ETV Bharat / state

বনৰীয়া গাহৰিৰ সংকটৰ কাৰণ হ'ব নেকি আফ্ৰিকান ছোৱাইন ফিভাৰ? - আফ্ৰিকান ছোৱাইন ফিভাৰ

COVID-19ৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমবৰ্ধমান আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰা অসমৰ বনাঞ্চল সমূহত থকা গাহৰিৰ বিপদ নুই কৰিব নোৱাৰি । এই মহামাৰী যাতে বনৰীয়া গাহৰিৰ শৰীৰলৈ সংক্ৰমিত হ'ব নোৱাৰে, তাক লৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ পশু চিকিৎসা বিভাগ আৰু বন বিভাগ ।

african swine flu pandemic in assam
african swine flu pandemic in assam
author img

By

Published : May 9, 2020, 9:29 PM IST

Updated : May 10, 2020, 5:18 PM IST

গুৱাহাটী, 9 মে': COVID-19ৰ সমান্তৰালকৈ ৰাজ্যত বৰ্তমান ত্ৰাসৰ সৃষ্টি কৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰে । মানৱ শৰীৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা যোৱা নাই যদিও, এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা গাহৰিৰ মৃত্যুৰ সম্ভাৱনা ৯০ ৰ পৰা ১০০ শতাংশ । ১৯২১ চনত পোন প্ৰথমে আবিৰ্ভাৱ ঘটা এই ভাইৰাছৰ প্ৰভাৱ পোনপ্ৰথম বাৰৰ বাবে দেখা দিছে ভাৰতত । ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃত্যুৰ সংখ্যা 13033লৈ বৃদ্ধি পাইছে । ঘৰচীয়া গাহৰিৰ বাবে মৃত্যুৰ বতৰা কঢ়িয়াই অনা আফ্ৰিকান ছোৱাইন ফিভাৰ বনৰীয়া গাহৰিৰ বাবে কিমান ডাঙৰ সংকট ? বনৰীয়া গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিমান ? ইয়াৰ উত্তৰত ক'ব পাৰি আফ্ৰিকান ছোৱাইন ফিভাৰ গাহৰিৰ শৰীৰত সংক্ৰমিত হোৱা ভাইৰাছ, গতিকে এই ভাইৰাছে বনৰীয়া গাহৰিকো নিজৰ কবলত আনিব পাৰে ।

বনৰীয়া গাহৰিৰ সংকটৰ কাৰণ হ'ব নেকি আফ্ৰিকান ছোৱাইন ফ্লু?

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি পবিতৰা অভয়াৰণ্য বনৰীয়া গাহৰিৰ বিচৰণস্থলী । এই ক্ষেত্ৰত আফ্ৰিকান ছোৱাইন ফিভাৰ বনৰীয়া গাহৰিৰ শৰীৰলৈ সংক্ৰমিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । এই ৰোগ যাতে বনৰীয়া গাহৰিৰ শৰীৰলৈ সংক্ৰমিত হ'ব নোৱাৰে ইয়াৰ বাবে ৰাজ্যৰ পশু চিকিৎসা বিভাগ আৰু বন বিভাগ সষ্টম হৈ পৰিছে । পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা বন বিভাগক বনৰীয়া গাহৰিক আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰা ৰক্ষা কৰিবলৈ, কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শও প্ৰদান কৰা হৈছে । পশু চিকিৎসা বিভাগৰ পৰামৰ্শ অনুসৰি বন বিভাগেও যৎপৰোনাস্তি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে, ৰাজ্যৰ বনাঞ্চল সমূহত থকা বনৰীয়া গাহৰি সমূহক আফ্ৰিকান ছোৱাইন ফিভাৰৰ পৰা ৰক্ষা কৰিবলৈ । এই ৰোগত আক্ৰান্ত গাহৰি সমূহক যিহেতু আছুতীয়াকৈ ৰখাটো যিহেতু অতিকৈ প্ৰয়োজন । উল্লেখ্য যে, কিছুদিন পূৰ্বে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশটো অস্বাভাৱিকভাৱে বহু গাহৰিৰ মৃত্যু হৈছিল । অৰুণাচল প্ৰদেশত মৃত্যু হোৱা গাহৰি সমূহ নদীত পেলাই দিয়াৰ ফলত অসমৰ গাহৰিলৈ এই ৰোগ সংক্ৰমিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়কঃ কৰিমগঞ্জত সাজু চাৰিটা কোৱাৰেণ্টাইন কক্ষ

Last Updated : May 10, 2020, 5:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.