ETV Bharat / state

নিৰ্বাচনত ফেক্টৰ হ’ব অসম জাতীয় পৰিষদ: লুৰিণজ্যোতি গগৈ

author img

By

Published : Apr 12, 2021, 10:50 PM IST

এইবাৰৰ বহাগ অসমৰ জাতীয় জীৱনৰ আশাৰ বহাগ ৷ এইবাৰ অসমত জাতীয় চেতনাৰে পৰিপূৰ্ণ এখন চৰকাৰ পাব বুলি মন্তব্য প্ৰকাশ কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ তদুপৰি দলটোত হৰ্ছ ট্ৰেডিঙৰো ভয় নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

AJP will be become factor in this election
নিৰ্বাচনত অসম জাতীয় পৰিষদ ফেক্টৰ হ’ব: লুৰিণ জ্যোতি গগৈ

গুৱাহাটী,12 এপ্ৰিল: মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত অসম জাতীয় পৰিষদে আয়োজন কৰে নিৰ্বাচনী পৰ্যালোচনা বৈঠক ৷ বৈঠকত উপস্থিত থাকে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আটাইকেইগৰাকী প্ৰাৰ্থী ৷

সোমবাৰৰ বৈঠকত উপস্থিত হৈ দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে,"আজিৰ বৈঠকত ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় ৷ এজেপি মাত্ৰ 3 মহীয়া এটা দল । এইবাৰৰ নিৰ্বাচনত আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব দলে ৷ যুৱ প্ৰজন্মৰ ভোটাৰ জাতীয়তাবাদৰফালে ধাৱমান হৈছে ৷ নীৰৱ ভোটাৰে এইবাৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰিছে ৷ ২ মে’ত ৰাইজে এটা ভাল খবৰ লাভ কৰিব” ৷

আনহাতে, সোমবাৰৰ বৈঠকত দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবাৰ বহাগ অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বহাগ তথা এইবাৰ অসমত জাতীয় চেতনাৰে পৰিপূৰ্ণ এখন চৰকাৰ পাব বুলি মন্তব্য প্ৰকাশ কৰে ৷

তদুপৰি হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতি লুৰিণে এনেদৰে কয়, "আমাৰ দলত হৰ্ছ ট্ৰেডিঙৰ ভয় নাই ৷ এজেপিৰ প্ৰাৰ্থীসকলৰ ওপৰত মোৰ বিশ্বাস আছে ৷ নিৰ্বাচনত আমাৰ দলেই ফেক্টৰ হ’ব ৷ চৰকাৰ গঠনৰ ক্ষেত্ৰত দলে আপোচবিহীন চৰিত্ৰ অক্ষুণ্ণ ৰাখিব ৷ মাত্ৰ ৰাইজে 2 তাৰিখলৈ অপেক্ষা কৰক ৷ আমাৰ বাবে প্ৰথম অসমৰ জনগণ” ৷

লগতে পঢ়ক: আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে ৰকিবুল হুছেইনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.