ETV Bharat / state

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ সংবাদমেল

author img

By

Published : Dec 16, 2020, 10:46 PM IST

দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ সংবাদমেল ৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সৃষ্টি হোৱা বহু অসুবিধা আৰু বেমেজালিৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিয়ে ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে আগন্তুক বিধানসভা নিৰ্বাচনেই নিযুক্তি প্ৰক্ৰিয়াৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়ে ৰাজ্য চৰকাৰক ৷

Agitation of those who have passed TET demanding permanent employment
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিৰ সংবাদমেল

গুৱাহাটী, 16 ডিচেম্বৰ : শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত সৃষ্টি হোৱা বহু অসুবিধা আৰু বেমেজালিৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমিতিয়ে ৷ সমিতিৰ অভিযোগ এজন প্ৰাৰ্থীৰ নাম তিনিখনকৈ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ফলত দুটাকৈ পদ খালী হৈ থাকে য'ত আন শিক্ষকে আবেদন কৰিব পাৰে ৷ কিন্তু পূৰ্বতে শিক্ষক পদত নিযুক্ত হৈ থকাৰ পাছতো পুনৰ সেইসকল প্ৰাৰ্থীয়ে আবেদন জনোৱাৰ পাচত চূড়ান্ত তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ বাবেই টেট উত্তীৰ্ণ আন শিক্ষক সকলৰ নিযুক্তিত নানা খেলি মেলি হৈ আছে ৷

উল্লেখ্য যে, তেনেকুৱা তালিকা ইতিমধ্যে শিক্ষা বিভাগৰ হাতত অৰ্পন কৰাৰ পাচতো বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ একাংশ প্ৰাৰ্থীয়ে ভুৱা নথি পত্ৰৰে নিযুক্তি পোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচত এনে অবৈধ প্ৰাৰ্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে শিক্ষক সন্থাটোৱে ৷ প্ৰত্যেক বাৰে নিযুক্তিৰ ক্ষেত্ৰত বহুসংখ্যক প্ৰাৰ্থী বাদ পৰি যায় বুলিও মন্তব্য কৰাৰ লগতে তেওঁলোকৰ নথিপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ দাবী উত্থাপন কৰে ৷ ইয়াৰ উপৰিও ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিযুক্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে আগন্তুক বিধানসভা নিৰ্বাচনেই নিযুক্তি প্ৰক্ৰিয়াৰ সময় সীমা নিৰ্ধাৰণ কৰি দিছে ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক: বিটিচি পৰিষদ গঠন : ন্যায়ালয়ৰ কাষ চাপিব বিপিএফ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.