গুৱাহাটী, ২ জুলাই : চাকৰিৰ ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য নোহোৱা পৰীক্ষা পাতিব খোজা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি শিক্ষাৰ্থীৰ প্ৰকৃত কল্যাণৰ চিন্তা কৰাৰ আহ্বান জনাইছে অসম জাতীয় পৰিষদে(AJP) ৷ শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ, অমৃৎ খাটনীয়াৰ আৰু অভিজিত কমল ভূঞাই চৰকাৰৰ বিকল্প পৰীক্ষা পতাৰ ফৰ্মুলাক অবিবেচক, অদূৰদৰ্শী, বিভ্ৰান্তিকৰ আৰু হতাশাজনক আখ্যা দিয়ে ৷ তেওঁলোকে কয় যে, বিকল্প পৰীক্ষাৰ মাৰ্কশ্বীট ভৱিষ্যতৰ গ্ৰহণযোগ্য নথি হিচাপে ব্যৱহাৰ নহ’ব বোলা টোঘলকী সিদ্ধান্তটো বাদ দিলেও গোটেই ফৰ্মূলাটোৱেই নীতিগতভাৱে এটা ভুল সিদ্ধান্ত ৷ নতুন ফৰ্মূলা মতে পৰীক্ষা পাতিবলৈ গ’লে কেৱল ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়াই নহয়, তেওঁলোকৰ মনত এটা হতাশাজনক মানসিকতাও গঢ় লৈ উঠিব পাৰে ৷
নীতিগত ভুলসমূহ পইণ্ট আকাৰে ব্যাখ্যা কৰি দলৰ প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ(spokes person)জিয়াউৰ ৰহমানে কয়, প্ৰথম কথা, চৰকাৰে কৈছে যে বিকল্প মূল্যায়নৰ বাবে তেখেতসকলৰ হাতত মানে বিদ্যালয়সমূহত এশ শতাংশ নথি মজুত আছে ৷ ইয়াৰ বিপৰীতে তেওঁলোকে কয় যে, চৰকাৰৰ ওচৰত এশ শতাংশ নথি নাই ৷ কাৰণ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা জিলা ভিত্তিক আভ্যন্তৰীণ পৰীক্ষা সমিতি(DLIC) নামৰ এখন কমিটীয়ে পাতে যাৰ অধ্যক্ষৰ দায়িত্বত থাকে এগৰাকী অতিৰিক্ত উপায়ুক্ত(Additional SP) আৰু জিলা অধিবিদ্যা পৰিষদৰ সচিবগৰাকী সাধৰণতে উক্ত সমিতিৰ সম্পাদক হয় ৷
আনহাতে, চৰকাৰী স্কুলৰ পৰীক্ষা যিহেতু এটা চৰকাৰী কৰ্তৃপক্ষৰ তত্বাৱধানত হয় সেয়ে উক্ত পৰীক্ষাৰ নম্বৰ তালিকাৰ এটা চৰকাৰী প্ৰমাণ সাপেক্ষতা থাকে ৷ কিন্তু সমস্যাটো হ’ল, এনে বহুত ব্যক্তিগত খণ্ডৰ বিদ্যালয়(private school) আছে যি ছেবা(SEBA) আৰু কাউন্সিল(Council)ৰ পাঠ্যক্ৰম চলায় যদিও তেওঁলোকে ডিএলআইইচিৰ অধীনত পৰীক্ষা নাপাতে ৷ তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষা পাতে৷ সেয়ে তেনে বিদ্যালয়ৰ পৰীক্ষা বা নম্বৰ তালিকাৰ কোনো চৰকাৰী প্ৰমাণ সাপেক্ষতা নাথাকে ৷
এনে অৱস্থাত চৰকাৰী তত্বাৱধানত হোৱা পৰীক্ষাৰ নম্বৰ আৰু চৰকাৰী নিৰীক্ষণ অৱিহনে হোৱা পৰীক্ষাৰ নম্বৰৰ গ্ৰহণযোগ্যতাৰ মাজত অন্তৰ থাকিব ৷ তেনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত স্বজন তোষণ হোৱাৰ সুৰুঙা থাকি যাব ৷ এনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত নিৰপেক্ষতা বজাই নোহোৱাৰ সম্ভাৱনা অধিক বুলি সমালোচনা কৰে ৰহমানে ৷ দ্বিতীয় সুৰুঙাটো ব্যাখ্যা কৰি ৰহমানে কয় যে , দশম শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ প্ৰাক-চূড়ান্ত পৰীক্ষাৰ তথা দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত দশম আৰু একাদশ শ্ৰেণীৰ নম্বৰ লোৱাৰ কথা কৈছে ৷
কিন্ত বিগত শিক্ষা বৰ্ষত কোভিড পৰিস্থিতিৰ কাৰণে বেছিভাগ ডি এল আই ই চিয়ে পৰীক্ষা পতাই নাছিল ৷ কিছুমান স্কুলে নিজাববীয়াকৈহে পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ এনে অৱস্থাত স্কুলসমূহে কিহৰ ভিত্তিত নৱম আৰু একাদশ শ্ৰেণীৰ নম্বৰ যোগ কৰিব ৷
আনহাতে, দশম শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত ২০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত ১০ শতাংশ নম্বৰ স্কুলৰ ফালৰ পৰা দিয়া ব্যৱস্থাৰ সুৰুঙা আঙুলিয়াই দি ৰহমানে কয় যে, উক্ত নম্বৰ দিয়াৰ ক্ষেত্ৰত চাৰিটা বিষয়ক মাপকাঠি হিচাপে ল’বলৈ চৰকাৰে ব্যৱস্থা কৰিছে ৷ সেয়া হ’ল, গোট পৰীক্ষা, উপস্থিতিতি, সহ পাঠ্যক্ৰম বা অনলাইন শ্ৰেণী(online classes)ৰ যিকোনো এটা বা তাতকৈ অধিক বিষয়ত শিক্ষাৰ্থীয়ে বিগত সময়ত কৰা প্ৰদৰ্শনৰ পৰা বিদ্যালয়ে উক্ত নম্বৰ দিব লাগিব ৷ এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে, বিগত শিক্ষা বর্ষৰ তিনিভাগৰ দুভাগ সময় ক’ভিড পৰিস্থিতিৰ কাৰণে বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ বাবে বেছিভাগ স্কুলে গোট পৰীক্ষা পতাই নাছিল ৷
স্কুল বন্ধ হৈ থকাৰ বাবে শিক্ষৰ্থীৰ উপস্থিতিৰ বিষয়টোও ইয়াত গণ্য নহ’ব ৷ আনহাতে, বেছিভাগ বিদ্যালয়ে সহ-পাঠ্যক্ৰমৰ নথি নাৰাখে ৷ অনলাইন শ্ৰেণীৰ আচল ছবিখন যে বৰ আশাব্যঞ্জক নহয়, সেই কথা দুদিন পূর্বে স্বয়ং ৰাজ্য কেবিনেটে ৰাজ্য জুৰি মোবাইল টাৱাৰ বহুৱাৰ সিদ্ধান্ত লৈ নিজেই প্ৰকট কৰি দিলে ৷ এনে প্ৰেক্ষাপটত কিহৰ ভিত্তিত বিদ্যালয়সমূহে উক্ত দহ বা বিশ শতাংশ নম্বৰ দিব ৷
আনহাতে চৰকাৰী বাধ্যবাধকতাত পৰি নম্বৰ দিবলগা হ’লেও সেয়া ন্যায্য হ’বনে বুলি প্ৰশ্ন কৰে ৰহমানে ৷ চতুৰ্থ বিষয়টো আঙুলিয়াই দি ৰহমানে কয় যে, বিদ্যালয়ে যোগান ধৰা নম্বৰৰ ভিত্তিত যি ফলাফল প্ৰস্তুত কৰা হ’ব তাত সেই বিদ্যালয়ৰ যোৱা বাৰৰ ফলাফলৰ সৈতে দহ শতাংশতকৈ অধিক অন্তৰ থাকিব নোৱাৰিব বুলি চৰকাৰে কৈছে ৷ অৰ্থাৎ যিখন বিদ্যালয়ত যোৱা বছৰ দহজনে প্ৰথম বিভাগ পাইছিল, এইবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা ১১ গৰাকীতকৈ অধিক হ’ব নোৱাৰিব ৷ এইটো এটা অতি অবিবেচক ফৰ্মূলা বুলি উল্লেখ কৰে ৰহমানে ৷
অসম জাতীয় পৰিষদৰ মতে, চৰকাৰে এই কথাটো কেনেকৈ ভাৱিবলৈ পালে যে, পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে শিক্ষাৰ্থীয়ে এবাৰ পৰীক্ষা দিব আৰু চাকৰিৰ বাবে মাৰ্কশ্বীট পোৱাৰ বাবে আকৌ পৰীক্ষা দিব ৷ এই সম্পৰ্কত দলৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, আমাৰ ৰাজ্যত প্ৰায় আটাইখিনি শিক্ষাৰ্থীয়ে শিক্ষা সাং কৰি চাকৰি এটা পোৱাৰ প্ৰত্যাশা কৰে ৷ কিন্তু এতিয়া এবাৰ পৰীক্ষা দি চাকৰিৰ মাৰ্কশ্বীটৰ কাৰণে আকৌ পৰীক্ষা দিবলগা নীতিয়ে একেখিনি শিক্ষাৰ্থীক দুবাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বাধ্য কৰিব ৷ গতিকে এই পৰীক্ষা পদ্ধতি বাতিল কৰি এটা বিকল্পৰ সন্ধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দলটোৱে চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক : APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে