ETV Bharat / state

কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন AIUDF দলৰ

author img

By

Published : Oct 3, 2020, 9:16 PM IST

2021 ৰ নিৰ্বাচনত অসমৰ পৰা বিজেপিক ওফৰাবলৈ কংগ্ৰেছ দলে মহাজোঁটবন্ধনৰ যি সিদ্ধান্ত ঘোষণা কৰিছিল তাৰ প্ৰতি সন্মান আৰু সমৰ্থন আগবঢ়াই দলটোৱে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিল ৷ এই সিদ্ধান্তক এ আই ইউ ডি এফৰ ক'ৰ কমিটিৰ বৈঠকত অনুমোদন জনোৱা হয় ৷

AIUDF party fully supports the decision of the Congress grand alliance
কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন AIUDF দলৰ

গুৱাহাটী,3অক্টোবৰঃ কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন এ আই ইউ ডি এফৰ ৷ শনিবাৰে দলৰ সভাপতি বদৰুদ্দিন আজমলৰ অধ্যক্ষতাত দিছপুৰৰ বিধায়ক আবাসত অনুষ্ঠিত হোৱা দলৰ ক'ৰ কমিটিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকৰ অন্তত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে মন্তব্য কৰে যে, 2021 ৰ নিৰ্বাচনত অসমৰ পৰা বিজেপিক ওফৰাবলৈ কংগ্ৰেছ দলে মহাজোঁটবন্ধনৰ যি সিদ্ধান্ত ঘোষণা কৰিছিল তাৰ প্ৰতি সন্মান আৰু সমৰ্থন আগবঢ়াই দলটোৱে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিছিল ৷ এই সিদ্ধান্তক এ আই ইউ ডি এফৰ ক'ৰ কমিটিৰ বৈঠকত অনুমোদন জনোৱা হয় ৷

আনহাতে তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰে মিত্ৰতা বা মহাজোঁটবন্ধন হ'লে আগন্তুক নিৰ্বাচনত আসন বুজাবুজি কেনে ধৰণৰ হ'ব সেই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে আমিনুল ইছলাম ৷ একে সময়তে নতুনকৈ গঠন হোৱা সকলো আঞ্চলিক ৰাজনৈতিক দলকো এই মহাজোঁটত চামিল হ'বলৈ আহ্বান জনায় এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সাংগঠনিক) গৰাকীয়ে ৷ তদুপৰি বহু বিভক্ত আঞ্চলিক শিবিৰে যাতে ভোটৰ ৰাজনীতিত বিজেপিক উপকৃত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও নৱগঠিত আঞ্চলিক দলসমূহৰ নেতৃবৃন্দক আহ্বান জনায় এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে ৷

আৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰলগতে পঢ়কঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.