গুৱাহাটী,13ফেব্ৰুৱাৰী: শনিবাৰে অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য়ালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷ অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন আছু নেতাদ্বয় মনোৱাৰ হুছেইন, সীমান্ত ঠাকুৰীয়াৰ লগতে বহুকেইগৰাকী ছাত্ৰ নেতাই দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে যোগদান কৰে অগপ দলত ৷ ইপিনে এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, উপ সভাপতি সুনীল ডেকাৰ লগতে দলৰ তথ্য-প্ৰযুক্তিৰ সম্পাদক মণিমাধৱ মহন্ত ৷
আনহাতে, অগপ সভাপতি অতুল বৰাই যোগদান কৰা সকলো প্ৰাক্তন ছাত্ৰ নেতাক আদৰণি জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ নেতাসকলৰ যোগদানে আগন্তুক সময়ত অগপ দলৰ ভেটি মজবুত কৰাৰ লগতে দলৰ কৰ্মীসকলক সাহস আৰু উৎসাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷ তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচন বিজেপি মিত্ৰজোঁট দলেই শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ'ব বুলি কৈ কংগ্ৰেছ মহাজোঁট জয়ী হ'ব নোৱাৰে বুলি কয় সভাপতি অতুল বৰাই ৷ যোগদান সভাত সভাপতি বৰাই আছুকো কটাক্ষ কৰি আছুয়ে এতিয়া ৰাজনৈতিক দলৰ লগত লগ লাগি ৰাজনীতি কৰিছে বুলি মন্তব্য কৰি আছুৰ পূৰ্বৰ আদৰ্শ বৰ্তমান নাই বুলি সমোলোচনা কৰে ৷
লগতে পঢ়কঃ চন্দ্ৰপুৰত ৰে'ল পথৰ সুৰংগ খান্দি থকা অৱস্থাত ভূমিস্খলন: আবদ্ধ বহুজন