ETV Bharat / state

AJP Criticizes Assam CM : শিক্ষক-শিল্পী সমাজৰ মনোবল ভঙাৰ লক্ষ্যেৰে পদে পদে অপমান কৰি আহিছে মুখ্যমন্ত্ৰীয়ে: অজাপ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:04 PM IST

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ এজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া। বিজেপি আৰু আৰএছএছৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় নীতি ৰূপায়ণৰ ষড়যন্ত্ৰৰ সেনাপতি ড৹ হিমন্ত বিশ্ব শৰ্মা। জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা কৰা শিক্ষক আৰু শিল্পী সমাজক কৰা অপমানৰ বাবে চৌদিশে নিন্দিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য এজেপি নেতৃত্বৰ ৷

AJP Cricizes Assam CM
মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য এজেপি নেতৃত্বৰ

গুৱাহাটী, ১৮ অক্টোবৰ : "ৰাজ্যৰ শিক্ষক আৰু শিল্পী সমাজক হিতাধিকাৰী আখ্যা দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনলৈ আন এক বেয়া পৰম্পৰা নমাই আনিলে ৷ জাতিৰ মেৰুদণ্ড গঢ়াৰ অন্যতম প্ৰধান খনিকৰ শিক্ষক আৰু শিল্পী সমাজক ৰাজহুৱাকৈ অপমান কৰি মুখ্যমন্ত্ৰীয়ে এই দুয়োটা বৃত্তিধাৰী লোকসকলৰ মনোবল ভাঙি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷" এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ ৷

এজেপিৰ অভিযোগ যে বিজেপিৰ কেন্দ্ৰীভূত নীতিৰ অংশ স্বৰূপে অসমীয়া জাতীয় সত্বাক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ মূল সেনাপতিৰ ভূমিকাত অৱতীৰ্ণ হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি কৌশলেৰে জাতিৰ মনোবল ভাঙিব পৰা কাম আৰম্ভণিৰে পৰা কৰি আহিছে ৷ ৰাজ্যৰ শিক্ষা খণ্ডক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ এটা এটাকৈ সফল কৰি এইবাৰ জাতিৰ মেৰুদণ্ড গঢ়াৰ খনিকৰ শিক্ষক আৰু শিল্পী সমাজক অপমানেৰে তেওঁলোকৰ মনোবল ভঙাৰ দৰে গৰ্হিত কাৰ্যত লিপ্ত হোৱাটো উক্ত ৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰে অংশবিশেষ বুলি এজেপিয়ে অভিহিত কৰে ৷

উল্লেখ্য যে অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষকসকল হিতাধিকাৰী আখ্যা দিছিল ৷ আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও মুখ্যমন্ত্ৰীক সমৰ্থন কৰি শিক্ষকসকলক যিহেতু চৰকাৰে দৰমহা দিয়ে, সেয়ে শিক্ষকসকল চৰকাৰৰ হিতাধিকাৰী বুলি যুক্তি দিছিল ৷ এই বিষয়ক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ শিল্পী সমাজকো হিতাধিকাৰী আখ্যা দিছিল মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্রীৰ এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেপিয়ে ৷

বুধবাৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে একো নকৰাকৈ যিসকলে চৰকাৰী অনুগ্ৰহ লাভ কৰে সেইসকল হিতাধিকাৰী ৷ কিন্তু যিসকলে যোগ্যতাৰ বলত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰি শ্ৰমৰ বিনিময়ত দৰমহা পায়, তেওঁলোক হিতাধিকাৰী হ'বই নোৱাৰে ৷ আনহাতে চৰকাৰী সুযোগ-সুবিধা অবিহনেই ৰাজ্যৰ শিল্পী সমাজে ভাষা-সংস্কৃতিৰ চৰ্চা কৰি জাতিটোৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে ৷ চৰকাৰী অনুগ্ৰহ আশা নকৰাকৈয়ে শিল্পীসকলে কেৱল ৰাইজৰ মৰমকে ভৰসা কৰি অসমীয়া ভাষা-সংস্কৃতিৰ বৰঘৰ শক্তিশালী কৰি ৰাখিছে ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথাটো নজনা নিশ্চয় নহয় ৷ তাৰ পিছতো তেওঁ শিক্ষক আৰু শিল্পী সমাজৰ প্ৰতি এনে অপমানসূচক মন্তব্য প্ৰকাশ কৰাৰ কাৰণ হ'ল, শিক্ষক আৰু শিল্পী সমাজেই যিহেতু ভাষা আৰু সংস্কৃতিৰ সাধনা কৰি জাতিটোক জীপাল কৰি ৰাখিছে, সেয়ে শিক্ষক আৰু শিল্পী সমাজৰ মনোবল অটুট থাকে মানে ভাষা-সংস্কৃতিৰ কৰ্ষণ অব্যাহত থাকিব আৰু তেনেদৰে জাতি শক্তিশালী হৈ থাকিব বুলি কয় অজাপৰ নেতা দুজনে ৷

কিন্তু শিক্ষক আৰু শিল্পী সমাজৰ মনোবল ভাঙি দিব পাৰিলেই বিজেপি-আৰএছএছৰ 'এক দেশ এক ভাষা এক জাতি' নীতি অসমত ফলৱৰ্তী কৰিব পৰাটো সহজ হৈ পৰিব ৷ এই নীতিৰ অংশস্বৰূপেই শিক্ষক আৰু শিল্পী সমাজৰ মনোবল ভঙাৰ উদ্দেশ্যেই মুখ্যমন্ত্ৰী তথা অন্য চৰকাৰী বৰমূৰীয়াসকলে এনেদৰে শিক্ষক আৰু শিল্পী সমাজক হিতাধিকাৰীৰে তুলনা কৰি অপমান কৰিছে বুলি এজেপিৰ নেতাদ্বয়ে মতপ্ৰকাশ কৰে ৷ নেতাদ্বয়ে লগতে কয় যে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা কৰা শিক্ষক আৰু শিল্পী সমাজক কৰা এনে অপমানৰ বাবে চৌদিশে নিন্দিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ক্ষমা নোখোজাটো দুৰ্ভাগ্যজনক ৷ ইয়াৰ পৰাই মুখ্যমন্ত্ৰীৰ আচল উদ্দেশ্যৰ কথা সহজেই বুজিব পাৰি ৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও বিভিন্ন উপলক্ষ্যত শিক্ষক আৰু শিল্পী সমাজক অপমান কৰি অহাৰ প্ৰসংগ দোহাৰি তেওঁলোকে কয় যে যি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমাজ গঢ়াৰ খনিকৰ শিক্ষকসকলক পদে পদে অপমান কৰে আৰু ভাষা-সংস্কৃতিৰ সাধক শিল্পী সমাজৰ অৱদানৰ মূল্য দিব নাজানে, সেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনক ক্ষমতাৰ পৰা উৎখাত কৰাটো সময়ৰ আহ্বান ৷

লগতে পঢ়ক : Court notice to Assam CM: ১৮ নৱেম্বৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.