গুৱাহাটী, ৫ আগষ্ট : মন্ত্ৰী পীযুষ হাজৰিকাই AIUDF আৰু কংগ্ৰেছৰ সংখ্যালঘু বহু বিধায়কে জেহাদীৰ টকাৰে নিৰ্বাচন খেলে বুলি কোৱা মন্তব্যক লৈ সৰৱ হৈ পৰিছে AIUDF ৰ বিধায়কসকল । শুকুৰবাৰে বিধানসভা চৌহদত AIUDF ৰ বিধায়কসকলে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে (AIUDF MLAs protest in Assam Assembly campus)।
মন্ত্ৰী পীযুষ হাজৰিকাই বিধায়কৰ পদমৰ্যাদা হানি কৰা নচলিব, বিজেপিয়ে সাম্প্ৰদায়িক মনোভাৱ পৰিহাৰ কৰক, জেহাদীৰ আলম লৈ বিজেপিয়ে AIUDF ৰ বিধায়কক দিয়া মিছা অপবাদৰ জবাব লাগে, বিজেপিয়ে ৰাজনীতিৰ নামত মুখ চুপতি মাৰি সাংবিধানিক শপতৰ অৱমাননা বন্ধ কৰক, অনৈতিক ৰাজনৈতিক সিদ্ধিৰ বাবে বিৰোধী বিধায়কক টাৰ্গেট কৰি অপবাদ দিয়া নচলিব আদি শ্ল’গানেৰে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ অন্তত AIUDF ৰ বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি অভিযোগ পত্ৰ প্ৰদান কৰে ।
ইফালে AIUDF ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে, এজন মন্ত্ৰী মুখত এনে ভাষা শোভা নাপাই (Karimuddin Barbhuyan’s reaction against Pijush Hazarika comment) । অহংকাৰী পীযুষ হাজৰিকাক অনাগত দিনত ৰাইজে এই অহংকাৰৰ প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰি তেওঁ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক পুলিচ তেওঁৰ ব্যক্তিগত সম্পদ নেকি বুলি প্ৰশ্ন কৰে । তেওঁ কয়, ‘‘জয়ন্তমল্ল বৰুৱা আপুনি মন্ত্ৰী হ’ব পাৰে ৷ কিন্তু অসম আৰক্ষীৰ মালিক নহয়’’ ।
তেওঁ লগতে কয় যে, সংবিধানত শপত খোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিটো কথাই সংবিধান বিৰোধী । ২০২৪ আৰু ২০২৬ ত অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি তেওঁ কয় । সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে মাদ্ৰাছা ভাঙি দিয়া হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে, আমি কোনো জেহাদীৰ পৃষ্ঠপোষক নহয় ।
লগতে পঢ়ক : Himanta Biswa Sarma at Amingaon Court: আমিনগাঁও আদালতত মুখ্যমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চলত মুছলিমৰ দ্বাৰা পৰিচালিত কোনো উগ্ৰপন্থী সংগঠন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহ অ-মুছলিম সংগঠন । আনহাতে, বিধায়ক ৰফিকুল ইছলামে কয় যে, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যক গৰিহণাযোগ্য । মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ সন্মান লাঘৱ কৰিছে ।
তেওঁ কয়, ‘‘ময়ো ক’ব পাৰো আলফা আৰু NDFB ৰে তেওঁৰ ভাল সম্পৰ্ক আছে ৷ তেওঁক ফাইনেন্স কৰিছে ৷ কিন্তু নকওঁ কাৰণ মোৰ ওচৰত উচিত তথ্য প্ৰমাণ নাই’’ । তেওঁ লগতে কয় যে, বিজেপিৰ মন্ত্ৰীয়ে ক্ষমা খোজে আলফাৰ ওচৰত । ক’ব পাৰো বিজেপি বিধায়কৰ আলফাৰে ভাল সম্পৰ্ক আছে । যাৰ বাবে তেওঁলোকে আলফাক ক্ষমা খোজে । কিন্তু আমি নকওঁ বুলি তেওঁ কয় ।
বিধায়ক আমিনুল ইছলামে কয় যে, অসমত আজিলৈকে যিমান উগ্ৰপন্থী কাৰ্যকলাপ হৈছে এটাও মুছলমান দ্বাৰা হোৱা নাই । মুছলমান সংগঠনৰ দ্বাৰা ব্লেডেৰে আচোঁৰ দিয়া ঘটনা এটাও হোৱা নাই । তেওঁ কয় যে, কোনো মুছলমান সংগঠনে কিবা কৰাটো আমিও নিবিছাৰো, মুছলমান যুৱক বিপথে যাব বিচাৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে আমি সদায় আছো । জেহাদীৰ প্ৰসংগৰে আন বিষয়সমূহ তল পেলোৱাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক : Jayanta Malla Baruah Comment on Jihadi: ৰাষ্ট্ৰদ্ৰোহীক ক্ষমা নোখোজো: জয়ন্তমল্ল বৰুৱা