গুৱাহাটী, 31 মে' : আন ল'ক ৱানত দিয়া হৈছে বহুখিনি শিঠিলতা । কন্টেইনমেন জ'নক বাদ দি বাকী অঞ্চলসমূহত মুকলি কৰা হৈছে শ্ব'পিং ম'ল, হোটেল, ৰেষ্টুৰেন্ট, ধৰ্মীয় অনুস্থানসমূহ । অহা ৮ জুনৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা । যাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে শ্ব'পিং ম'লৰ কৰ্মচাৰীসকল ।
উল্লেখযোগ্য যে, বিগত ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ বাবে প্ৰায় দুমাহৰো অধিক সময় শ্ব'পিং ম'লসমূহ বন্ধ হৈ পৰাত প্ৰায় ১৮ৰ পৰা ২০কোটি টকা লোকচান হয় বৃহৎ শ্ব'পিং ম'ল সমূহৰ । মহানগৰীৰ এই বৃহৎ শ্ব'পিং ম'ল সমূহত এটা প্ৰতিষ্ঠানতে প্ৰায় ৬০০ ৰ পৰা ৭০০ কৰ্মচাৰী নিয়োজিত হৈ থাকে অৰ্থাৎ মহানগৰীত প্ৰায় ১৫ টা শ্ব'পিং ম'লত ১৪ হাজাৰৰো অধিক কৰ্মচাৰী জড়িত হৈ আছিল ।
শ্ব'পিং ম'ল সমূহ বন্ধ হৈ থকাত এইসকল কৰ্মচাৰীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছিল । থিক সেইদৰে মহানগৰীৰ প্ৰায় ১৫ টা প্ৰতিষ্ঠানত প্ৰায় ১৪০ কোটি টকা লোকচান হোৱাৰ অনুমান কৰা গৈছে । কিন্তু এক দীঘলীয়া সময়ৰ অন্তত পুনৰ খুলিবলৈ নিৰ্দেশনা দিয়াত এতিয়া উৎফুল্লিত হৈ পৰিছে কৰ্মচাৰীসকল ৷