ETV Bharat / state

AIUDF ৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া - এ আই ইউ ডি এফ দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এ আই ইউ ডি এফ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ আমিনুল ইছলামে ৷

aiudf spokes person reaction on aminul islam
এ আই ইউ ডি এফ দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 7, 2020, 9:01 PM IST

গুৱাহাটী, ৭ এপ্ৰিলঃ এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ আমিনুল ইছলামে ৷ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে," আমাৰ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে, এই কথা আমি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে অৱগত হৈছো ৷ ইতিমধ্যে আমি জানিব পাৰিছো নগাঁৱত পি এচ কেচ নম্বৰ ৮৭৭/২০২০ গোচৰ ৰুজু হৈছে ৷ এনেকুৱা এটা ঘটনাত আমাৰ ক'বলগীয়া কথা এটাই যে বিধায়ক আমিনুল ইছলামৰ যি বক্তব্য তেখেতৰ যি আশংকা সেইটো তেখেতৰ একমাত্ৰ ব্যক্তিগত শংকা আৰু তেওঁৰ এই শংকাৰ লগত আমাৰ দলৰ কোনো সম্পৰ্ক নাই, ই কোনো আমাৰ দলীয় বক্তব্য নহয় ৷ দেশ এতিয়া সংকটময় অৱস্থাত আছে ৷ এই মূহুৰ্ত্তত গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ প্ৰয়োজন হৈছে ৷ তেনেকুৱা এটা সময়ত এনেধৰণৰ এটা বক্তব্য দিয়া উচিত নাছিল ৷ গতিকে বিষয়টো এটা আইনগত বিষয় আইনে আইনৰ ৰাস্তা ল'ব ৷ আমাৰ আইনৰ প্ৰতি আস্থা আছে ৷"

এ আই ইউ ডি এফ দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

লগতে কয়, " ইয়াৰ পূৰ্বেও বহুতো বিধায়ক, সাংসদ মন্ত্ৰীয়েও এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ অভিযোগ থকা বক্তব্য দিছিল, তেখেত সকলৰ প্ৰতি কোনো আইনগত ব্যৱস্থা লোৱা হোৱা নাই ৷ আমি আশা কৰো তেখেত সকলকো আইনৰ আওতালৈ আনিব লাগে আৰু আইন সকলোৰে বাবে সমান হোৱা উচিত । "

লগতে পঢ়কঃআমিনুল ইছলামক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগেঃ বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.