ETV Bharat / state

তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা - ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা

সুদীৰ্ঘ 35বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্যন্ত অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰা নহ'ল ৷ ঐতিহাসিক অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশোধনক লৈও বিভিন্ন সময়ত আলোচনা হ'ল, কিন্তু ৰাজনৈতিক মেৰপাকত পুনৰ এলাগি হৈ ৰয় এই দফা ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান বিষয় হৈ পৰে অসম চুক্তিৰ 6নং দফা ৷ ৰাইজক 6নং দফাৰ কাৰ্যকৰীকৰণ কৰাৰ টোপ দি ভোটৰ অংকত ব্যস্ত হৈ পৰে ৰাজনৈতিক দলসমূহ ৷

after-35years-not-implement-assam-accord-clause-6
তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা
author img

By

Published : Feb 9, 2021, 10:23 PM IST

নিউজ ডেস্ক,9ফেব্ৰুৱাৰী:অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল অসম চুক্তি ৷ সেই সময়ৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ উপস্থিতিত আছুৰ নেতৃত্বই ভাৰত চৰকাৰৰ ওচৰত এই চুক্তিত স্বাক্ষৰ কৰিছিল ৷ সেই চুক্তিৰ 6নং দফাত সাংবিধানিক,আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কথা উল্লেখ আছিল ৷ যাৰ বাবে এই দফাক কোৱা হয় অসম চুক্তিৰ আত্মা

কিন্তু দুখৰ বিষয়, সুদীৰ্ঘ 35বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্যন্ত অসম চুক্তিৰ ৬ নং দফা সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণ কৰা নহ'ল ৷ ঐতিহাসিক অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সংশোধনক লৈও বিভিন্ন সময়ত আলোচনা হ'ল, কিন্তু ৰাজনৈতিক মেৰপাকত পুনৰ এলাগি হৈ ৰয় এই দফা ৷ নিৰ্বাচনৰ প্ৰাকমূৰ্হুতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰধান বিষয় হৈ পৰে অসম চুক্তিৰ 6নং দফা ৷ ৰাইজক 6নং দফাৰ কাৰ্যকৰীকৰণ কৰাৰ টোপ দি ভোটৰ অংকত ব্যস্ত হৈ পৰে ৰাজনৈতিক দলসমূহ ৷

তিনিটা দশকৰ পিছতো ৰূপায়িত নহ'ল অসম চুক্তিৰ 6 নং দফা

যিসময়ত সমগ্ৰ অসমতে কা বিৰোধী আন্দোলনে পৰিৱেশ উত্তাল কৰি ৰাখিছিল সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হৈছিল ৷ 2019ৰ লোকসভা নিৰ্বাচন প্ৰাকমূৰ্হুতত কা বিৰোধী আন্দোলনৰ ঢৌৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াৰ আৱেগক ঢাল হিচাপে ব্যৱহাৰ কৰি 6নং দফা কাৰ্যকৰীকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ নিৰ্বাচন গ'ল,নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল কিন্তু সেই প্ৰতিশ্ৰুতি অসাৰ হৈয়ে ৰ'ল

ইপিনে,প্ৰতিটো ভাষণতে অসমৰ অস্তিত্ব ৰক্ষাৰ কথা কৈ অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো কেন্দ্ৰত নিজ দলৰ শাসন থকা স্বত্তেও 6নং দফা কাৰ্যকৰীকৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ লক্ষণীয় কথা এইয়ে যে,ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত উপস্থিত হৈ ইখনৰ পিছত আনখন জনসভাত অংশগ্ৰহণ কৰিছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি শাসনাধীন চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীয়েকিন্তু তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান সময়লৈকে কোনো এগৰাকী মন্ত্ৰীৰ মুখত উচ্চাৰণ হোৱা নাই অসম চুক্তিৰ গুৰুত্বপূৰ্ণ 6নং দফা ৷

উল্লেখযোগ্য যে,2019 চনৰ জুলাই মাহত অসম চুক্তিৰ 6নং দফা ৰূপায়নৰ ক্ষেত্ৰত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এখন 14জনীয়া কমিটি গঠন কৰি দিয়া হৈছিল ৷ এই কমিটি খনে 6নং দফাক কেন্দ্ৰ কৰি বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰি 2020চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণো কৰিছিল ৷ কিন্তু সেই প্ৰতিবেদন চৰকাৰে ৰাজহুৱা কৰা নাছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত বছৰৰ ফেব্ৰুৱাৰী মাহত সদৌ অসম ছাত্ৰ সন্থাই সংবাদমেল অনুষ্ঠিত কৰি 6নং দফা সন্দৰ্ভত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন ৰাজহুৱা কৰিছিল

প্ৰশ্ন হয়, অসম চুক্তিৰ 6নং দফা কেৱল নিৰ্বাচনকেন্দ্ৰিক ইচ্ছ্যু তথা প্ৰতিবাদৰ কাৰণ হৈয়ে থাকিব নেকি ? 6নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত কিয় বাৰে বাৰে পিছ হুহুকি আহে কেন্দ্ৰীয় চৰকাৰ ? আগন্তুক 2021ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ আকৌ ভাষণৰ কেন্দ্ৰবিন্দু হৈয়ে ৰ'ব নেকি 6নং দফা ৷ মন কৰিবলগীয়া যে,এই দফা বাস্তৱত কাৰ্যকৰী কেতিয়া হ'ব তাকে লৈ বৰ্তমানেও কোনো নিশ্চয়তা নাই ৷

লগতে পঢ়কঃ কিমিনৰ ঘটনাৰ প্ৰতিবাদত পহুমৰা-কিমিন সংযোগী পথ অৱৰোধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.