ETV Bharat / state

AJYCP protest: মাধ্যম বিতৰ্কক লৈ এইবাৰ প্ৰতিবাদত নামিল AJYCP; মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - AASU opposed english medium in Assam govt schools

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত প্ৰতিবাদ ৷ ৰাজ্যৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীত প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

AJYCP protest
AJYCP protest against Assam Govt in Guwahati
author img

By

Published : Jun 14, 2023, 3:50 PM IST

মাধ্যম বিতৰ্কক লৈ এইবাৰ প্ৰতিবাদত নামিল AJYCP

গুৱাহাটী, ১৪ জুন: চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ কেইদিনমান পূৰ্বে আছুৱে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাচত এইবাৰ প্ৰতিবাদত নামিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ বুধবাৰে সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গুৱাহাটীৰ শিলপুখুৰী উদ্যানৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ ।

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ তীব্ৰ বিৰোধিতাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এনে সিদ্ধান্ত কাৰ্যকৰী হ'লে অসমীয়া ভাষালৈ গভীৰ সংকট নামি আহিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

চৰকাৰৰ এনে সিদ্ধান্ত কোনো কাৰণতে কাৰ্যকৰী কৰিব দিয়া নহ'ব বুলিও প্ৰতিবাদীকাৰী সকলে হুংকাৰ দিয়ে । ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী বিদ্যালয়সমূহক খোদ চৰকাৰখনেই সংকটৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰে AJYCP ৰ নেতা-সদস্যসকলে ।

লগতে পঢ়ক: AASU protest: মাধ্যম বিতৰ্কৰ বিৰুদ্ধে চানমাৰিত আছুৰ বিশাল গণ সত্যাগ্ৰহ

ইয়াৰ লগতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ বছৰ বছৰ ধৰি স্থায়ী প্ৰধান শিক্ষকৰ পৰিৱৰ্তে অস্থায়ী শিক্ষকৰ দ্বাৰা চলি থকা বিষয়টোকো সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকে কয় যে, স্থায়ী প্ৰধান শিক্ষক নোহোৱাৰ বাবে সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টিত বাধা আহি পৰিছে ।

এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত গণিত আৰু বিজ্ঞান বিষয় দুটাৰ ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত বাতিলকৰণ, প্ৰাথমিক বিদ্যালয় সমূহত শীঘ্ৰে স্থায়ী প্রধান শিক্ষক নিযুক্তি দিয়াৰ দাবীৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, ষষ্ঠ শ্ৰেণীৰ পৰা চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আছু, AJYCP ৰ লগতে আন কেইবাটাও সংগঠনে মাতৃভাষা মাধ্যম বিলুপ্ত কৰাৰ বাবে এয়া চৰকাৰৰ ষড়যন্ত্ৰ বুলি অভিযোগ তুলিছে ৷ কোনো কাৰণতে চৰকাৰৰ এই সিদ্ধান্তক মানি লোৱা নহ’ব বুলি সকীয়াই দিছে আছুৱেও ৷ এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অহা 24 জুনত চাইকেল শোভাযাত্ৰা, 27 জুনত গুৱাহাটীত শৈক্ষিক সভা আদি অনুষ্ঠিত কৰিব আছুৱে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.