গুৱাহাটী, ১১ জানুৱাৰী: গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্রদূষণ । বিগত প্রায় এসপ্তাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণ সূচাংক ‘অতি বেয়া' অর্থাৎ ৩০০-৩৩০ লৈ বৃদ্ধি পাইছে। অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য ।
গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰলৈ গ'লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব। কিন্তু মহানগৰীৰ বায়ু প্ৰদূষণ ৰোধৰ বাবে এতিয়া প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ, জিলা প্রশাসন, বন বিভাগ, পৰিবহন বিভাগ, গৃহ আৰু নগৰ উন্নয়ন বিভাগ, খাদ্য আৰু যোগান বিভাগ, উদ্যোগ বিভাগ, লোক নির্মাণ বিভাগ, যান-বাহন আৰক্ষী, জি এম চি আৰু জি এম ডি এ আদি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷
উল্লেখ্য যে, প্ৰদূষণ পৰিষদৰ তথ্য মতে, বায়ু প্ৰদূষণৰ সুচাংক ০-৫০ 'ভাল', ৫০-১০০ সন্তোষজনক', ১০০-২০০ ‘মজলীয়া', ২০০-৩০০ 'বেয়া', ৩০০- ৪০০ 'অতি বেয়া' আৰু ৪০০ৰ ওপৰলৈ গ'লে 'বিপজ্জনক' হিচাপে চিহ্নিত কৰা হয় ৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন মন্ত্রণালয়ৰ দেশৰ নগৰাঞ্চলৰ প্ৰদূষণৰ মাত্ৰা সম্পর্কত শেহতীয়া সমীক্ষা মতে (Central Govt environment and forest ministry), গুৱাহাটীৰ লগতে অসমৰ চাৰি নগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে । উল্লেখ্য যে দেশৰ ভিতৰত যিসমূহ নগৰত প্ৰদূষণৰ মাত্ৰা অধিক, সেইসমূহৰ ভিতৰত অসমৰ পাঁচখন নগৰ চিহ্নিত হৈছে।
গুৱাহাটী মহানগৰৰ উপৰিও নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰত অধিক মাত্ৰাৰ প্ৰদূষণ পোৱা গৈছে । অদূৰ ভৱিষ্যতত অসমৰ এইকেইখন নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা আৰু বাঢ়িলে দিল্লীৰ দৰেই পৰিৱেশৰ সৃষ্টি হোৱাৰ শংকা কৰা হৈছে । বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হোৱা অঞ্চলসমূহত জনসাধাৰণৰ স্বাস্থ্যজনিত, ছালৰ ৰোগৰ প্ৰকোপ বাঢ়ি গৈছে । গুৱাহাটী মহানগৰতো বিশেষকৈ ছালৰ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চিকিৎসকৰপৰা জানিব পৰা গৈছে ৷
উল্লেখ্য যে, যোৱা ২০২১ চনত প্ৰকাশ পোৱা Centre for Science and Environment (CSE)-ৰ তথ্য অনুসৰি, গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে । দ্বিতীয় স্থানত আগৰতলা চহৰ আছে । গুৱাহাটীত প্ৰদূষণ বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ।
২০১৯ চনৰ তুলনাত ২০২১ চনত গুৱাহাটীত বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । Centre for Science and Environment (CSE)-ৰ অধ্যয়নত প্ৰকাশ পাইছে যে গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰিমাণো যথেষ্ট বৃদ্ধি পাইছে ।
বিশেষকৈ মহানগৰীত জধে- মধে চলি থকা নিৰ্মাণ কাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে বুলি মহানগৰীৰ সচেতন নাগৰিকে অভিযোগ কৰিছে। ইপিনে ব্ৰহ্মপুত্ৰৰ বালিচৰৰ পৰা উৰি অহা ধূলিকণাই মহানগৰীৰ বায়ু প্ৰদূষিত কৰাৰ তথ্য প্রকাশ কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।
লগতে পঢ়ক: গুৱাহাটী ৰাজীৱ ভৱনত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বুকলেট মুকলি