ETV Bharat / state

অসম গণ পৰিষদ আৰু বিপিএফে দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিছেঃ অখিল গগৈ - Akhil Gogoi Press Meet at Guwahati 2 dec on Cab

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ 5 ডিচেম্বৰত লাষ্টগে'টত ধৰ্ণাত বহিব সংগঠনটো ৷ সংবাদমেলত সাংবিধানিক সুৰক্ষা কৱচে অসমীয়া জাতিক বচাব নোৱাৰে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে ৷

akhil gogoi press meet against cab
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল
author img

By

Published : Dec 2, 2019, 10:10 PM IST

Updated : Dec 2, 2019, 10:28 PM IST

গুৱাহাটী , 2 ডিচেম্বৰঃ কেব সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দল-সংগঠনৰ আলোচনা এক ভেকোঁভাওনা আছিল বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ ৷ সোমবাৰে সংগঠনটোৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি অখিল গগৈয়ে কয় যে, কেব সম্পর্কত এক ভ্ৰান্তি বিয়পাই দিয়া হৈছে । বিধেয়কখন গৃহীত হ'লে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যয়ো ৰেহাই নাপাব ৷ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মণিপুৰৰ ইম্ফল ভেলী আদি ঠাইত বিশেষভাৱে প্ৰভাৱ পৰিব । অৰুণাচল প্ৰদেশক কেবৰ আওঁতাৰ পৰা বাহিৰত ৰখা হৈছে বুলি কোৱা হৈছে যদিও প্ৰকৃততে সেইয়া নহয় ৷ অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে যি ইনাৰ লাইন পাৰ্মিট লাগে সেইয়াহে বাহাল থাকিব ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

অখিল গগৈয়ে কয় যে, "কেব আহিলে অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব । অসম গণ পৰিষদ আৰু বিপিএফে আত্মসমৰ্পণ কৰিছে দিল্লীৰ ওচৰত । অসম সাহিত্য সভায়ো "ভাষা- সংস্কৃতিক ৰক্ষা কৰিলেই হ'ব" আদি মন্তব্যৰে বিশ্বাসঘাটকতা কৰিলে । কেন্দ্ৰৰ বিৰুদ্ধে যাতে কোনেও সৱল স্থিতি গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেই এই বিধেয়কখন অনা হৈছে । নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ পাছত সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ সন্দৰ্ভত নেতাজনে কয় যে , "সাংবিধানিক সুৰক্ষা কৱচে অসমীয়া জাতিক বচাব নোৱাৰে ৷"

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অখিল গগৈৰ সংবাদমেল

অসমীয়া জাতিয়ে আশংকাৰ মাজত দিন কটাইছে বুলি মন্তব্য কৰি অখিল গগৈয়ে বিধেয়কখনৰ বিৰুদ্ধে হ'ব লগা ধাৰাবাহিক আন্দোলনত অসমৰ ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্য যে, 5 ডিচেম্বৰত দিছপুৰ লাষ্টগেটত বিশাল গণ-ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়কঃগুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’

Intro:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

Body:নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে গান্ধীবস্তিস্থিত কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কয় গৃহমন্ত্ৰীৰ সৈতে হোৱা আলোচনা এক ভেকোভাওনাৰূপে প্ৰতিষ্ঠিত হৈছে। এক আশঙ্কাৰ মাজেৰে দিন কটাবলগীয়া হৈছে অসমবাসীয়ে ।

কেবৰ সম্পর্কত এক ভ্ৰান্তি বিয়পাই দিয়া হৈছে । ইনাৰ লাইন পাৰ্মিত থকা ঠাইও ৰেহাই নাপাব । কেব আহিলে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মণিপুৰৰ ইম্ফল ভেলী আদি ঠাইত বিশেষভাৱে প্ৰভাৱ পৰিব। অৰুণাচল প্ৰদেশক কেবৰ আওতাৰ পৰা বাহিৰত ৰাখিছে । কিন্তু আচলতে সেইয়া নহয় । অৰুণাচলত গলে ইনাৰ লাইন পাৰ্মিত লব লাগে সেইয়াহে বাহাল থাকিব।

কেব আহিলে অসমীয়া ভাষা - সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰিব । অসম গণ পৰিষদ আৰু বিপিএফে আত্মসমৰ্পণ কৰিছে দিল্লীৰ ওচৰত। অসম সাহিত্য সভাইও ভাষা- সংস্কৃতিক ৰক্ষা কৰিলেই হব আদি মন্তব্যৰে বিশ্বাসঘাটকতা কৰিলে । কেন্দ্ৰৰ বিৰুদ্ধে যাতে কোনেও সবল স্থিতি গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবেই এই কেবখন অনা হৈছে ।

কেব আনিলে সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ কথাৰ সন্দৰ্ভত গগৈয়ে কয় যে সুৰক্ষা কৱচে অসমীয়া জাতিক বচাব নোৱাৰে।

কেবৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কেইবাটাও কাৰ্য্যসূচী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাতত লৈছে। এই সম্পৰ্কে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে ধৈৰ্য কোঁৱৰৰ নেতৃত্বত ধেমাজিত আজি জোৰ সমদল উলিওৱা হব। ৫ তাৰিখে দিছপুৰ লাষ্টগেটত গণ ধৰ্ণাৰ আয়োজন কৰা হ'ব । কালিলৈ গুৱাহাটী ৰতাৰী ক্লাৱৰ পৰা আসাম ইঞ্জিয়াৰিং ফিল্ডলৈ জোৰ সমদল উলিওৱা হব। এই কাৰ্যসূচীসমূহত সকলোকে অংশগ্ৰহণ কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনায় অখিল গগৈয়ে।

Conclusion:Asrar Ansari
গুৱাহাটী
Last Updated : Dec 2, 2019, 10:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.