ETV Bharat / state

Constituency Delimitation 2023: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে AIUDF ৰ প্ৰতিক্ৰিয়া - Reaction on Constituency Delimitation

সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম । কংগ্ৰেছৰ দিনতে কৰা সংশোধনীৰ ভিত্তিতে আজি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো এশ শতাংশ বিজেপি আৰু কংগ্ৰেছে মিলি কৰিছে ।

AIUDF reaction against Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে AIUDF ৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 27, 2023, 7:46 PM IST

গুৱাহাটী,২৭ জুন: ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো বিজেপি আৰু কংগ্ৰেছ মিলি কৰি আছে । এই অভিযোগ এ আই ইউ ডি এফ দলৰ । মঙলবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত এ আই ইউ ডি এফ দলে এখন সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । দলৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈছে ।

খচৰাত সংখ্যালঘু সমষ্টি আঠটা মান কমিছে । কেইবাটাও সংখ্যালঘু সমষ্টি নোহোৱা হৈছে । আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফক টাৰ্গেট কৰি বক্তব্য আগবঢ়াই আহিছে । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোক লৈ কংগ্ৰেছ দলে অসন্তুষ্ট ব্যক্ত কৰা সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজিৰ প্ৰক্ৰিয়াটো কংগ্ৰেছ চৰকাৰৰ দিনতে হোৱা সংশোধনী অনুসৰি হৈ আছে । তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে কৰে । কিন্তু অসমৰ ক্ষেত্রত নিৰ্বাচন আয়োগে কৰি আছে । ইয়াৰ আঁৰৰ তথ্য দাঙি ধৰি তেওঁ কয় যে ২০০৮ চনত ১৪ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ আইন-২০০২ৰ চেকচন ১০ ৰ সংশোধন ঘটাই চেকচন ১০(এ) কৰিছিল ।

ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ ক্ষমতা ৰাষ্ট্ৰপতিক প্ৰদান কৰা হয় । সেই সময়ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল । আনহাতে ২০০৮ চনৰ ১৬ এপ্ৰিলত দ্যা ৰিপ্ৰেজেনটেচন অব পিপুলচ এক্ট ১৯৫০ৰ সংশোধন ঘটাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষমতা নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত কৰা হৈছিল । সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল ।

কংগ্ৰেছৰ দিনতে কৰা সেই সংশোধনীৰ ভিত্তিতে আজি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । তেনেস্থলত আজি কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰাৰ নাটক কিয় কৰিছে বুলি তেওঁ প্ৰশ্ন কৰি তেওঁ কয় যে কংগ্ৰেছ দলে আজি বৰাক উপত্যকা বন্ধ দিয়াৰ কাৰণটো কি ? সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো এশ শতাংশ বিজেপি আৰু কংগ্ৰেছে মিলি কৰিছে বুলি অভিযোগ কৰি তেওঁ কংগ্ৰেছক তেওঁলোকৰ প্ৰকৃত স্থিতি স্পষ্ট কৰাৰ বাবে দাবী জনায় । বিজেপি আৰু কংগ্ৰেছে মিলি সংখ্যালঘু সমষ্টিৰ সংখ্যা কমাই এ আই ইউ ডি এফক নোহোৱা কৰাৰ আখৰা চলাইছে বুলি তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক: Silghat Jute Mill Press Meet:অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই কিয় দিবলগীয়া হ’ল সংবাদমেল ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.