ETV Bharat / state

গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপৰ স্থিতি আছিল অতি দুৰ্বল : আমিনুল ইছলাম - গৃহমন্ত্ৰী অমিত শ্বাহ

‘অমিত শ্বাহৰ সন্মুখত নেগুৰ পেলাইছিল অসমৰ সকলো ৰাজনৈতিক দল তথা জাতীয় সংগঠনে’ ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অনুষ্ঠিত হোৱা বৈঠক সম্পৰ্কত এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ ৷

AIUDF leader Aminul Islam criticise AGP and BJP
অগপ-বিজেপিক কটাক্ষ আমিনুল ইছলামৰ
author img

By

Published : Dec 2, 2019, 7:49 PM IST

গুৱাহাটী, 2 ডিচেম্বৰঃ ‘গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপ দলৰ স্থিতি অতিকৈ দুৰ্বল আছিল’ ৷ ‘অমিত শ্বাহৰ সন্মুখত নেগুৰ পেলাইছিল অসমৰ সকলো ৰাজনৈতিক দল তথা জাতীয় সংগঠনে’ এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৱৰ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনৰ লগত মিলিত হোৱা বৈঠক সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ এই সংবাদমেলত অগপ তথা শাসনাধিষ্ঠ বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি আগবঢ়াই কেইবাটাও বিস্ফোৰক মন্তব্য ৷ অগপৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাক সমালোচনা কৰাৰ লগতে বৈঠকত অগপৰ দুৰ্বল স্থিতিৰ বাবে সমগ্ৰ ৰাজ্যতে সমালোচনাৰ সন্মূখীন হৈছে দলটো ৷ লগতে অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় বৈঠকত গৃহমন্ত্ৰীৰে অন্যান্য বিষয়ৰ ওপৰতহে আলোচনা কৰা পৰিলক্ষিত হৈছিল বুলিও তেওঁ কটাক্ষ কৰে ৷

অগপ-বিজেপিক কটাক্ষ আমিনুল ইছলামৰ

আনহাতে আমিনুল ইছলামে গৃহমন্ত্ৰী অমিত শ্বাহক সংবিধানৰ বিৰুদ্ধে গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক কেনেকৈ গৃহীত কৰিব পাৰি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত শ্বাহে সংবিধানক কাগজ বুলি অভিহিত কৰি কাগজৰ ওপৰত দেশ নচলে বুলি কোৱা বুলিও তেও প্ৰকাশ কৰে ৷ ইছলামে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ কেন্দ্ৰৰ বিজেপি দলত তীব্ৰ সমালোচনা কৰি কয় বিজেপিয়ে অসম আৰু দেশ নিঃশেষ কৰি হ’লেও নিজৰ গাদী ৰক্ষা কৰিব বিচাৰে । এ আই ইউ ডি এফ দল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব আৰু প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়লৈ যাবলৈ প্ৰস্তুত আছে বুলিও মন্তব্য আগবঢ়াৱাৰ লগতে অহা ৪ ডিচেম্বৰত বিধেয়ক বিৰোধী আন্দোলনৰ হুংকাৰো দিয়ে ৷

আৰু পঢ়কঃ ‘কেব’ক লৈ শংকিত হ'ব নালাগে অৰুণাচলৰ জনতা: মুখ্যমন্ত্ৰী পেমা খাণ্ডু

Intro:গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অনুষ্ঠিত হোৱা বৈঠকত অগপৰ স্থিতি আছিল অতি দুৰ্বল। অসমৰ সকলো ৰাজনৈতিক সংগঠন অমিত শ্বাহৰ সন্মুখত নেগুত পেলাইছিল। এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ বিস্ফোৰণ।

Body:সমগ্ৰ উত্তৰ পূৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন অব্যহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উত্তৰ পূবৰ বিভিন্ন ৰাজনৈক আৰু সামাজিক সংগঠনৰ লগত মিলিত হয় এক বৈঠকত। নাগৰিকত্ব সংশোধনী বিধেয়কখনকলৈ অমিত শ্বাহৰ লগত হোৱা বৈঠকৰ পিছত অগপৰ সভাপতি তথা কৃষিমন্ত্রীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা নিজৰ স্থিতিৰ পিছত সমগ্ৰ ৰাজ্যতে সমালোচনা সন্মুখীন হৈছে মন্ত্ৰী অতুল বৰা। আজি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ এফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এক সংবাদমেল অনুষ্ঠিত কৰি অগপ দলক সমালোচনা কৰি কয় যে আলোচনাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত অগপ দলৰ স্থিতি অতিকৈ দুৰ্বল আছিল। অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ আলোচনাত গৃহমন্ত্ৰীৰ অন্যান্য বিষয়ৰ আলোচনা কৰা পৰিলক্ষিত হৈছিল। অগপৰ লগতে অন্যান্য ৰাজনৈতিক দল সমূহেও গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত নেগুৰ পেলাইছিল বুলি মন্তব্য কৰি ৰাজ্যৰ ৰাজনৈতিক দল সমূহক সমালোচনা কৰে আমিনুল ইছলামে। অমিনুল ইছলামে গৃহমন্ত্ৰী অমিত শ্বাহক সংবিধানৰ বিৰুদ্ধে গৈ নাগৰিকত্ব সংশোধনী বিধেয়ক কেনেকৈ গৃহীত কৰিব পাৰি বুলি এক প্ৰশ্ন কৰাত অমিত শ্বাহই সংবিধানক কাগজ বুলি অভিহিত কৰি কাগজৰ ওপৰত দেশ নচলে বুলি আমিনুল ইছলামক উত্তৰ দিছিল বুলিও জানিবলৈ দিয়ে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক গৰাকীয়ে।

বাইট : আমিনুল ইছলাম, সাধাৰণ সম্পাদক, এ আই ইউ ডি এফ

Conclusion:ইছলামে নাগৰিকত্ব সংশোধনী বিধেয়কলৈ কেন্দ্ৰৰ বিজেপি দলত তীব্ৰ সমালোচনা কৰি কয় বিজেপিয়ে অসম আৰু দেশ নিঃশেষ কৰি হলেও নিজৰ গাদী ৰক্ষা কৰিব বিচাৰে। এ আই ইউ ডি এফ দল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব আৰু প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়লৈ যাবলৈ প্ৰস্তুত আছে বুলিও মন্তব্য কৰে ইছলামে। এ আই ইউ ডি এফ দলে অহা ৪ তাৰিখে বিধেয়ক বিৰোধী আন্দোলনৰ হুংকাৰো দিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.