গুৱাহাটী,17 ফেব্ৰুৱাৰীঃ আমবাৰীস্থিত অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত যুৱ পৰিষদৰ গুৰুত্বপূৰ্ণ সভা ৷ আগন্তুক 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনক উদ্দেশ্য কৰিয়েই এই সভাখন অনুষ্ঠিত কৰা হয় ৷ 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনত ছ’চিয়েল মিডিয়াৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব অগপই ৷ বিজেপিৰ দৰে ছ’চিয়েল মিডিয়াক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে সভাপতি অতুল বৰাই ৷ তেখেতে লগতে কয় যে, ৮৪খন আসনত নিৰ্বাচন খেলা অভিজ্ঞতাৰে পুষ্ট অগপ ৷ এতিয়াও প্ৰতিটো সমষ্টিতে আমাৰ নিষ্ঠাবান কৰ্মী আছে ৷ 2021 বৰ্ষত তেঁওলোকক লৈয়ে আগবাঢ়িম ৷ উল্লেখ্য যে, ফিল্মফেয়াৰৰ পৰা অসমৰ কেনেধৰণৰ লাভ হৈছে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে, অসমৰ নাম নজনা দুজন আৰবী ব্যৱসায়ীয়ে ফিল্মফেয়াৰলৈ আহি মোক লগ ধৰি বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰি গৈছে'।
![AGP will focus on social media for the 2021 election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6107502_2.jpg)
সমান্তৰালকৈ অগপৰ কেন্দ্ৰীয় মহিলা পৰিষদৰ গুৰুত্বপূৰ্ণ সভা অনুস্থিত হয় অগপৰ মুখ্য কাৰ্যালয়ত ৷ উক্ত সভাত উপস্থিত থাকে দলটোৰ মহিলা সভানেত্ৰী বৰডা বৰাৰ লগতে জিলা সমূহৰ বিষয়ববীয়া সকল ৷ উক্ত সভাত মহিলা পৰিষদে দলৰ পৰবৰ্তী পৰিকল্পনাসমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰাৰ লগতে আগন্তুক নগৰ পালিকা নিৰ্বাচনত দলৰ ভেটে সৱল কৰাৰ বাবে আলোচনা কৰে ৷ মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী বৰডা বৰাই কয় যে, 'এই খন আমাৰ তৃতীয় মহিলা পৰিষদৰ সভা ৷ প্ৰত্যেক বছৰে আমাৰ মহিলা পৰিষদৰ সভা অনুস্থিত কৰা হয় ৷'
লগতে পঢ়ক-সেনাত মহিলাৰ স্থায়ী আয়োগ : কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ