ETV Bharat / state

Constituency Delimitation : হিন্দু বাংলাদেশীৰ ভোটবেংকক আটাইতকৈ বেছি সুৰক্ষিত কৰা হৈছে; অখিল‌ গগৈ - reaction on Constituency Delimitation

অখিল গগৈৰ অভিযোগ, "বিজেপিয়ে কৈছে যে তিনি গগৈ একেলগ হ'লোঁ । ক'ত আমি তিনি গগৈ একেলগ হ'লোঁ । তাত শইকীয়া, হুছেইন, তালুকদাৰ, শৰ্মা কাকো নেদেখিলে বিজেপিয়ে ।"

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Jul 3, 2023, 7:21 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৩ জুলাই : বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়াক সুৰক্ষিত কৰিব বিচাৰিছে বুলি ভুৱা প্ৰচাৰ কৰি আছে । এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত বিধায়ক অখিল গগৈয়ে কয় যে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে উজনি অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ক্ষতি কৰিছে । ইয়াৰ দ্বাৰা আহোম জনগোষ্ঠীৰ ক্ষতি হৈছে । মটকসকলৰ ক্ষতি হৈছে ।

অখিল গগৈৰ অভিযোগ, "বিজেপিয়ে কৈছে যে তিনি গগৈ একেলগ হ'লোঁ । ক'ত আমি তিনি গগৈ একেলগ হ'লোঁ । তাত শইকীয়া, হুছেইন, তালুকদাৰ, শৰ্মা কাকো নেদেখিলে বিজেপিয়ে ।" তেওঁ লগতে কয়, "আমাক ঠেলি-হেঁচি আহোমৰ নেতা বনাবলৈ চেষ্টা কৰা হৈছে । মই অসমৰ সকলোৰে কথা কৈছোঁ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰতিটো জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে । অখিল গগৈয়ে পুনৰ কয়, "মোক গগৈৰ লেবেল লগাই দিয়া হৈছে । যিজনে নিজৰ উপাধি লিখিবলৈ চিন্তা কৰে তেওঁ মোক গগৈৰ লেবেল লগাবলৈ চেষ্টা কৰিছে ।"

অখিল গগৈয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আটাইতকৈ লাভৱান হ'ল বঙালী হিন্দুসকল । হিন্দু বাংলাদেশী ভোটবেংকক আটাইতকৈ বেছি সুৰক্ষিত কৰা হৈছে । আজমল আৰু কৰিমুদ্দিন বৰভূঞাক সুৰক্ষিত কৰিবৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে । অসমত বৰাক উপত্যকাৰ ৬ টা বিধানসভা সমষ্টি হিন্দু বঙালীৰ আছিল । এতিয়া বৰাক উপত্যকাত ৯ টা বিধানসভা সমষ্টি হিন্দু বঙালীক দিবৰ বাবে সুৰক্ষিত কৰা হৈছে । ব্ৰহ্মপুত্ৰ উপত্যকাত দুটা সমষ্টি আছিল হিন্দু বঙালীৰ বাবে, কিন্তু এতিয়া ১৪ টা কৰি দিয়া হ'ল বুলি অখিল গগৈয়ে অভিযোগ কৰে । ব্ৰহ্মপুত্ৰ উপত্যকাত ১৫ টা বিধানসভা সমষ্টি হিন্দু বঙালীক দি‌ দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, মুঠতে ২৪ টা সমষ্টি হিন্দু বঙালীসকলক গতাই দিয়া হ'ল ।

আনহাতে, বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা কোচ ৰাজবংশীসকলৰ বসতিপ্ৰধান ১০ টা পঞ্চায়ত আঁতৰাই দিয়া হ'ল । আদিবাসীসকলৰ গোঁসাইগাও বিধানসভা সমষ্টিত ৪০ শতাংশ হিন্দু বঙালীৰ বাবে সুৰক্ষিত কৰি দিয়া হ'ল । ডিমৰীয়া সমষ্টি অনুসূচিত জনজাতি কৰি হিন্দু বঙালীৰ বাবে সুৰক্ষিত কৰি দিলে বুলিও অখিল গগৈৰ অভিযোগ ।

ইফালে মৰিগাঁও সমষ্টিটো তিৱাসকলৰ বাবে সংৰক্ষণ নকৰাৰো অভিযোগ । খিলঞ্জীয়া অনুসূচিত লোকসকলৰ বাবে কোনো সমষ্টি সংৰক্ষিত কৰা নহ'ল বুলি উল্লেখ কৰি কয় যে অনুসূচিত জনজাতিৰ নামত হিন্দু বঙালীসকলক সুৰক্ষা কৰিবলৈ বিচৰা হৈছে । আনহাতে, উজনিত মটকসকলৰ একমাত্ৰ বিধানসভা সমষ্টি লাহোৱাল সমষ্টিটোকে নাইকিয়া কৰি পেলালে বুলি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক :CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.