ETV Bharat / state

Delimitation Exercise in Assam: নিৰ্বাচন আয়োগৰ সিদ্ধান্তক অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা লুৰীণজ্যোতি গগৈৰ - অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ

নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ নিৰ্বাচন আয়োগৰ সিদ্ধান্তক অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা দিয়ে লুৰিণজ্যোতি গগৈয়ে ৷

Lurinjyoti Gogoi Reacts on Delimitation Process
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰীণজ্যোতি গগৈৰ
author img

By

Published : Jun 21, 2023, 1:23 PM IST

Updated : Jun 21, 2023, 2:27 PM IST

নিৰ্বাচন আয়োগৰ সিদ্ধান্তক ষড়যন্ত্ৰমূলক আখ্যা লুৰীণজ্যোতি গগৈৰ

গুৱাহাটী, 21 জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে নিৰ্দেশনামা ৷ নিৰ্দেশনামা অনুসৰি লোকসভা আৰু বিধানসভাত সমষ্টিৰ সংখ্যা একেই ৰখা হৈছে যদিও চাৰিসীমাৰ ব্যাপক পৰিবৰ্তন কৰা হৈছে ৷ জুলাইত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি ৷ যাৰ বাবে জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷

নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ নিজৰ প্ৰতিক্ৰিয়াত লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা দিয়ে ৷ বৰ্ত্তমান সময়ত 2001 চনৰ জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক ভৱিষ্যত নিঃশেষ তথা ধ্বংস কৰিব ৷ এই কথা এজেপিয়ে পূৰ্বৰে পৰা কৈ আহিছিল বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে বিৰোধী ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰখাৰ বাবে নিৰ্বাচন আয়োগক কৈছিল ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে ৷

লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগটো আহোতে বৰ্ত্তমান শাসনত থকা বিজেপি দলেও এন আৰ চিৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছিল ৷ সেইসময়ত আনকি শাসনত থকা কংগ্ৰেছ দলেও বিৰোধীৰ হেঁচাত ইয়াক মানিবলৈ বাধ্য হৈছিল ৷ তেওঁ কয় যে বৰ্ত্তমান সময়তো পৰিস্থিতি সলনি হোৱা নাই, বিদেশী সমস্যাৰ সমাধান হোৱা নাই ৷ এন আৰ চি হোৱা নাই ৷ গতিকে বৰ্ত্তমান সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কোনো যুক্তি নাই ৷ 2026 চনত সমগ্ৰ দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু সেই সময়ত একেলগে এই প্ৰক্ৰিয়া কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷

তেওঁ লগতে কয় যে অসম চুক্তিৰ 6নং দফা অনুসৰি অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে পালন কৰা নাই ৷ তাৰ বিপৰীতে ততাতৈয়াকৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ যোগেদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব বিচাৰিছে ৷ এই গোটেই বিষয়টো ষড়যন্ত্ৰমূলক বুলি তেওঁ কয় ৷

আনহাতে নিৰ্বাচন আয়োগে বিজেপিৰ মতে বিজেপিৰ ভোটবেংক ৰক্ষা কৰাৰ ষড়যন্ত্ৰকে তুষ্টিকৰণৰ কৰিছে বুলি তেওঁ অভিযোগ কৰে। এজেপিয়ে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচন আয়োগৰ শুনানিত সকলো বিৰোধী ৰাজনৈতিক দলে এন আৰ চি নোহাৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নালাগে বুলি সজোৰে দাবী জনাব ৷ তেওঁ লগতে কয় যে বিজেপিয়ে নিজৰ ভোটবেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে ৷ ইয়াত খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কোনো চিন্তা নাই বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Delimitation Exercise in Assam: বিজেপিৰ একাংশৰ পাখি কটাৰ উদ্দেশ্যে প্ৰস্তুত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা; ৰকিবুল হুছেইন

Last Updated : Jun 21, 2023, 2:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.