গুৱাহাটী,4 ডিচেম্বৰ : ভূ-গৰ্ভস্থ গেদীয় গাঁঠনি আৰু ভূমিৰ বিন্যাস সম্পৰ্কে তথ্য আহৰণৰ বাবে বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডে শুভাৰম্ভ কৰিছে এক নতুন জৰীপৰ । শেহতীয়াকৈ আৰম্ভ কৰা এই নতুন জৰীপ ব্যৱস্থাৰ জৰিয়তে ভূ-গৰ্ভৰ বহু ৰহস্য লাভ কৰিবলৈ সহজ হৈ পৰিব বুলি জানিব পৰা গৈছে ৷
![agg and gm survey started by oil india](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-oil-survey-7206058_03122020223817_0312f_1607015297_530.jpg)
প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই জৰীপ দুটাৰ নাম হৈছে Airborne Gravity Gradiometry (AGG) আৰু Gravity Magnatic (GM) । এই নতুন জৰীপ ব্যৱস্থাই অসম তথা উত্তৰ-পূৱৰ বহু দুৰ্গম অঞ্চলক সামৰি ল’ব । তাৰ ভিতৰত অন্যতম হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ নদীতল আৰু অসম-অৰুণাচল সীমান্তৰ বহু ভিতৰুৱা অঞ্চল ।
উল্লেখ্য যে, AGG সমীক্ষাই মাধ্যাকৰ্ষণিক ত্বৰণ পৰিৱৰ্তনৰ স্থানিক মাপ পৰিমাপন কৰে । লগতে এই দুয়োটা জৰীপে প্ৰায় 21,000 কিলোমিটাৰ দূৰত্ব সামৰি ল’ব বুলি অইল ইণ্ডিয়াই প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বাক্সাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল