গুৱাহাটী, ২০ ডিচেম্বৰঃ এ আই ইউ ডি এফ দলত মোক্ষম আঘাত । এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে যোগদান কৰিলে কংগ্ৰেছ দলত ।
উল্লেখ্য যে আজিৰ দিনটোত দুটা দলৰ দুজনকৈ জ্যেষ্ঠ নেতাই কংগ্ৰেছ দলত যোগদান কৰে । পুৱাৰ ভাগত শাসকীয় দল বিজেপিৰ হৈ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা দুবাৰ আৰু নিৰ্দলীয়ভাৱে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা উদয় শংকৰ হাজৰিকাই যোগদান কৰাৰ পাছতে বিয়লি এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কংগ্ৰেছ দলত যোগদান কৰে ।
গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা অনুষ্ঠানত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত এ আই ইউ ডি এফৰ প্ৰতিষ্ঠাপক কার্যকৰী সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীক বিপুলভাৱে আদৰণি জনোৱা হয় ।
কংগ্ৰেছ দলত যোগদান কৰি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ বাবে নিন্দা কৰে । তেওঁ কয় যে কংগ্ৰেছ দল হৈছে গণতন্ত্ৰৰ ৰক্ষক আৰু বিজেপি হৈছে গণতন্ত্ৰৰ ধ্বংসকাৰী ।
সামাজিক ক্ষেত্ৰখনৰ উপৰি ৰাজনৈতিক ক্ষেত্ৰখনত অৱদান আগবঢ়োৱাৰ বাবে কংগ্ৰেছ দলত যোগদান কৰা বুলি সদৰী কৰি তেওঁ কয় যে বিবেকৰ আহ্বানত কিবা এটা কৰাৰ বাবে তেওঁ কংগ্ৰেছলৈ আহিছে । কংগ্ৰেছক লৈ অত্যন্ত সুখী বুলি উল্লেখ কৰি তেওঁ কয় যে পুনৰ বিজেপি শাসনলৈ আহিলে দেশৰ অৱস্থা অতি বেয়া হৈ পৰিব ।
কংগ্ৰেছক শক্তিশালী কৰিলেহে সংবিধান-গণতন্ত্ৰ ৰক্ষা পৰিব আৰু দেশ বাচি থাকিব বুলি তেওঁ মন্তব্য কৰে । সভাত নিখিল ভাৰত কংগ্ৰেছ দলৰ অসমৰ সাংগঠনিক দায়িত্বত থকা বিকাশ উপাধ্যায়, সম্পাদক পৃথ্বীৰাজ সাথে, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন প্ৰমুখ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল । ইফালে আজি নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে পৃথকে পৃথকে নামনি আৰু উজনি অসমৰ কংগ্ৰেছৰ জিলা সম্পাদকসকলৰ লগতে বুথ পর্যায়ৰ দায়িত্বত থকা নেতাসকলৰ লগত আলোচনাত মিলিত হয় ।
মূলতঃ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয় । জিতেন্দ্ৰ সিঙে কংগ্ৰেছ দলৰ বিধায়কসকলৰ সৈতেও আজি এখন বৈঠক অনুষ্ঠিত কৰে । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ নেতা-কৰ্মীসকলে কেনেধৰণে সাজু হ'ব সেই লৈ পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰি নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা হয় ।
ইফালে আজিলৈকে ১৪ টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি ৭৭ জন কংগ্ৰেছ নেতাই আবেদন পত্ৰ জমা দিছে । আবেদন জমা দিয়াৰ শেষ তাৰিখ ২২ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছে ।
লগতে পঢ়ক: কংগ্ৰেছত যোগদান বিজেপিৰ জ্যেষ্ঠ নেতা উদয় শংকৰ হাজৰিকাৰ