ETV Bharat / state

বিজেপিয়ে দেখুওৱা পথেৰেই পিয়াজৰ মালা পিন্ধিলে এ আই ইউ ডি এফে

author img

By

Published : May 11, 2022, 9:41 PM IST

শাসনত নাথাকোতে প্ৰশান্ত ফুকন, বিজয়া চক্ৰৱৰ্তীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ দৰেই বুধবাৰে একেটা প্ৰসংগতে প্ৰতিবাদ সাব্যস্ত কৰিলে এ আই ইউ ডি এফ দলে ৷ ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি, খালি চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে এ আই ইউ ডি এফৰ ১২ জন বিধায়কে (AIUDF mla protest against price hike) ৷

AIUDF mla protest against price hike
বিজেপিয়ে দেখুওৱা পথেৰেই পিয়াজৰ মালা পিন্ধিলে এ আই ইউ ডি এফে

গুৱাহাটী, ১১ মে’: অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী-পেট্ৰল-ডিজেল, ৰন্ধন গেছ, ঔষধ, মিঠাতেলকে ধৰি সকলোধৰণৰ অত্যৱশ্যকীয় সামগ্ৰীৰ অকাশলংঘী মুল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে এ আই ইউ ডি এফ দলে মহানগৰীৰ চচলৰ প্ৰতিবাদস্থলীত ১১ বজাৰ পৰা তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদস্থলীত খালি ছিলিণ্ডাৰ ৰাখি, ডিঙিত আলু ,পিঁয়াজ, বিস্কুটৰ মালা লৈ এ আই ইউ ডি এফ দলৰ ১২ জন বিধায়কৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (AIUDF mla protest against price hike)।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-ফেষ্টোন লৈ 'বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, যোগান মন্ত্ৰীযে পদত্যাগ কৰক, পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰক, দৰিদ্ৰৰ শত্ৰু বিজেপি চৰকাৰ, জীৱন দায়িনী ঔষধৰ মূল্য হ্ৰাস কৰক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ ৰাজ্য চৰকাৰ কঠোৰ ভাষাৰে সমলোচনা কৰে । প্ৰতিবাদৰ অন্তত এ আই ইউ ডি এফ য়ে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Memorandum to governor against price hike) ।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এ আই ইউ ডি এফ দলৰ বিধায়ক ৰফিকুল ইছলামে কয় যে, বজাৰত জুই চাই দামে খাটি খোৱা-দিন মজুৰি কৰা মানুহৰ জীৱন বিপৰ্যস্ত কৰি পেলোৱাৰ পাছত বিজেপি চৰকাৰে সফলতাৰ ধাক-ঢোল বজাই প্ৰথম বৰ্ষপূৰ্তি পালন কৰাৰ কোনো নৈতিক অধিকাৰ নাই । মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত যদি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেন্তে সেইখন চৰকাৰ গাদীত থকা অধিকাৰ নাই বুলি মন্তব্য কৰে ।

বিধায়ক ৰফিকুল ইছলামে পুনৰ কয়, মূল্যবৃদ্ধিৰ সমস্যা ৰোধ কৰিব নোৱাৰি বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ(Ukraine Russia War) দোহাই দি মূল্যবৃদ্ধি হোৱা বুলি বুলি কৈ বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিছে । তেওঁ কয়, বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ, পাকিস্তানত যদি পেট্ৰ’ল কম মূল্যত দিব পাৰিছে তেন্তে ভাৰতত বিজেপি চৰকাৰে দিব নোৱাৰাৰ কাৰণ কি ? সেয়ে অসমৰ জনগণক ৰাজপথলৈ ওলাই আহি মূল্যবৃদ্ধিৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত এ আই ইউ ডি এফৰ বিধায়ক ক্ৰমে আমিনুল ইছলাম, হাফিচ বচিৰ আহমেদ, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, আব্দুল আজিজ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, চামচুল হুদা, জাকিৰ হুছেইন লস্কৰ, মজিবুৰ ৰহমানৰ লগতে এ আই ইউ ডি এফৰ তিনিশতাধিক কাৰ্য্যকর্তা উপস্থিত থাকে ।

লগতে পঢ়ক: অভিষেক বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে অসমৰ সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.