত সামগ্ৰীৰ দাম ১০ গুণ বৃদ্ধি হৈছে । ২০১২ চনত আছিল ১০০ টকা আছিল আৰু এতিয়া ১০০ টকাৰ পৰা ২৩৯.৮০ টকা বৃদ্ধি পাইছে । ঠিক তেনেদৰে খাদ্যবস্তুত ১০০ টকাৰ পৰা ১৭৪ টকা বৃদ্ধি পাইছে ।
ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে চৰকাৰক কটাক্ষ কৰি কয়, ডিজেল আৰু পে‘ট্ৰলত চৰকাৰে GST নলগায় । কাৰণ চৰকাৰে পে’ট্ৰল আৰু ডিজেলৰ পৰা GSTতকৈ বহুগুণ বেছি কৰ আদায় কৰি আছে । পে’ট্ৰল আৰু ডিজেলত যদি চৰকাৰে GST লগাই তেন্তে ইয়াৰ মূল্য কমি যাব আৰু পে’ট্ৰল আৰু ডিজেলৰ মূল্য কমিলে সকলো বস্তুৰে মূল্য কমি যাব ।
তেওঁ আৰু কয় যে, বৰ্তমান চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিৰে মূল্যবৃদ্ধিৰ প্ৰসংগ তল পেলায় । মূল্যবৃদ্ধিৰ প্ৰসংগ তল পেলাবৰ বাবে জ্ঞানবাপী, মিঞা, ছাদুল্লা আদি বিষয় উলিয়াই দিয়া হৈছে । মূল্যবৃদ্ধিৰ বিষয়টো যেতিয়াই উত্থাপন কৰিব চৰকাৰে সিমানেই ধৰ্মীয় মেৰুকৰণ কৰিবলৈ আৰম্ভ কৰিব । যিমানেই সাম্প্ৰদায়িক ৰাজনীতি বাঢ়িছে সিমানেই মূল্যবৃদ্ধিত জনসাধাৰণৰ জুৰুলা হ'ব লগা হৈছে । চৰকাৰে সুলভ মূল্যৰ দোকান আৰম্ভ কৰিলে বজাৰত মূল্যবৃদ্ধি নিজেই নিজেই কমিব । ইয়াৰোপৰি ভাৰতৰ আৰু অসমৰ অৰ্থনীতিক শ্ৰীলংকাৰ অৰ্থনীতিৰ সৈতে তুলনা অখিল গগৈৰ ।
লগতে পঢ়ক: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী