গুৱাহাটী, 21 জুন : জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে, ভাৰতৰ আত্মা আছে গাঁৱৰ খেতি পথাৰত । যিদিনালৈ দেশৰ খেতি পথাৰসমূহ কৃষকে উৎপাদন কৰা শস্যৰে নদন-বদন হৈ থাকিব সিদিনালৈ দেশখনৰ অৰ্থনীতিৰ দিশটো শক্তিশালী হৈ থাকিব । পৰাধীন ভাৰতবৰ্ষত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ১৯৪২ চনত আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোৱা এই কথাষাৰৰ মূল্য আজিও একেই প্ৰাসংগিক হৈ আছে ।
কিয়নো কৃষি কৰ্মত এখন দেশ শক্তিশালী নহ'লে সেই দেশখনক আৰ্থিকভাৱে শক্তিশালী বুলি গণ্য কৰিব নোৱাৰি । আনহাতে, বিগত বৰ্ষত ক'ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি আৰম্ভ হোৱা লক ডাউনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বিশেষকৈ যুৱচামক আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ "ভকেল ফৰ লোকেল" শীৰ্ষক এক বাৰ্তাৰে নিজৰ সাধ্যানুসৰি সকলোকে কৃষি কৰ্মৰ উপৰিও পশুপালন, মীনপালন আদিত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ আন ৰাজ্যৰ লগতে অসমতো বহুতে কৃষিৰ লগতে মীনপালন, পশুপালন আদিত জড়িত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে ।
বহু শিক্ষিত যুৱকে এতিয়া চাকৰিৰ পিছত দৌৰি থকাৰ বিপৰীতে কৃষিকৰ্মৰ মাজেৰে জীৱনৰ সপোন ৰচিছে ।
তেনে সপোন লৈয়ে কৃষি বিপ্লৱত নামি পৰিছে গুৱাহাটীৰ সমীপৰ অসম-মেঘালয় সীমান্তৰ উমছুৰকে ধৰি কাষৰীয়া অঞ্চলৰ একাংশ শিক্ষিত যুৱক । কমলা খেতিৰ বাবে বিখ্যাত পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ উমছুৰকে ধৰি কাষৰীয়া অঞ্চল শিক্ষিত যুৱকসকলে পাৱাৰ টিলাৰ লৈ পথাৰত নামি পৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত অঞ্চলটোৰ শিক্ষিত যুৱক ধ্ৰুৱজ্যোতি দলৈয়ে জানিবলৈ দিয়া মতে বৃহত্তৰ অঞ্চলটোত বাস কৰা প্ৰায় ৪০০ টা পৰিয়ালৰ বেছিভাগেই কৃষিজীৱী ।
তেওঁলোকে পৰম্পৰাগতভাৱে কমলা, জালুক, তামোল, কল আদিৰ লগতে ধান বিশেষকৈ শালিধানৰ খেতি কৰি আহিছে । কিন্তু এতিয়াৰ যুৱ প্ৰজন্মৰ বহুতেই পূৰ্বৰ পৰম্পৰাগত গৰুৰ সলনি কম সময়ত অধিক মাটি চহাব পৰা পাৱাৰ টিলাৰ বা যান্ত্ৰিক পদ্ধতিৰে কৰা কৃষিকৰ্মত মনোনিৱেশ কৰিছে । এইক্ষেত্ৰত কাঁহিৰাম ৰাভা, ধনজিৎ ৰাভা, সীমান্ত মাৰাক, তুলিন্দ্ৰ জামু, সৰ্বানন্দ ৰাভা, পংকজ দলৈ, দত্ত ৰাভা, বিজিত ৰাভা, জিণ্টু ৰাভা, ব্ৰন্যায় আৰ মাৰাককে ধৰি স্নাতক ডিগ্ৰী উত্তীৰ্ণ কেবাজনো শিক্ষিত যুৱকে সম্প্ৰতি শালিধানৰ খেতি আৰম্ভ কৰিছে । ধ্ৰুৱজ্যোতি দলৈয়ে সদৰী কৰা অনুসৰি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোলোৱাকৈ তেওঁলোকে কৃষি কৰ্ম কৰি আহিছে ।
আনকি নিজেও ১৫০ জোপা কমলা, ২০০ জোপা জালুক, তামোল আৰু মালভোগ কলৰ পুলি ৰোপণ কৰিছে । উল্লেখ্য যে, অসম চৰকাৰৰ অৱহেলাৰ বিপৰীতে সীমামূৰীয়া হোৱা বাবে মেঘালয় চৰকাৰেহে মাজে-সময়ে কৃষি কৰ্মত বা আন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে এইসকল যুৱকক । মেঘালয়ৰ কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে তেওঁলোকৰ খেতি পথাৰত আহি খবৰ লোৱাৰ বিপৰীতে অসম চৰকাৰৰ কোনো বিষয়া-কৰ্মচাৰীক আজিলৈ গাঁৱৰ মানুহে দেখা পোৱা নাই বুলি ধ্ৰুৱজ্যোতি দলৈয়ে আক্ষেপ প্ৰকাশ কৰিছে । কৃষিকৰ্মৰ মাজেৰে জীৱনৰ সপোন ৰচা এইসকল শিক্ষত যুৱক নৱ প্ৰজন্মৰ বাবে নিদৰ্শন স্বৰূপ ।
লগতে পঢ়ক: বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এখন গাঁও