ETV Bharat / state

AIUDF MLAs protest in Guwahati:বিধানসভা চৌহদত এ আই ইউ ডি এফৰ বিধায়কৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 3:09 PM IST

এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিধানসভা চৌহদত প্ৰতিবাদ । বৰাক উপত্যকাৰ হাইলাকান্দিৰ বিধায়কসকলৰ প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অপমানসূচক বক্তব্যৰ পিচতেই ব্য়ক্ত কৰিছে প্ৰতিক্ৰিয়া ।

AIUDF MLA Karim Uddin Borbhuiyan
বিধায়ক কৰিম উদ্দিন বৰভূঞা
বিধায়ক কৰিম উদ্দিন বৰভূঞা

গুৱাহাটী, ১২ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিৰোধিতা কৰি আজি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই । বৰাক উপত্যকাৰ হাইলাকান্দিৰ বিধায়কসকলৰ প্ৰতি অপমানসূচক বক্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে হাতে হাতে প্লে-কাৰ্ড লৈ এ আই ইউ ডি এফৰ কেইবাগৰাকী বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰে ।

অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা বিধানসভা চৌহদত কৰা প্ৰতিবাদ সন্দৰ্ভত বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয় যে মুখ্যমন্ত্রীয়ে হাইলাকান্দিৰ বিধায়ককেইজনক অপমান কৰিছে । হাইলাকান্দিলৈ যোৱা সময়ত মুখ্যমন্ত্রীয়ে ৰাস্তাৰ বাবে দিয়া টকা এ আই ইউ ডি এফৰ হাইলাকান্দিৰ তিনি বিধায়কৰ মুখেদি সোমাই আৰু পেটটো ডাঙৰ হয় বুলি মন্তব্য কৰিছিল । এই অপমানজনক মন্তব্যৰ পাছত হাইলাকান্দিত প্ৰতিবাদ কৰা হোৱা নাছিল আৰু নতুন ভৱনত হোৱা বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনা কৰা হোৱা নাছিল ।

আজি অধিৱেশনৰ দ্বিতীয় দিনা মুখ্যমন্ত্রীগৰাকীৰ অপমানসূচক মন্তব্যৰ বাবে হাইলাকান্দিৰ তিনিগৰাকী বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি তেওঁ কয় । মুখ্যমন্ত্রীৰ মন্তব্যক অগণতান্ত্রিক আখ্যা দি তেওঁ কয় যে যদি হাইলাকান্দিৰ ৰাস্তাৰ বাবে টকা দিছে তেন্তে টকা লোক নিৰ্মাণ বিভাগলৈ যাব । যদি সঁচা অৰ্থত দুৰ্নীতি হৈছে তেন্তে ৰাজহুৱা কৰিব লাগে যে লোক নিৰ্মাণ বিভাগৰ কিমান অভিযন্তাক নিলম্বন কৰা হৈছে ।

তেওঁ লগতে কয়,"মুখ্যমন্ত্রীয়ে ৰাজনৈতিক স্বাৰ্থত এ আই ইউ ডি এফক বদনাম কৰিবৰ বাবে এনেদৰে তৰল মন্তব্য কৰিছে । আমি মুখ্যমন্ত্রীৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছো । "গণতন্ত্ৰক হত্যা কৰা মুখ্যমন্ত্রীয়ে বিধায়কসকলৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী কৰি তেওঁ কয় যে মুছলমান নেতা বাবে আমাক এনেদৰে অপমান কৰিব নেকি । এনে অপমান সহ্য কৰা নহ'ব বুলি তেওঁ কয় । কংগ্ৰেছৰ লাভালাভৰ বাবেই হাইলাকান্দিত মুখ্যমন্ত্রীয়ে এনেদৰে এ আই ইউ ডি এফৰ বিধায়ককেইজনক বদনাম কৰিছে বুলি তেওঁ লগতে কয় । বিধায়ক কৰিম উদ্দিন বৰভূঞাই মুখ্যমন্ত্রীক তেওঁৰ বক্তব্য প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনায়।

লগতে পঢ়ক:Autumn session 2023: ঘেঁহু কেলেংকাৰী সন্দৰ্ভত উত্তাল বিধানসভা; চৰকাৰ মুৰ্দাবাদ ধ্বনি বিধায়ক কমলাক্ষ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.