ETV Bharat / state

AIUDF PC regarding child marriage: আইন-আদালত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে মুখ্যমন্ত্রীয়ে: এ আই ইউ ডি এফ - মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টি

বাল্যবিবাহৰ বিৰুদ্ধে চলা অভিযানক লৈ তীব্ৰ অসন্তুষ্টি এআইইউডিএফৰ । অসম চৰকাৰে ৰুলছ প্ৰস্তুত নকৰাকৈ হঠাতে বাল্যবিবাহৰ বিৰুদ্ধে অভিয‍ান আৰম্ভ কৰাৰ অভিযোগ এআইইউডিএফৰ । চমক সৃষ্টিৰ নামত অসমক অস্থিৰ নকৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনায় দলটোৱে(AIUDF PC regarding child marriage) ।

AIUDF Reaction on Operation against child marriage in Assam
গুৱাহাটীত এআইইউডিএফৰ সংবাদমেল
author img

By

Published : Feb 4, 2023, 7:59 PM IST

গুৱাহাটীত এআইইউডিএফৰ সংবাদমেল

গুৱাহাটী,৪ ফেব্ৰুৱাৰী: বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা চৰকাৰী অভিযানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফ দলে(Operation against child marriage in Assam) । শনিবাৰে দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ নেতৃত্বই ৰাজ্যৰ বৰ্তমান পৰিস্থিতিকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে । সংবাদমেলত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক ‍আমিনুল ইছলামে কয় যে এ আই ইউ ডি এফ দলে বাল্যবিবাহৰ বিৰোধিতা কৰে আৰু বাল্যবিবাহ বন্ধ হোৱাটো বিচাৰে । ই এক সামাজিক ব্যাধি ।

বাল্যবিবাহৰ বিৰুদ্ধে নতুনকৈ আইন অহা নাই বুলি সদৰী কৰি তেওঁ কয় যে ১৯২৯ চনতে বাল্যবিবাহৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হৈছিল আৰু ১৯৭৮ চনত সংশোধন কৰা হৈছিল(AIUDF PC regarding child marriage) । ইয়াৰ পিছত ২০০৬ চনত কেন্দ্ৰীয় চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে আন এক আইন প্ৰযোজ্য কৰে । কেন্দ্ৰীয় চৰকাৰৰ এই আইন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে ৰুলছ প্ৰস্তুত কৰিব লাগে । কিন্তু অসম চৰকাৰে এতিয়ালৈকে এই ৰুলছ তথা নিয়ম প্ৰস্তুত কৰা নাই(Anti child marriage drive in Assam) ।

তেওঁ কয় যে অসম চৰকাৰে ৰুলছ প্ৰস্তুত নকৰাকৈ হঠাতে বাল্যবিবাহৰ বিৰুদ্ধে অভিয‍ান আৰম্ভ কৰিছে । যাৰ ফলত ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । প্ৰধানমন্ত্রীৰ দৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টিৰ বাবে এনেদৰে গ্ৰেপ্ত‍াৰৰ অভিযান আৰম্ভ কৰিছে বুলি তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্রীয়ে প্ৰতিটো ক্ষেত্রতে চমক সৃষ্টি কৰিব বিচাৰে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ পূৰ্বে 'দালালৰাজ' বন্ধ কৰাৰ নামত চমক সৃষ্টিৰ প্ৰয়াস কৰিছিল যদিও দালালৰাজ বন্ধ কৰিব নোৱাৰিলে ।

মুখ্যমন্ত্রীৰ আইনৰ উৰ্দ্ধত গৈ কথা কোৱাৰ অধিকাৰ নাই বুলি সদৰী কৰি তেওঁ কয় যে ৰুলছ প্ৰস্তুত নকৰাকৈ আইন বলবৎ কৰিব নোৱাৰে । আইন সম্পৰ্কে ৰাইজক সজাগ নকৰাকৈ একমাত্র চমক সৃষ্টিৰ বাবে এনেদৰে ৰাইজক হাৰাশান্তি কৰাটো কেতিয়‍াও গ্ৰহণযোগ্য হ'ব নোৱাৰে । চৰকাৰৰ এই পদক্ষেপে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা বুলি সদৰি কৰি তেওঁ কয় যে অসমত আইনৰ শাসন প্ৰৱৰ্তন হ'ব লাগে, জংঘলৰাজ হ'ব নালাগে । চমক সৃষ্টিৰ নামত অসমক অস্থিৰ নকৰিবলৈ মুখ্যমন্ত্রীৰ প্ৰতি তেওঁ আহ্বান জনায় ।

সংবাদমেলত দলটোৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কয় যে বাল্যবিবাহ বন্ধ হ'ব লাগে যদিও চৰকাৰে গ্ৰহণ কৰা কাৰ্যপন্থা সঠিক নহয় । তেওঁ অভিযোগ কৰি কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ন্যায়পালিকাৰ নিৰ্দেশকৰ ভূমিকাত অৱতীৰ্ণ হৈছে । মুখ্যমন্ত্রীয়ে আইন-আদালত নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছে । বাল্যবিবাহৰ ক্ষেত্রত পূৰ্বতে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে এটা অপৰাধৰ বাবে শাস্তি দিবলৈ গৈ একো একোটা পৰিয়াল ধ্বংস কৰি কেইবাটাও অপৰাধ কৰা হৈছে ।

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰখনে চলোৱা এই অভিযানৰ আঁৰত ডাঙৰ ৰাজনৈতিক অভিসন্ধি আছে বুলি তেওঁ অভিযোগ কৰে । আনহাতে কোনে কি শাস্তি পাব সেই কথা ক'বলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ন্যায়াধীশ নহয় বুলি তেওঁ কয় । সংবাদমেলত এআইইউডিএফৰ বিধায়িনী দলৰ দলপতি বিধায়ক হাফিজ বছিৰ আহমেদকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.