ETV Bharat / state

পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

পাম গছৰ খেতিৰ বিৰুদ্ধে সৰৱ এজেপি । এইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ চকু পৰিছে অসমৰ উৰ্বৰ কৃষিভূমিত । চৰকাৰে অসমৰ বিশাল ভূ-খণ্ড ৰামদেৱ আৰু আদানিক পাম অইলৰ খেতিৰ বাবে দিব বিচাৰিছে । অসমৰ পৰিৱেশ আৰু কৃষিভূমি ধ্বংস কৰাৰ বাবে পাম খেতিৰ পৃষ্ঠপোষকতা কৰিছে মোডী চৰকাৰে ।

AJP press conference
পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব
author img

By

Published : Oct 7, 2021, 5:16 PM IST

গুৱাহাটী, ৭ অক্টোবৰ : মাটিৰ উৰ্বৰতা বিনষ্ট কৰা পাম গছৰ খেতি অসমত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । কেন্দ্ৰীয় কৃষিমন্ত্রী নৰেন্দ্ৰ সিং টোমৰে গুৱাহাটীত হোৱা এখন বাণিজ্য সন্মিলনত অসমসহ উত্তৰ-পূৰ্বাঞ্চলত 'ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন-অইল পাম' অভিযানৰ যোগেদি ৯ লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ কথা ঘোষণা কৰিছিল ।

এই ঘোষণাক লৈ জাঙুৰ খাই উঠিছে এজেপি । বৃহস্পতিবাৰে এজেপিৰ গুৱাহাটীস্থ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ কাৰ্যনিৰ্বাহক সদস্য তথা মিডিয়া পেনেলিষ্ট অভিজিত কমল ভূঞাই পাম খেতিৰ তীব্ৰ বিৰোধিতা কৰে । তেওঁ কয়, এইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ চকু পৰিছে অসমৰ উৰ্বৰ কৃষিভূমিত ।

চৰকাৰে অসমৰ বিশাল ভূ-খণ্ড ৰামদেৱ আৰু আদানিক পাম অইলৰ খেতিৰ বাবে দিব বিচাৰিছে । পাম গছৰ খেতিয়ে পৰিৱেশ বিনষ্ট কৰাৰ লগতে মাটিৰ উৰ্বৰতা নাইকিয়া কৰে । যাৰ বাবেই পূৰ্বতে আন্দামানত পাম খেতি কৰিব বিচৰা হৈছিল যদিও পৰিৱেশ বিনষ্ট কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে এইক্ষেত্রত বাধা আৰোপ কৰিছিল ।

লগতে পঢ়ক : তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

এতিয়া পুনৰ মোডী চৰকাৰে অসমৰ পৰিৱেশ আৰু কৃষিভূমি ধ্বংস কৰাৰ বাবে পাম খেতিৰ পৃষ্ঠপোষকতা কৰিছে । তেওঁ লগতে কয়, মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত পাম খেতিৰ বাবে বৃহৎ বনাঞ্চল ধ্বংস হৈছে । পাম খেতিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন হয় আৰু ইয়াৰ প্ৰভাৱ পৰে বনাঞ্চলত । মোডী চৰকাৰে পাম খেতি কৰিবলৈ দি ৰামদেৱৰ ৰুচি চয়া আৰু আদানিক ধনী কৰিব বিচাৰিছে ।

পাম খেতিৰ প্ৰভাৱ সন্দৰ্ভত বিশেষজ্ঞৰ এখন কমিটি গঠন কৰি তেওঁলোকে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনাই অভিজিত কমল ভূঞাই ৷ পাম অইলৰ খেতিয়ে পৰিৱেশ বিনষ্ট কৰিব নে নাই সেই কথা বিশেষজ্ঞ কমিটীৰ দ্বাৰা চৰকাৰে ৰাজহুৱা কৰক । যদি কোনো বেয়া প্ৰভাৱ নপৰে তেন্তে অসমৰ থলুৱা লোকক খেতি কৰাৰ সুবিধা দিয়ক । যদি বেয়া দিশ নাই তেন্তে অসমৰ মানুহে কৰিব । ৰামদেৱ নাইবা আদানিয়ে কিয় ইয়াত পাম খেতি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে অভিজিত কমল ভূঞাই ৷

তেওঁ কয় যে, কোনো কাৰণতে অসমৰ খেতি মাটিৰ উৰ্বৰতা নাইকিয়া কৰিবলৈ দিয়া নহ'ব । প্ৰয়োজন হ'লে ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যোৱা হ'ব বুলি সংবাদমেলৰ জৰিয়তে অভিজিত কমল ভূঞাই স্পষ্ট কৰি দিয়ে । সংবাদমেলত এজেপিৰ মুখপাত্র জিয়াউৰ ৰহমান উপস্থিত আছিল ।

লগতে পঢ়ক: থাওৰাত মনোনয়ন দাখিলৰ বাবে সাজু ধৈৰ্য্য কোঁৱৰ আৰু কৃষ্ণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.