ETV Bharat / state

কংগ্ৰেছে এইবাৰ উত্তৰ পূৰ্বাঞ্চলত ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজিব : মহিমা সিং

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 3:57 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ ৷ ৰাইজৰ মূল সমস্যাবোৰ আতঁৰত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় বাতৰিৰ শিৰোনাম দখলৰ বাবে কাম কৰে ৷

Bharat Jodo Yatra
ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত সংবাদমেল
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ সংবাদমেল

গুৱাহাটী, 6 জানুৱাৰী : "বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ব্যাপক অন্যায় কৰি আছে"৷ এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ ৷ শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে ৷ সংবাদমেলত উত্তৰ পূৰ্বাঞ্চলত সংবিধান ৰক্ষা কৰা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত অসমত কংগ্ৰেছে এইবাৰ যুঁজ দিব বুলি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে সদৰী কৰে ৷

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙে কয় যে প্ৰায় 9 মাহ ধৰি মণিপুৰ জ্বলি আছে ৷ কিন্তু এই বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰৰ কোনো গুৰুত্ব নাই ৷ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিনলৈয়ো মণিপুৰলৈ নাহিল ৷ কিন্তু ৰাহুল গান্ধী দ্বিতীয়বাৰৰ বাবে মণিপুৰলৈ আহিব বুলি মন্তব্য কৰে মহিমা সিঙে ৷

ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ কাৰ্যসূচী কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া পেজত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদায় শিৰোনাম দখলৰ বাবে কাম কৰে ৷ ৰাইজৰ মূল সমস্যাবোৰ আতঁৰত ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় বাতৰিৰ শিৰোনাম দখলৰ বাবে কাম কৰে ৷ এয়া কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ নহয়, বিজেপিৰ চৰকাৰৰ চৰিত্ৰ বুলি মন্তব্য কৰে তেওঁ ৷ তেওঁ লগতে কয় যে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত সংবিধান ৰক্ষা কৰা আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ ওচৰলৈ যোৱা হ'ব ৷ এই ক্ষেত্ৰত কংগ্ৰেছ দলে পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে ৷

লগতে পঢ়ক : গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত আক্ৰমণ; ৰে'ল ট্ৰেজেডী সন্দৰ্ভত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.