ETV Bharat / state

Lok Sabha Election 2024: কংগ্ৰেছক শলঠেকত পেলাবলৈ কৌশল ৰচনা বদৰুদ্দিন আজমলৰ - Sherman Ali Ahmed

কংগ্ৰেছৰ দখলত থকা বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত শক্তিশালী প্ৰাৰ্থী দিব এ আই ইউ ডি এফে । চাৰিখন আসন লাভৰ লক্ষ্য বদৰুদ্দিন আজমলৰ । কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ বৰপেটা লোক সভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক । সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে ধিঙৰ বিধায়ক আমিনুল ইছলাম । মিত্ৰতা নহ’লে লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে কংগ্ৰেছৰ সন্মুখত সৃষ্টি কৰিব তীব্ৰ প্ৰত্যাহ্বানৰ ।

Lok Sabha Election 2024
কংগ্ৰেছক শলঠেকত পেলাবলৈ কৌশল ৰচনা বদৰুদ্দিন আজমলৰ
author img

By

Published : Oct 28, 2022, 7:21 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ : সংঘাতে চূড়ান্ত পৰ্যায় পালেও কিন্তু নিৰ্বাচনৰ পূৰ্বে মিলন হয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ (Congress AIUDF alliance)। অৱশ্যে এইবাৰ পৰিস্থিতি কিছু পৃথক পৰিলক্ষিত হৈছে । এইবাৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ তিক্ততাপূর্ণ সম্পৰ্কই ২০২৪ৰ লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) ৰাজ্যৰ সংখ্যালঘু ৰাজনীতিত সম্পূৰ্ণ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে ।

ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই ভৱিষ্যতে এ আই ইউ ডি এফৰ সৈতে কোনো কাৰণতেই মিত্ৰতা নকৰাৰ দৃঢ় সিদ্ধান্ত লৈছে । ইয়াৰ পাছত এতিয়া হাত সাবটি বহি থাকিব খোজা নাই বদৰুদ্দিন আজমল(Badruddin Ajmal) নেতৃত্বাধীন দলটো । বৰ্তমান কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টি ক্ৰমে বৰপেটা, কলিয়াবৰ আৰু নগাঁৱত সংখ্যালঘু ভোটাৰৰ আধিপত্য আছে ।

এই তিনিটা সমষ্টিৰ উপৰি মঙলদৈত কংগ্ৰেছৰ সংখ্যালঘু ভোট বেংকত আঘাত হানিবলৈ ব্লু প্ৰিণ্ট ৰচনা কৰিছে এ আই ইউ ডি এফে । আনকি উক্ত চাৰিটা সমষ্টিৰ বাবে বদৰুদ্দিন আজমলে যোগ্য প্ৰাৰ্থীৰো সন্ধান কৰিছে । ইতিমধ্যে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ(Sherman Ali Ahmed) এ আই ইউ ডি এফত যোগদান নিশ্চিত হৈ পৰিছে ।

জানিব পৰা মতে শ্বেৰমান আলী আহমেদ বৰপেটা লোক সভা সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা অধিক । উল্লেখ্য যে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সৈতে শ্বেৰমান আলী আহমেদৰ সম্পৰ্ক অত্যন্ত তিক্ততাপূৰ্ণ । দুয়োজনৰ সংঘাত কংগ্ৰেছৰ অভ্যন্তৰত নতুন নহয় ।

সংখ্যালঘু ভোটাৰৰ আধিপত্যৰ বাবেই ২০১৯ত আব্দুল খালেক বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হৈছে । কিন্তু এইবাৰ আব্দুল খালেকক প্ৰতিৰোধ কৰিবলৈ শ্বেৰমান আলী আহমেদে এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে বৰপেটাত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিছে ।

আনহাতে গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰতো চকু দিছে এ আই ইউ ডি এফে । সংখ্যালঘু ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা কলিয়াবৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হ’ব পাৰে বিধায়ক আমিনুল ইছলাম । ধিং সমষ্টিৰ তিনিবাৰৰ বিধায়ক আমিনুল ইছলাম বদৰুদ্দিন আজমলৰ অতি প্ৰিয়পাত্ৰ ।

সেইদৰে দলটোৱে নগাঁও আৰু মঙলদৈৰ বাবেও এতিয়াৰ পৰাই প্ৰাৰ্থীৰ সন্ধান কৰিছে । যিকোনো কাৰণত ২০২৪লৈ কংগ্ৰেছৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ মিত্ৰতা নহ’লে এ আই ইউ ডি এফে কংগ্ৰেছৰ সন্মুখত সৃষ্টি কৰিব তীব্ৰ প্ৰত্যাহ্বানৰ । সেই কথা নিশ্চিত আৰু ইয়াৰ দ্বাৰা লাভবান হ'ব বিজেপি ।

উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ গোপন বুজাবুজি হৈছিল । পৰৱৰ্তী সময়ত ২০২১ৰ বিধানসভা নিৰ্বাচনত দল দুটাৰ মাজত মুকলি মিত্ৰতা হোৱাত আসন বুজাবুজিৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু কংগ্ৰেছে মহাজোঁটবন্ধন ভংগ কৰাৰ পাছত দল দুটাৰ মাজত দূৰত্ব বাঢ়িল ।

বিগত ৰাজ্যসভা নিৰ্বাচনত সেয়া অধিক স্পষ্ট হয় । প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি নেতৃত্বই বাৰম্বাৰ স্পষ্ট কৰি দিছে কোনো কাৰণতে কংগ্ৰেছে আগন্তুক দিনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰে । আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেওঁ সভাপতি থকালৈকে এ আই ইউ ডি এফৰে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে ।

যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰত্যুত্তৰ নিৰ্বাচনী যুঁজত নিজৰ অস্তিত্ব প্ৰতিপন্নৰে দিবলৈ এ আই ইউ ডি এফে বিশেষ ৰণকৌশল গ্ৰহণ কৰিছে । সংখ্যালঘু ভোটৰ বিভাজন মানে কংগ্ৰেছৰ সন্মুখত যে প্ৰত্যাহ্বান সেয়া প্ৰতিপন্ন কৰিবলৈ আজমল নেতৃত্বাধীন দলটো কূট-কৌশলত ব্যস্ত হৈ পৰিছে ।

ইতিমধ্যে সাংসদ বদৰুদ্দিন আজমলে কলিয়াবৰ, নগাঁও আৰু বৰপেটাত প্ৰাৰ্থী দিয়াৰ কথা স্পষ্ট কৰি দিছে । এ আই ইউ ডি এফে চাৰিটা সমষ্টিত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি আজমলে সদৰী কৰিছে । অৱশ্যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নিজা নিজা সমীকৰণ নিৰ্বাচনৰ প্ৰাকঃমূহুৰ্তত সলনি যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই । কাৰণ বিজেপিক প্ৰতিৰোধ কৰাৰ নাম লৈ দুয়োটা দলেই সলনি কৰিব পাৰে সমীকৰণ ।

লগতে পঢ়ক : Case filed against Satradhikar Janardan: আৰ এছ এছৰ সমৰ্থনপুষ্ট জনাৰ্দন দেৱ গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.