ETV Bharat / state

দেহত যদি অসমীয়াৰ স্বাভিমান আছে, তেন্তে শীঘ্ৰে দুষ্কৃতিকাৰীক শাস্তি দিয়ক মুখ্যমন্ত্ৰীয়ে : জগদীশ ভূঞা

author img

By

Published : Oct 18, 2021, 10:44 PM IST

Updated : Oct 19, 2021, 7:27 AM IST

শিলচৰৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল ৷ সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷

AJP PRESS MEET
শিলচৰৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল

গুৱাহাটী, 18 অক্টোবৰ : শিলচৰৰ ঘটনাক গৰ্হিত আখ্যা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ । সোমবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, অসমীয়া ভাষাৰ বিৰুদ্ধে চলা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ দি যাব অসম জাতীয় পৰিষদে ।

অসম জাতীয় পৰিষদৰ প্ৰশ্ন, অসমৰ মাটিত অসমীয়া লিখিব; কিয় বাংলা লিখুন বুলি মন্তব্য কৰিব । এই ঘটনাক নিন্দনীয় আখ্যা AJP ৰ । শিলচৰৰ ঘটনা ‘কা' আইনৰ প্ৰতিফলন । অসমৰ মাটিত খিলঞ্জীয়াৰ ভাষা সুৰক্ষিত হৈ থাকিব লাগিব । অসমৰ মাটিত অসমীয়াৰ স্বাভিমান, মৰ্যাদা কোনো দিন হানি হ'বলৈ দিয়া নহ'ব ।

বৰাক উপত্যকা অসমৰ ভূমি ৷ গতিকে বৰাকতো অসমীয়া ভাষাৰ স্বাভিমানে মূৰ দাঙি থাকিব লাগিব । যি সকল দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিছে ৷ অতি শীঘ্ৰে সেই সকলক উচিত শাস্তি প্ৰদানৰ দাবী AJP ৰ ।

লগতে পঢ়ক : চৰকাৰৰ বিশেষ ভাষা প্ৰীতিয়েই অশনি সংকেত আনিছে নেকি অসমীয়া ভাষালৈ ?

হিমন্ত বিশ্ব শৰ্মাৰ দেহত যদি অসমীয়াৰ স্বাভিমান আছে, তেন্তে অতি শীঘ্ৰে এই সকল দুষ্কৃতিকাৰীক শাস্তি দিয়াৰ ব্যৱস্থা কৰক । আমাৰ ঘৰখনলৈ আহি যদি আমাৰ স্বকীয়াতাত কোনোবাই পদাঘাত কৰিব, তাক অসম জাতীয় পৰিষদে কেতিয়াও সহ্য নকৰে । সংবাদমেলত এই বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷

বিজেপি চৰকাৰক ইয়াৰ বিৰুদ্ধে তাৎক্ষনিক ব্যৱস্থা গ্ৰহণৰ লগতে ঘটনাৰ লগত জড়িত সকলো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী আসম জাতীয় পৰিষদৰ । অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকল হিন্দু নে মুছলমান সেইটো বিচাৰ্যৰ বিষয় নহয়, দুষ্কৃতিকাৰীৰ কোনো ধৰ্ম নাথাকে । গতিকে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ।

ৰাজ্যভাষা আইনৰ অধীনত অসমৰ চাৰিসীমাত অসমীয়া ভাষা সুৰক্ষিত কৰাৰ অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে । এই বুলি কৈ সংবাদমেলত গৰজি উঠিল অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকী ৷

লগতে পঢ়ক : কেৱল কৰ, কৰ আৰু কৰ...বেঁকা হৈছে ৰাইজৰ কঁকাল

Last Updated : Oct 19, 2021, 7:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.