ETV Bharat / state

সমষ্টি পৰিবৰ্তন হ’ব অগপৰ বহু জ্যেষ্ঠ নেতাৰ: টিকটক লৈও সংকট - প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে এইবাৰ বঢ়মপুৰ সমষ্টিত অগপ প্ৰাৰ্থী হিচাপে হয়তো দেখা যাব পাৰে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তক ।

AGP LEADERS MAY LOST THEIR CONSTITUENCY
সমষ্টি পৰিবৰ্তন হ’ব অগপৰ বহু জ্যেষ্ঠ নেতাৰ: টিকটক লৈও সংকট
author img

By

Published : Nov 13, 2020, 9:03 PM IST

গুৱাহাটী, 13 নৱেম্বৰ: ১৯৮৫ চনৰে পৰা বহু বিধানসভা সমষ্টিত দেখি অহা কেইবাজনো অগপ বিধায়ক তথা নেতাক ২০২১ ৰ নিৰ্বাচনত সেই সমষ্টিসমূহত হয়তো অগপ প্ৰাৰ্থী ৰূপে দেখা নাযাবও পাৰে । কিয়নো, '২১ ৰ নিৰ্বাচনত অগপই কোন কেইটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব সেই সিদ্ধান্ত বিজেপিৰ সৈতে আলোচনা কৰিহে লোৱা হ’ব । তদুপৰি অগপৰ আভ্যন্তৰীণ ৰাজনীতিৰ বাবেও কেইবাটাও সমষ্টিত নিশ্চিতভাবে দেখা নাযাব সেই পৰিচিত নেতাসকলৰ মুখ ।

বিশেষকৈ সুদীৰ্ঘ সময় ছয়গাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি অহা অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ড0 কমলা কলিতাই এইবাৰ ছয়গাঁৱৰ পৰিবৰ্তে প্ৰতিদ্বন্দিতা কৰিবলগীয়া হ’ব পলাশবাৰী সমষ্টিৰ পৰা । কিয়নো সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে স্বাস্থ্যজনিত কাৰণতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা ক্ষীণ । একেদৰে, ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ড0 জয়নাথ শৰ্মাই বিগত সময়ত অগপ এৰি কংগ্ৰেছত যোগদান কৰিছিল যদিও পিছত পুনৰ অগপত যোগদান কৰে । শৰ্মাৰ আশা মাত্ৰ এটাই, ২০২১ ৰ নিৰ্বাচনত পুণৰ অগপ প্ৰাৰ্থী ৰূপে ছিপাঝাৰৰ পৰা প্ৰতিদ্বন্দিতা কৰা । কিন্তু তেওঁৰ সেই আশাত ইতিমধ্যে চেঁচা পানী পৰিছে । কিয়নো অলপতে অগপত যোগদান কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড0 পৰমানন্দ ৰাজবংশী এইবাৰ ছিপাঝাৰত অগপ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত ।

অনুৰূপভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে এইবাৰ বঢ়মপুৰ সমষ্টিত অগপ প্ৰাৰ্থী হিচাপে হয়তো দেখা যাব পাৰে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তক । একেদৰে পাটাছাৰকুছি সমষ্টিৰ পৰা এইবাৰ বৰ্তমানৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ পৰিৱৰ্তে অলপতে অগপত যোগ দিয়া ৰঞ্জিৎ ডেকাই প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত । একেদৰে সমষ্টি সলনি হ’ব পাৰে তেজপুৰৰ বৰ্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীৰো । এই সমষ্টিটো ২০২১ ৰ নিৰ্বাচনত অগপই বিজেপিক এৰি দিয়াৰ সম্ভাৱনাই প্ৰৱল ।

লগতে পঢ়ক: নিৰ্বাচন সমুখতঃ বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.