ETV Bharat / state

অগপৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ - মন্ত্রী কেশৱ মহন্ত

সাংগঠনিক ভেটি শক্তিশালীকৰণৰ যাত্ৰাক সঠিক দিশত আগুৱাই নিয়াৰ লক্ষ্য অগপৰ। সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে অগপক অধিক গণমুখী কৰাৰ উদ্দেশ্যে বাষিৰ্ক সাংগঠনিক কৰ্মসূচী গ্ৰহণ । নতুন সদস্য ভৰ্তিকৰণৰ বাবে ব'হাগ মাহৰ পৰা আৰম্ভ হ'ব অভিযান(AGPs executive meeting in Guwahati ) ।

AGP's executive meeting at Guwahati
অগপৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
author img

By

Published : Mar 27, 2022, 7:55 PM IST

গুৱাহাটী, 27 মাৰ্চ : বিজেপিৰে মিত্রতাত থাকি অস্তিত্বৰ সংকটত ভোগা অগপই দলৰ সাংগঠনিক ভেটি শক্তিশালীকৰণৰ যাত্ৰাক সঠিক দিশত আগুৱাই নিয়াৰ লক্ষ্যৰে দেওবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

AGP's executive meeting at Guwahati
অগপৰ কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

সভাত বিগত পৌৰ সভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰি ৰণকৌশল প্ৰস্তুত কৰা হয় । সভাত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে দলটোক অধিক গণমূখী কৰাৰ উদ্দেশ্যে বাষিৰ্ক সভাই গ্ৰহণ কৰে এখন সাংগঠনিক কৰ্মসূচী ।

এই কৰ্মসূচীৰ জৰিয়তে দলৰ প্ৰত্যেকটো স্তৰ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বাবে প্ৰতি মাহে কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হয় । সভাই দেউৰী আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ(Karbi Anglong Autonomous Council Election) ওপৰত আলোচনা কৰি দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰে । লগতে দলে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কটো আলোচনা কৰে ।

উক্ত সভাৰ জৰিয়তে নতুন সদস্য ভৰ্তিকৰণৰ বাবে ব'হাগ মাহৰ পৰা এক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । সভাত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তকে(Assam Health Minister Keshab Mahanta) ধৰি দলৰ বিধায়ক, উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকল আৰু সদস্য-সদস্যাসকল, লগতে ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত (GMC election 2022) পূৰ্ণ উদ্যমেৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে দলৰ সাংগঠনিক কাৰ্যপ্ৰণালী সন্দৰ্ভত সভাৰ জৰিয়তে আলোচনা কৰা হয় যদিও দলটোৱে পৌৰ নিগমৰ কেইটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । জানিব পৰা মতে, বিজেপিয়ে ৬০ টা ৱাৰ্ডৰ ভিতৰত অগপক মাত্র ৫-৬ টা ৱাৰ্ড এৰি দিব ।

লগতে পঢ়ক : দৰং জিলাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় কয়লা মন্ত্ৰীৰ ২ কোটি টকাৰ অনুদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.