গুৱাহাটী,26মে': আজি কাহিলিপাৰাস্থিত ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ত পুনৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈৰ লগতে বিতু সোণোৱাল আৰু ধৈৰ্য্য কোঁৱৰক ৷ অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে জানিবলৈ দিয়া মতে,চাবুৱা থানা, ডিব্ৰুগড় থানা আৰু ক্ৰাইম ব্ৰান্সৰ এক গোচৰৰ ভিত্তিত আজি কৃষক নেতা অখিল গগৈৰ কণ্ঠস্বৰ পৰীক্ষা কৰোৱা হয় ৷ ইয়াৰ উপৰি অখিল গগৈৰ বিৰুদ্ধে 1/2020 ধাৰাত যি নতুন গোচৰ ৰুজু কৰা হৈছিল সেই সন্দৰ্ভত 12 জুন তাৰিখে আদালতত হাজিৰ কৰোৱা হ'ব অখিল গগৈক আৰু সেই গোচৰত পুনৰ গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে অখিল গগৈ।ইপিনে ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ত প্ৰশাসনৰ বাধাৰ পিছতো সঞ্চালকালয়তে জয় আই অসম ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে তিনিওজন নেতাই ৷
দিহিং পাটকাই বৰ্ষাৰণ্যক কেতিয়াও ধ্বংস কৰিবলৈ নিদিবলৈ সংবাদমাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক ঐক্যৱদ্ধ হৈ থাকিবলৈ অনুৰোধ জনায় কৃষক নেতা অখিল গগৈয়ে ৷ইয়াৰ উপৰিও অসমবাসী ৰাইজৰ বাবে লিখা এখন পত্ৰত নেতাগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, "অসমৰ কা বিৰোধী আন্দোলনৰ সকলো গোচৰ এতিয়া মোৰ ওপৰত জাপি দিয়া হৈছে। অসম বাসীয়ে সমূহীয়া ভাৱে "কেব আৰু কা" ৰ বিৰোধিতা কৰিলে, জগৰীয়া হ'লো কেৱল মই । মোক বলিৰ পঠা কৰা হৈছে"।
![Akhil Gogoi at the Forensic Science Directorate.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-akhilgogoi-bite-visual-7205569_26052020153457_2605f_1590487497_1079.jpg)
ইয়াৰ লগতে পত্ৰখনিত কৃষক নেতা গৰাকীয়ে অসমৰ বাহিৰত থকা লোক সকলক ৰাজ্য লৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ লগতে অসমৰ কোৱাৰেণ্টাইন চেণ্টাৰ সমূহত নূন্যতম সা সুবিধা যোগান ধৰা আৰু জনতাই দুৰ্ভোগ ভোগা হঠকাৰী কাম কাজ বন্ধ কৰিবলৈ পত্ৰৰ জৰিয়তে দাবী জনায় কৃষক নেতাগৰাকীয়ে৷ পত্ৰখনিত অখিল গগৈয়ে বহুকেইটা দাবী উত্থাপন কৰাৰ লগতে অসমত কেনে অৰ্থনৈতিক আঁচনি বৰ্তমান সময়ত ল'ব লাগে সেই সন্দৰ্ভত পূৰ্ণাংগ বক্তব্য দিবৰ বাবে তেওঁক সংবাদমাধ্যমৰ ব্যৱস্থা কৰি দিব লাগে বুলি পত্ৰৰ জৰিয়তে দাবী জনায় অখিল গগৈয়ে।
![Akhil Gogoi at the Forensic Science Directorate.](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-akhilgogoi-bite-visual-7205569_26052020153457_2605f_1590487497_686.jpg)
লগতে পঢ়কঃহত্যাকাণ্ডক সাম্প্ৰদায়িক ৰূপ দিয়া লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষীঃ ভাস্কৰজ্যোতি মহন্ত