ETV Bharat / state

উপ নিৰ্বাচনৰ ফলাফল : উত্তৰ দিব লাগিব AICC ক - অসমৰ উপ নিৰ্বাচন

কংগ্ৰেছ হাইকমাণ্ডে উপ নিৰ্বাচনৰ পৰাজয়ৰ কাৰণ বিচাৰিলে APCC ৰ পৰা ৷ ইতিমধ্য়ে এইক্ষেত্ৰত উত্তৰ বিচাৰি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ তত্বাৱধায়ক, সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক নিৰ্দেশ প্ৰদান কৰিছে ৷

উপ নিৰ্বাচনৰ ফলাফল
উপ নিৰ্বাচনৰ ফলাফল
author img

By

Published : Nov 8, 2021, 1:17 PM IST

গুৱাহাটী, 8 নৱেম্বৰ : 2 নৱেম্বৰত ঘোষণা কৰা হৈছিল ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ৷ আটাইকেইটা সমষ্টিতে মুখথেকেচা খাইছিল ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷ তাৰপাছতে যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল দলটো ৷ সম্প্ৰতি ইয়াকে লৈ একপ্ৰকাৰ বিপদত পৰিছে দলটো ৷

অসমৰ পাঁচোটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ এনে শোচনীয় অৱস্থা হ'ল কিয় ? এই প্ৰশ্নৰ উত্তৰ লাগে নিখিল ভাৰত কংগ্ৰেছ কমিটি (AICC) ক ৷ ইতিমধ্যে ইয়াৰ এক প্ৰতিবেদন দাখিল কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসমৰ দায়িত্বত থকা দলৰ তত্বাৱধায়ক, সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক নিৰ্দেশ প্ৰদান কৰিছে ৷

আনহাতে, বিগত তিনিদিন ধৰি ৰাজধানী দিল্লীত বাহৰ পাতি আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ইটিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি পৰৱৰ্তী এসপ্তাহলৈ সভাপতিগৰাকী দিল্লীতে বাহৰ পাতি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে আলোচনাত বহাৰ কথা ৷

উল্লেখ্য যে, বিগত পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে আপ্ৰাণ চেষ্টা কৰিও ভাল ফলাফল দেখুৱাবলৈ সক্ষম নহ'ল ৷ আগ্ৰাসী ৰূপ লোৱা বিজেপিৰ হাতত ধৰাশায়ী হ’বলগীয়া হ'ল শতিকা প্ৰাচীন দলটো ৷ প্ৰাপ্ত খবৰ অনুসৰি, বৰা আৰু সিঙৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছতে ব্যৰ্থতাৰ কাৰণসমূহ নিৰ্ণয় কৰি কংগ্ৰেছ হাইকমাণ্ডে দলটোৰ সাংগঠনিক ভেটি পুনৰ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ৷

তাৎপৰ্যপূৰ্ণ যে, বিগত উপ নিৰ্বাচনত কংগ্ৰেছে নিজৰ হাতত থকা মৰিয়নী আৰু থাওৰা হেৰুওৱাৰ উপৰিও বাকীকেইটা সমষ্টিতো অতি শোচনীয় ফলাফল দেখুৱালে ৷ যি থাওৰা সমষ্টি কংগ্ৰেছৰ দখলত আছিল, সেই থাওৰাৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী থাকিল তৃতীয় স্থানত । কেৱল থাওৰাই নহয়, তামুলপুৰতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে চতুৰ্থ স্থানতহে থাকিবলগীয়া হ'ল ৷ মৰিয়নী, গোঁসাইগাঁও আৰু ভৱানীপুৰত কংগ্ৰেছ দ্বিতীয় স্থানত থাকিল, যদিও বৃহৎ ব্যৱধানত তিনিওটা সমষ্টিত বিজেপি আৰু ইউপিপিএলৰ প্ৰাৰ্থী বিজয়ী হ'ল ৷

এতিয়া এই সকলো ব্যৰ্থতাৰ কাৰণ ফঁহিয়াই চাব বিচাৰিছে কংগ্ৰেছ হাইকমাণ্ডে ৷ 2 নৱেম্বৰত ঘোষণা কৰা হৈছিল ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ৷ আটাইকেইটা সমষ্টিতে মুখথেকেচা খাইছিল ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷ তাৰপাছতে যথেষ্ঠ সমালোচনাৰ সন্মুখীন হৈছিল দলটো ৷ সম্প্ৰতি ইয়াকে লৈ একপ্ৰকাৰ বিপদত পৰিছে দলটো ৷

লগতে চাওক: ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.