ETV Bharat / state

2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব: লুৰিণ জ্যোতি গগৈ - অসম চুক্তি

হোটেল প্ৰাগ কন্টিনেন্টেলত 'অসম জাতীয় পৰিষদ'ৰ প্ৰথমখন আনুষ্ঠানিক সংবাদমেল অনুষ্ঠিত ৷ সংবাদমেলত দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ তীব্ৰ সমালোচনা বিজেপি দলক ৷ 'অসম জাতীয় পৰিষদ'ৰ চৰকাৰ হ'লে ৰাইজৰ বহু সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি সভাপতিগৰাকীৰ ৷

ajp-press-meet-organised-in-ghy
2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব: লুৰিণ জ্যোতি গগৈ
author img

By

Published : Dec 28, 2020, 9:40 PM IST

Updated : Dec 28, 2020, 10:07 PM IST

গুৱাহাটী, 28 ডিচেম্বৰ : 2020 বৰ্ষ অসমৰ জাতীয় জীৱনৰ বাবে ভয়াৱহ আছিল ৷ অসমৰ কৃষ্টি-সংস্কৃতি তথা শিক্ষাৰ্থী সকলৰ প্ৰতিও অভিশাপ আছিল 2020 বৰ্ষ ৷ এক কথাত নিৰাশাৰ বৰ্ষ 2020 বৰ্ষ ৷ কিন্তু 2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ ৷ সোমবাৰে হোটেল প্ৰাগ কন্টিনেন্টেলত আয়োজন কৰা 'অসম জাতীয় পৰিষদ'ৰ প্ৰথমখন আনুষ্ঠানিক সংবাদমেলত এই মন্তব্য প্ৰদান কৰে সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

সংবাদমেলত লুৰিণ জ্যোতি গগৈয়ে কয় যে, আমি জাতীয় সেৱক হৈ কাম কৰি যাম ৷ প্ৰতিটো জাতি-জনগোষ্ঠী, ভাষা-ভাষী তথা ধৰ্ম নিৰ্বিশেষে উন্নয়নৰ চিন্তা কৰিম ৷ প্ৰতিটো পৰিয়াল যাতে অৰ্থনৈতিক ভাৱে সবল হৈ অসমৰ অৰ্থনীতি শক্তিশালী কৰিব পাৰে তাৰ বাবে চিন্তা কৰিছো ৷ লগতে, নৱ প্ৰজন্মৰ বাবেও বিশেষ চিন্তা চৰ্চা কৰা হৈছে বুলি মন্তব্য প্ৰদান লুৰিণ জ্যোতি গগৈৰ ৷

লগতে পঢ়ক : কাকপথাৰত ধৰ্ষণৰ অভিযোগত অভিযুক্ত ছাত্ৰ নেতা

সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সমালোচনা কৰিলে দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ লুৰিণৰ মন্তব্য অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পুনৰ বাৰ মুখ্যমন্ত্ৰীক কাষত বহুৱাই বীৰ শ্বহীদসকলক অপমান কৰিছে ৷ কনকলতা, মণিৰাম দেৱানক অপমান কৰিছে ৷ তেওঁলোকৰ জাতীয় জীৱনৰ প্ৰতি থকা অৱদানক অপমান কৰিছে ৷

লুৰিণ জ্যোতি গগৈৰ মন্তব্য

আনহাতে, অসম চুক্তি সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি লুৰিণ জ্যোতি গগৈয়ে কয় যে, অমিত শ্বাহে অসমলৈ আহি অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰিলে ৷ আনকি, অমিত শ্বাহৰ সংস্পৰ্শ পাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অসম চুক্তি ৰূপায়ন সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰা বুলি অভিযোগ প্ৰদান কৰে ৷

লগতে পঢ়ক : মুকলিৰ পূৰ্বেই চেঁচা দলঙৰ কৰ্তৃত্বক লৈ টনা আঁজোৰা কংগ্ৰেছ আৰু বিজেপিৰ

ইফালে, বিজেপি চৰকাৰৰ প্ৰতি অভিযোগ প্ৰদান কৰি নেতা গৰাকীয়ে কয় যে, বিজেপিয়ে ধনৰ বিনিময়ত ভোট কিনিছে ৷ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ প্ৰতি বিজেপি চৰকাৰ দায়বদ্ধ নহয় ৷ গতিকে, আগন্তক বিধানসভা নিৰ্বাচনত 'অসম জাতীয় পৰিষদ' দলৰ চৰকাৰ হ'লে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীক প্ৰতি মাহে 5000 টকা আৰু অৰ্থনৈতিভাৱে দুৰ্বল পৰিয়ালক প্ৰতি মাহে 10000 হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেতা গৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতা গৰাকীয়ে কয় যে, কোনো কাৰণতে আমি অসমত 'কা' বলবৎ হ'ব দিব নোৱাৰে ৷ অসমৰ জাতি, মাটি, ভেঁটি সুৰক্ষা কৰিবৰ বাবে আমি বিশেষ ব্যৱস্থা কৰিম ৷ লগতে, বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তব্য প্ৰদান নেতা গৰাকীৰ ৷

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগ

Last Updated : Dec 28, 2020, 10:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.