ETV Bharat / state

Assam Municipal election 2022: পৌৰ নিৰ্বাচনত অকলশৰীয়া অগপৰ অস্তিত্বৰ সংকট

author img

By

Published : Dec 10, 2021, 3:26 PM IST

পৌৰ নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে শ'লঠেকত পৰিছে অগপৰ নেতৃত্ব (AGP party worried about municipal elections)। ২০১৮ চনত বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ পাছতো অগপই পঞ্চায়ত নির্বাচনত অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নামি মুখথেকেচা খাবলগীয়া হৈছিল । ২০১৪ৰ লোকসভা, ২০১৫ৰ পৌৰ নিৰ্বাচনৰ দৰে ২০১৮ অনুষ্ঠিত হোৱা পঞ্চায়ত নির্বাচনত বিজেপিয়ে বৃহৎ সাফল্য প্রদর্শন কৰাৰ বিপৰীতে অগপই বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল । সমষ্টিসমূহ দখলত থাকিলেও অগপৰ বিধায়কসকলে পৌৰ সভা দখল কৰিব পাৰিব নে সেই কথা নির্ণয় হ'ব পৌৰ নিৰ্বাচনত ।

Assam Municipal election 2022
পৌৰ নিৰ্বাচনত অকলশৰীয়া অগপৰ অস্তিত্বৰ সংকট

গুৱাহাটী,১০ ডিচেম্বৰ : পৌৰ নির্বাচনক লৈ দোমোজাত পৰিছে মিত্রজোঁট চৰকাৰৰ অংশীদাৰ দল অগপ (AGP party worried about municipal elections)। পৌৰ নির্বাচনৰ প্রস্তুতিক লৈ অগপই (AGP) এখন বৈঠকত মিলিত হৈছিল যদিও দলটোৱে এককভাৱে নে মিত্ৰতাৰে পৌৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই কথা স্পষ্ট কৰা নাছিল । ইয়াৰ বিপৰীতে বিজেপিয়ে (BJP) অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নমাৰ সিদ্ধান্ত গ্রহণ কৰিছে (BJP to contest municipal elections alone)। বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্তই মিত্ৰজোঁটৰ অংশীদাৰ দল অগপ যে জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে সেই কথা স্পষ্ট হৈ পৰিছে ।

উল্লেখ্য যে বিজেপিৰে মিত্রজোঁটত বর্তমানে আছে আন এটা অংশীদাৰ দল ইউ পি পি এল (UPPL)। বিজেপিয়ে পৌৰ নির্বাচনত অকলশৰীয়াকৈ নমাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই মিত্র দল ইউ পি পি এলক অলপো বিবুধিত পেলোৱা নাই । কাৰণ বি টি আৰত পৌৰ নির্বাচন অনুষ্ঠিত নহয় । ২০১৮ চনত বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ পাছতো অগপই পঞ্চায়ত নির্বাচনত অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নামি মুখথেকেচা খাবলগীয়া হৈছিল ।

২০১৪ ৰ লোকসভা, ২০১৫ ৰ পৌৰ নিৰ্বাচনৰ দৰে ২০১৮ত অনুষ্ঠিত হোৱা পঞ্চায়ত নির্বাচনত বিজেপিয়ে বৃহৎ সাফল্য প্রদর্শন কৰাৰ বিপৰীতে অগপই বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিল । সেয়েহে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নির্বাচনক লৈ বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্তই মিত্ৰজোঁটৰ অংশীদাৰ দলটোক শ'লঠেকত পেলাইছে । কাৰণ পৌৰসভা আৰু নগৰ সমিতিসমূহ চহৰাঞ্চলৰ এলেকাক লৈ গঠন কৰা হয় । চহৰাঞ্চলৰ ভোটাৰৰ মাজত বিজেপিৰ সমর্থকৰ সংখ্যা অধিক ।

২০১৬ৰ বিধানসভা নির্বাচনত বিজেপিৰ লগত মিত্ৰতাৰে অৱতীৰ্ণ হৈ অগপৰ ১৪ গৰাকী বিধায়ক নির্বাচিত হৈছিল । ২০২১ৰ নিৰ্বাচনত মিত্ৰতাৰে অৱতীর্ণ হৈ অগপৰ শক্তি হ্রাস হৈছিল ৯ গৰাকীলৈ । ২০২২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পৌৰ নির্বাচনত বিজেপিয়ে সংগ এৰাত অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নামি শোচনীয় ফল প্রদর্শন কৰিলে মিত্রতাত থকা দলটোৰ গুৰুত্ব হ্রাস পোৱাটো খাটাং হৈ পৰিব । ইয়াৰ বিপৰীতে পৌৰ নিৰ্বাচনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত আনটো মিত্র দল ইউ পি পি এলৰ বাবে চিন্তিত হ'বলগীয়া কোনো কাৰণ নাথাকিব ।

উল্লেখ্য যে পৌৰ নিৰ্বাচনত অকলশৰীয়াকৈ প্রতিদ্বন্দ্বিতাত নমাটো ইতিমধ্যে নিশ্চিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । ইফালে পৌৰ নিৰ্বাচনক লৈ বিশেষভাৱে তৎপৰ হৈ পৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব । দিল্লীত এই সন্দৰ্ভত মুখ্যমন্ত্রীৰে আলোচনাত বহিছে কেন্দ্ৰীয় গৃহমন্ত্রী । গতিকে বিজেপিয়ে পৌৰ নিৰ্বাচনক লৈ বিশেষ ৰণকৌশল অৱলম্বন কৰিছে ।

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনৰ বাবে জানুৱাৰী মাহত বিজেপিয়ে প্রার্থী তালিকা প্রকাশ কৰিব । উল্লেখ্য যে পৌৰ নিৰ্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতে শ'লঠেকত পৰিছে অগপৰ নেতৃত্ব । মিত্ৰজোঁটৰ অংশীদাৰ দল অগপৰ বর্তমানে থকা বিধায়কৰ সংখ্যা ৯ গৰাকী । ইয়াৰ ভিতৰত কার্যকৰী সভাপতি কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত পৌৰসভা বা নগৰ সমিতি নাই ।

অর্থাৎ মহন্তৰ বাদে আন সকলোবোৰ বিধায়কৰে সমষ্টিত পৌৰ সভা বা নগৰ সমিতি আছে । বিজেপিৰ লগত মিত্ৰতাৰ অবিহনে নিজ নিজ সমষ্টিত থকা নগৰ সমিতি বা পৌৰসভা অগপৰ বিধায়কসকলে হাতত ৰাখিব পাৰিবনে নোৱাৰে সেয়া জটিল প্রশ্ন হৈ পৰিছে । কাৰণ বিজেপিৰ লগত মিত্ৰতাৰ অবিহনে চাবুৱাত পোনাকণ বৰুৱাই, আমগুৰিত প্রদীপ হাজৰিকাই, টীয়ক আৰু বোকাখাতত ক্ৰমে ৰেণুপমা ৰাজখোৱা আৰু অতুল বৰাই, তেজপুৰ আৰু বঙাইগাঁৱত পৃথ্বীৰাজ ৰাভা আৰু ফণীভূষণ চৌধুৰীয়ে, ৰমেন্দ্র নাৰায়ণ কলিতাই গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত, দেৰগাঁৱত ভৱেন ভৰালীয়ে দলৰ স্থিতি অক্ষুন্ন ৰাখিব পাৰিবনে নোৱাৰে তাৰ বাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া পৌৰ নিৰ্বাচনত ।

২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হৈছিল পৌৰ নির্বাচন । সেই নির্বাচনত অগপই একমাত্র বঙাইগাঁও পৌৰ সভাখনহে দখল কৰিবলৈ সক্ষম হৈছিল । অনুৰূপভাৱে সেই সময়ৰ অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ পাটাছাৰকুছিৰ লগতে ঢকুৱাখনা নগৰ সমিতি দুখনহে অগপই দখল কৰিবলৈ সক্ষম হৈছিল ।

অগপৰ বিধায়ক থকা সমষ্টি চাবুৱাত নগৰ সমিতি, আমগুৰিত পৌৰ সভা, টীয়ক আৰু বোকাখাতত নগৰ সমিতি তেজপুৰ আৰু বঙাইগাঁৱত পৌৰ সভা, পশ্চিম গুৱাহাটীত পৌৰ নিগম আৰু দেৰগাঁৱত পৌৰ সভা আছে । কেৱল মাত্র কলিয়াবৰত পৌৰ সভা বা নগৰ সমিতি নাই । সমষ্টিসমূহ দখলত থাকিলেও পৌৰ সভা দখল কৰিব পাৰিব নে সেই কথা নির্ণয় হ'ব পৌৰ নিৰ্বাচনত । ইতিমধ্যে শাসকীয় বিজেপি দলৰ লগতে বিৰোধী দলসমূহেও পৌৰ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ।

লগতে পঢ়ক :City bus fare price in Guwahati : মহানগৰীত প্ৰশাসনে প্ৰকাশ কৰিলে চিটি বাছৰ ভাড়াৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.