ৰঙিয়া, 31 আগষ্ট : ‘‘লাহে লাহে অসমৰ জন মানসৰ পৰা নিচিহ্ন হোৱাৰ দিশে অগ্ৰসৰ সৈছে কংগ্ৰেছ দল ৷ কেৱল সংখ্যালঘু ভোট হস্তগত কৰাৰ বাবেই 2021 চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফ দলৰ সৈতে মিত্ৰতাৰ বান্ধোনত বান্ধ খাইছিল দলটোৱে ৷ কেৱলমাত্ৰ ক্ষমতা লাভৰ স্বাৰ্থতেই মিত্ৰতা কৰা দল কেইটাই পুনৰ এতিয়া ক্ষমতা লাভৰ স্বাৰ্থতেই মিত্ৰতা ভংগ কৰিছে ৷’’ এই মন্তব্য কৰিছে অসম গণ পৰিষদ(AGP) দলৰ কেন্দ্ৰীয় উপ সভাপতি সুনীল ডেকাই ৷
ৰঙিয়াত অনুষ্ঠিত হোৱা অগপ(AGP)ৰ এখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি এই মন্তব্য কৰে ডেকাই ৷ ইফালে, হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ(BPF) দলৰো কংগ্ৰেছৰ প্ৰতি লাহে লাহে এতিয়া মোহভংগ হোৱা বুলি মন্তব্য কৰিছে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপ-সভাপতি গৰাকীয়ে ৷ কংগ্ৰেছ(Congress) দলত কোনোধৰণৰ নীতি আদৰ্শ নথকাৰ অভিযোগ কৰি কংগ্ৰেছৰ পৰা বিপিএফৰ লগতে খোদ কংগ্ৰেছ দলটোৰে নেতা কৰ্মীসকলো আঁতৰি আহিব বুলি মন্তব্য কৰে তেওঁ ৷
ইফালে, চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে বৰ্তমান অসমৰ সীমা সমস্যা তুংগত উঠাৰ বিষয়টোৰ ওপৰতো তেওঁ মন্তব্য কৰে ৷
চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে চলি থকা সীমা সমস্যা(border conflict with neighbouring state)ৰ বিষয়ে উল্লেখ কৰি নেতা গৰাকীয়ে কয় যে, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে । অনাগত দিনত মুখ্যমন্ত্ৰী গৰাকীয়ে নিশ্চিতভাৱে এই সমস্যা সমাধানৰ বাট মুকলি কৰিব তেওঁ আস্থা প্ৰকাশ কৰে । মন কৰিব লগীয়া বিষয় যে, ৰঙিয়াত দেওবাৰৰ দিনটোত অগপ দলৰ কাৰ্যনিৰ্বাহক সভা যোগে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অগপত যোগদান কৰে ।
লগতে পঢ়ক : মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ