গুৱাহাটী,22 ডিচেম্বৰ: অৱশেষত মঙলবাৰে স্থায়ী ঠিকনা লাভ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ছাত্ৰ সংগঠনটোৱে চান্দমাৰীত মুকলি কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয় ৷ কেন্দ্ৰীয় কাৰ্যালয় "বিষ্ণুৰাভা ভৱন" মুকলি অনুষ্ঠানত উপস্থিত থাকে সংগঠনটোৰ সম্পাদক পলাশ চাংমাইকে প্ৰমূখ্য কৰি একালৰ জাতীয়তাবাদী শিবিৰৰ নেতা তথা বৰ্তমানৰ অসম যুৱ পৰিষদৰ উপ-সভাপতি অদিপ কুমাৰ ফুকনৰ লগতে দলটোৰ আন আন নেতৃত্ব ৷
মংগলবাৰে সংগঠনটোৰ নতুন কাৰ্যালয়টোত প্ৰৱেশ কৰি সম্পাদক পলাশ চাংমাইয়ে কয় যে, এইয়া আমাৰ দীৰ্ঘদিনীয়া অভাৱ আছিল আৰু আজি সকলোৰে প্ৰচেষ্টাত আমি সফল হলো ৷
আনহাতে অসম জাতীয় পৰিষদত যোগদান সন্দৰ্ভতো মন্তব্য কৰে পলাশ চাংমাইয়ে ৷ আগন্তুক অধিৱেশনত এই সন্দৰ্ভত সিদ্ধান্ত ল’ম ৷ যদি সংগঠনৰ আন আন নেতৃত্বই মোক জাতীয় পৰিষদত যোগদান দিয়াৰ অনুমতি প্ৰদান কৰে তেনেহলে নিশ্চিতভাৱে মই যোগ দিম বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ সমান্তৰালভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, মই কৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বা নবঢ়াম সেইয়া যোগদানৰ অন্ততহে দলে নিৰ্ধাৰণ কৰিব ৷ যদি মই দলত যোগ দিও দলে যি ধৰণেৰে নিৰ্দেশ দিয়ে সেইমতেই হ’ব ৷
লগতে পঢ়কঃ 2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জনসাধাৰণক আঁভূৱা ভৰাৰ বাজেট: ৰিপুণ বৰা