ETV Bharat / state

বিজেপিৰ পৰা এইবাৰ অধিক আসন বিচাৰিব অগপইঃ অতুল বৰা

author img

By

Published : Nov 3, 2020, 7:47 PM IST

আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত যোগদান সভা ৷ গণ পৰিষদত যোগ দিলে সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী কস্তুৰী চুতীয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷

AGP joining at ambari guwahati
বিজেপিৰ পৰা এইবাৰ অধিক আসন বিচাৰিব অগপইঃ অতুল বৰা

গুৱাহাটী,3 নৱেম্বৰঃ মঙলবাৰে আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত হৈ যায় ৷ সভাত অগপ সভাপতি অতুল বৰাই এক বিশেষ মন্তব্য প্ৰকাশ কৰি কয় যে,“1985 চনৰ পৰা এতিয়ালৈ 85 টা ভিন্ন সমষ্টিত বিজয়ী হৈছোঁ। সেই শিপা থকা প্ৰতিটো সমষ্টিত আমি সাৰ পানী দিয়া কাম পূৰ্ণগতিত কৰি আছো আৰু কৰি যাম ৷ অগপ দলে সদায় ৰাইজৰ হৈ কাম কৰি আছে আৰু কৰি যাব” ৷

আনহাতে মিত্ৰতা প্ৰসংগতো অতুল বৰাই কয় যে, মিত্ৰতাৰ ৰাজনীতি অসমতেই নহয়, ভাৰতৰ অন্য ৰাজ্যত আৰু কেন্দ্ৰত মিত্ৰতাৰে চৰকাৰ চলিছে। ইয়াত কোনো অস্বাভাৱিকতা নাই ৷ নিৰ্বাচনলৈ সময় বহু আছে। ৰাজনীতিত এইবোৰ চলি থাকিব, এইয়া নিৰ্বাচনৰ খেলৰ এটা অংশ। আমি কিন্তু এই সময়ত সংগঠন শক্তিশালী কৰা কাম কৰি গৈ আছো ৷ যোৱা বাৰ 24 খন আসনত যুজঁ দিছিলো, 14 খনত জয়ী হৈছিলো। জয়ী হোৱা সমষ্টি আৰু পৰাজয় হোৱা সমষ্টি সকলোতে আমাৰ কৰ্মকর্তাই কাম কৰি আছে।

আনহাতে বিজেপিৰে আসন বুজাবুজিৰ সম্পৰ্কত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে, “পুৰ্বৰ তুলনাত বিজেপিৰ পৰা অধিক আসন বিচাৰিব অগপই” ৷ অতুল বৰাৰ এই মন্তৱ্যই ৰাজনৈতিক মহলত বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ বিটিচিত লিডাৰশ্বিপ নহ’লেও পাৰ্টনাৰশ্বিপত থাকিব বিজেপিঃ ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.