ETV Bharat / state

শিল্পীৰ পৰা ৰাজনীতিবিদলৈ সকলোৱে শেষ বিদায় জনালে প্ৰয়াত ভূপেন উজীৰক - Bhupen Uzir passed away

Bhupen Uzir death: নিজম হৈ পৰিল গীতানগৰৰ অডিটেক ষ্টুডিঅ’। ষ্টুডিঅ’ত বহি সংগীত পৰিচালনা কৰিবলৈ আৰু কেতিয়াও নাহিব ভূপেন উজীৰ।

Musician Bhupen Uzir passed away, CM Himanta Biswa Sarma expressed condolences
যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 5:23 PM IST

যশস্বী সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান

গুৱাহাটী, ১০ জানুৱাৰী: নৱবৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জগতৰ পৰা আহিছে এটা বেয়া খবৰ । যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই । মঙলবাৰে নিশা ১০ বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীত শিল্পীগৰাকীয়ে । মৃত্যুৰ সময়ত ভূপেন উজীৰৰ বয়স আছিল ৮০ বছৰ ।

জানিব পৰা মতে যোৱা ১ জানুৱাৰীত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত । শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । জীৱনকালত শিল্পীগৰাকীয়ে প্ৰায় ২০ খনৰো অধিক অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল ।

তেওঁ সংগীত পৰিচালনা কৰা ছবি কেইখনৰ ভিতৰত উল্লেখযোগ্য ছবিকেইখন হৈছে- দেৱী, জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, পূজা, পিতা-পুত্ৰ, ভাই ভাই, বৰদৈচিলা, যখিনী, অগ্নিগড়, নিশাৰ অৰণ্য, প্ৰতিদান, উৰ্বশী, এই মৰম তোমাৰ বাবে, জখম, মৰমী হ’বানে লগৰী, সত্যম শিবম সুন্দৰম, অঘৰী আত্মা আদি । যৌৱনে আমনি কৰে ছবিখনতো সহ শিল্পীৰ সৈতে সংগীত পৰিচালনা কৰিছিল শিল্পীগৰাকীয়ে । লগতে বুকুৰ মাজত জ্বলে ছবিখনতো আন কেইবাজনৰ সৈতে সংগীত পৰিচালনা কৰিছিল প্ৰয়াত উজীৰে । তেওঁৰ মৃত্যুৰ পিচতে এতিয়া শোকৰ ছাঁ পৰিছে অসমীয়া ছবিজগতত ৷

ইফালে আজি পুৱাই নেমকেয়াৰ হাস্পতালৰ পৰা গীতানগৰস্থীত বাসগৃহলৈ লৈ যোৱা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । গীতানগৰৰ বাসগৃহ তথা অডিটেক ষ্টুডিঅ’ত শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গুণমুগ্ধসকলে । ইয়াৰ পিচত ৰবীন্দ্ৰ ভৱনলৈ নিয়া হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । জানিব পৰা মতে বিয়লি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব ।

সংগীত পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ছবিজগতৰ পৰা ৰাজনীতিলৈ বহু বিশিষ্ট লোকে ৷ কণ্ঠশিল্পী মনীষা হাজৰিকা, সাংসদ কুইন ওজা, শিল্পী তৰালী শৰ্মা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, কণ্ঠশিল্পী জুবলী বৰুৱা আৰু আছু নেতা উৎপল শৰ্মাই সংগীত পৰিচালকগৰাকীক শ্ৰদ্ধাঞ্জলী জনাই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

ইফালে শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে,‘‘অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্ত্বা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিটো পাই মৰ্মাহত হৈছোঁ । এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল । কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰ ডাঙৰীয়াৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি ।’’

  • অসমৰ সংগীত জগতৰ স্বনামধন্য ব্যক্তিসত্তা, যশস্বী সংগীত পৰিচালক ভূপেন উজীৰ ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিটো পাই মৰ্মাহত হৈছোঁ। এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ'ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা… pic.twitter.com/GFiBxBNIVy

    — Himanta Biswa Sarma (@himantabiswa) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: ৰাশ্বিদ খান আৰু নাই, কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে শাস্ত্ৰীয় গায়কগৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.