ETV Bharat / state

AJP Press meet: অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত হিন্দীৰ আগ্ৰাসন আৰম্ভ হৈছে: অজাপ - Asom Jatiya Parishad

আৰ এছ এছ-বিজেপিয়ে তেওঁলোকৰ ‘এক দেশ এক ধৰ্ম এক ভাষা’ নীতিৰ আধাৰতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শ্লোগান দি সমগ্ৰ ভাৰতবৰ্ষতে হিন্দী ভাষা সম্প্ৰসাৰণৰ গোপন এজেণ্ডা চলাই আছে ৷ অসমত অসমীয়া ভাষা ধ্বংস কৰি তাৰ ঠাইত হিন্দীক সৱল কৰাৰ গোপন লক্ষ্য আগত লৈয়ে ভাষা-সংস্কৃতিক দুৰ্বল কৰাৰ পদক্ষেপসমূহ গ্ৰহণ কৰি আহিছে ৷ এই অভিযোগ অসম জাতীয় পৰিষদৰ ৷

ajp press meet in Guwahati
AJP Press meet: অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত হিন্দীৰ আগ্ৰাসন আৰম্ভ হৈছে -অজাপ
author img

By

Published : Oct 23, 2022, 8:16 PM IST

গুৱাহাটী, ২৩ অক্টোবৰ: দেওবাৰে অসম জাতীয় পৰিষদৰ (Asom Jatiya Parishad Press meet) মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে (AJP press meet in Guwahati)৷ নেতাদ্বয়ে সংবাদমেলখনত কয় যে বিভিন্ন কূট-কৌশলেৰে অসমীয়া ভাষা-সংস্কৃতিক দূৰ্বল কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বিজেপি চৰকাৰে তেওঁলোকৰ মাতৃ সংগঠন আৰ এছ এছৰ হিন্দী-হিন্দু-হিন্দুস্তান নীতি ৰূপায়িত কৰাৰ বাবেই এই কাম কৰি আছে ৷ বিজেপি দলৰ নেতাসকলে যি ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শ্লোগান দিয়ে, তাৰ আঁৰত সংঘ পৰিবাৰৰ উল্লিখিত দর্শন লুকাই আছে ৷

AJP Press meet: অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত হিন্দীৰ আগ্ৰাসন আৰম্ভ হৈছে -অজাপ

আৰ এছ এছ-বিজেপিয়ে তেওঁলোকৰ ‘এক দেশ এক ধৰ্ম এক ভাষা’ নীতিৰ আধাৰতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ শ্লোগান দি সমগ্ৰ ভাৰতবৰ্ষতে হিন্দী ভাষা সম্প্ৰসাৰণৰ গোপন এজেণ্ডা চলাই আছে ৷ অসমত অসমীয়া ভাষা ধ্বংস কৰি তাৰ ঠাইত হিন্দীক সৱল কৰাৰ গোপন লক্ষ্য আগত লৈয়ে ভাষা-সংস্কৃতিক দুৰ্বল কৰাৰ পদক্ষেপসমূহ গ্ৰহণ কৰি আহিছে ৷

লগতে নেতাদ্বয়ে কয় যে ২০১৬ চনত বিজেপি অসমত ক্ষমতালৈ অহাৰ পিছতে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত হিন্দীৰ আগ্ৰাসন আৰম্ভ হয় ৷ উক্ত অভিযানৰ অংশ স্বৰূপে প্ৰথমেই বিজেপি চৰকাৰে অসমীয়া ভাষাৰ কিছুমান প্ৰচলিত শব্দ সলনি কৰি তাৰ ঠাইত হিন্দী ভাষাৰ শব্দৰ প্ৰচলন আৰম্ভ কৰে ৷ যেনে ‘গাঁওবুঢ়া’ শব্দৰ ঠাইত ‘গাঁও প্ৰধান’, ‘কৰ্মকৰ্তা’ শব্দৰ ঠাইত ‘কাৰ্যকৰ্তা’ আদি হিন্দী শব্দ ব্যৱহাৰ কৰা তথা ‘লাইখুঁটা’ স্থাপনৰ ঠাইত ‘ভূমি পূজন’ প্ৰথাৰ প্ৰচলন কৰে ৷

তাৰ পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ অসমীয়া ভাষা বিভাগটো উঠাই দিয়ে ৷ তৃতীয় পদক্ষেপ হিচাপে ৰাজ্যৰ বিধানসভা সমষ্টিসমূহত একোখনকৈ ইংৰাজী ভাষাৰ আদৰ্শ বিদ্যালয় স্থাপনৰ জৰিয়তে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ গুৰুত্ব হ্ৰাস কৰে ৷ তাৰ পিছত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে তৃতীয় শ্ৰেণীৰ পৰাই বিজ্ঞান আৰু গণিত বিষয় মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ তথা অসমীয়াত পঢ়ি ডাক্তৰ-ইঞ্জিনীয়াৰ হ’ব নোৱাৰি বুলি মত প্ৰকাশ কৰি অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কাৰ্যক নিৰুৎসাহিত কৰে ৷

তাৰ মাজতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত পূৰ্বৰে পৰা প্ৰচলিত অসমীয়া ভাষাৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য় কেবিনেটে সিদ্ধান্ত লয় ৷ মুঠতে এনেদৰেই এটাৰ পিছত এটাকৈ অতি পৰিকল্পিতভাৱে অসমীয়া ভাষা বিৰোধী পদক্ষেপ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰি আহিছে ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা হিন্দীৰ আগ্ৰাসন বৃদ্ধি পাই সম্প্ৰতি ৰাজ্যখনত হিন্দীয়ে প্ৰধান ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ৷

অসমৰ ডিমা হাছাও জিলাতো এতিয়া হিন্দী যোগাযোগৰ মূল ভাষা হিচাপৰ প্ৰচলিত হ’বলৈ লৈছে ৷ এই কামসমূহ বিজেপি চৰকাৰে অতি সন্তৰ্পনে হৈ থাকিবলৈ দি অসমীয়া ভাষাৰ অপূৰণীয় ক্ষতি কৰি আহিছে ৷

‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ শ্লোগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ এনে অসমীয়া ভাষাবিৰোধী স্থিতি দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে অসমীয়া মানুহৰ দ্বাৰা পৰিচালিত বিজেপি চৰকাৰৰ নেতাসকলে যদি এতিয়াই ভাষা বিৰোধী দিল্লীৱালা ষড়যন্ত্ৰৰ সৈতে সহযোগিতা কৰি গৈ থাকে, তেনেহ’লে ইতিহাসে এদিন তেওঁলোকক জাতিদ্ৰোহী হিচাপে চিনাক্ত কৰিব ৷

আনহাতে, ৰাজ্য কেবিনেটৰ অংশীদাৰ অসম গণ পৰিষদ দলক সমালোচনা কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে বিজেপি চৰকাৰে ৰাজ্য কেবিনেটত অসমীয়া ভাষা বিৰোধী সিদ্ধান্তসমূহ লৈ থাকোঁতে সেই কেবিনেটতে বহি থকা অসম গণ পৰিষদ দলৰ দুগৰাকীকৈ নেতা অতুল বৰা আৰু কেশৱ মহন্তৰ হৃদয় বিগলিত নোহোৱাটো দুৰ্ভাগ্যজনক ৷

লগতে পঢ়ক: Pradyut Bordoloi appreciates Rupak Sarmah: একেখন মঞ্চত প্ৰদ্যুৎ বৰদলৈ-ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.