ETV Bharat / state

Constituency delimitation: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ বিজেপিৰ সুৰতেই সুৰ মিলালে অগপ আৰু ইউপিপিএলে - Assam constituency delimitation

সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিজৰ স্থিতি স্পষ্ট কৰিলে বিজেপিৰ মিত্ৰ দল অগপ আৰু ইউপিপিএলয়ে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত বিজেপিৰ সুৰতেই সুৰ মিলালে অতুল বৰা আৰু প্ৰমোদ বড়োৱে ৷ নিৰ্বাচন আয়োগৰ বৈঠকত কংগ্ৰেছ উপস্থিত নথকাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰমোদ বড়োৰ (Delimitation of constituency) ৷

Constituency delimitation
সমষ্টি পুনঃনিৰ্ধাৰণক লৈ আপত্তি নাই অগপ আৰু ইউপিপিএলৰ
author img

By

Published : Mar 27, 2023, 9:30 PM IST

সমষ্টি পুনঃনিৰ্ধাৰণক লৈ আপত্তি নাই অগপ আৰু ইউপিপিএলৰ

গুৱাহাটী, 27 মাৰ্চ: সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত হয় বৈঠক ৷ ৰাজ্যৰ 11 টা ৰাজনৈতিক দলৰ সৈতে দেশৰ নিৰ্বাচন আয়োগে আহ্বান কৰা এই বৈঠকত অৱশ্যে উপস্থিত নাথাকিল কংগ্ৰেছ দল ৷ বৈঠকৰ অন্তত শাসকীয় দল বিজেপিৰ সুৰতেই সুৰ মিলালে সহযোগী দল অগপ আৰু ইউপিপিএলে (Election commission meeting in Guwahati) ৷

বৈঠকৰ অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমক কয়, ‘‘উজনি অসমত বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া আদি জিলাত জনসংখ্যা বৃদ্ধি হোৱা নাই ৷ নামনি অসমত বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও আদি জিলা জনসংখ্যা বৃদ্ধি হৈছে ৷ জননিয়ন্ত্ৰণ সঠিকভাৱে কৰাৰ বাবে উজিন অসমত বিশেষকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া আদি জিলাত জনসংখ্যা বৃদ্ধি হোৱা নাই ৷ কিন্তু জননিয়ন্ত্ৰণ সঠিকভাৱে নকৰাৰ বাবে নামনি অসমত বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, নগাঁও আদি জিলা জনসংখ্যা বৃদ্ধি হৈছে ৷ গতিকে 2001 চনৰ লোক পিয়লমতে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিলে কাৰোৰে প্ৰতি অন্যায় কৰা নহয় (Atul Bora on constituency delimitation) ৷’’

ধেমাজি জিলাত আসনৰ‌ সংখ্যা বৃদ্ধি কৰাৰ‌ বাবে আয়োগক আহ্বান কৰা বুলিও সদৰী কৰে অগপৰ সভাপতি অতুল‌ বৰাই‌ কয় ৷ ইফালে, ইউপিপিএলৰ সভাপতি প্ৰমোদ‌ বড়োয়ে কয়, ‘‘আয়োগে সঠিকভাৱে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব ৷ তাত আমাৰ‌ বিশ্বাস আছে ৷ বৈঠকত আমাৰ কথাবোৰা আগবঢ়াইছো ৷’’ মুঠৰ ওপৰত সমষ্টি পুনঃনিৰ্ধাৰণক লৈ কোনো অসুবিধা নাই বিজেপিৰ মিত্ৰ দল অগপ আৰু ইউপিপিএলৰ (Pramod Boro on constituency delimitation) ৷ ইফালে, কংগ্ৰেছ দলে বৈঠকত অংশ নোলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কংগ্ৰেছে ৰাইজৰ আস্থা হেৰুৱাইছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, এক সংবাদমেল সম্বোধন কৰি 11 টা ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচন আয়োগে আহ্বান কৰা বৈঠকত উপস্থিত নথকাৰ কাৰণ ব্যাখ্যা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সমষ্টি পুনঃনিৰ্ধাৰণক লৈ কংগ্ৰেছ দলে নিৰ্বাচন আয়োগক দিয়া স্মাৰক পত্ৰৰ উত্তৰ আয়োগে নিদিয়াৰ বাবেই এই বৈঠক বৰ্জন কৰে কংগ্ৰেছে ৷ নিৰ্বাচন আয়োগৰ অসম ভ্ৰমণৰ আঁৰত গোপন অভিসন্ধি থকা বুলিও অভিযোগ উত্থাপন কৰে ভূপেন বৰাই (Assam constituency delimitation) ৷

লগতে পঢ়ক: Delimitation of constituencies: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগৰ বৈঠক বয়কট কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.