গুৱাহাটী, 4 নৱেম্বৰ : অসমৰ আদিবাসী লোকসকলক জনজাতিকৰণ, ছাৰনা ধৰ্ম কোড প্ৰৱৰ্তন কৰা(Sarna Dharam Code), ঝাৰখণ্ডৰ চাওতালী ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰা(Saotali language), আদিবাসী স্ব-শাসন ব্যৱস্থা কৰা আৰু আদিবাসী ভূমি সংৰক্ষণৰ দাবীত শুকুৰবাৰে আদিবাসী চেংগেল অভিযানৰ(Adivasi Sengel Abhiyan) আহ্বানত মহানগৰী চচলস্থিত ধৰ্ণাস্থলীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় (Adivasis protest in Guwahati)।
পাঁচদফীয়া দাবীৰ সমৰ্থনত অসমৰ লগতে বহিঃৰাজ্যৰ পৰা অহা কেইবা সহস্ৰাধিক আদিবাসী লোকে ধৰ্ণা, শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঝাৰখণ্ডৰ প্ৰাক্তন সাংসদ তথা আদিবাসী চেংগেল অভিযানৰ কেন্দ্ৰীয় অধ্যক্ষ ছালখান মুৰ্মু(Adivasi leader Salkhan Murmu) আৰু আদিবাসী চেংগেল অভিযানৰ কেন্দ্ৰীয় সংযোজক সুমিত্ৰা মুৰ্মুই সংবাদ মাধ্যমৰ আগত কয় যে দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ পিছতো আদিবাসীসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল ।
ন্যায্য প্ৰাপ্তিৰ দাবীত অধিবাসী জনগোষ্ঠীৰ লোকসকলে বাৰম্বাৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে । ইফালে পাঁচ দফীয়া দাবীৰ সমৰ্থনত আদিবাসী চেংগেল অভিযানৰ উদ্যোগত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি আদিবাসী নেতা ছালখান মুৰ্মুৱে বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰখনে অহা ২০ নৱেম্বৰৰ ভিতৰত ছাৰনা ধৰ্ম কোড প্ৰদানৰ ক্ষেত্ৰত সঁহাৰি নজনালে অহা ৩০ নৱেম্বৰত আদিবাসী অধ্যুষিত পাঁচ ৰাজ্যত ৰেলপথ অৱৰোধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি হুংকাৰ দিয়ে ।
ইফালে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি আদিবাসী নেতা ছালখান মুৰ্মুই(ASA President Salkhan Murmu) কয় যে, আমি আমাৰ ন্যাৰ্য অধিকাৰৰ দাবীত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছো ৷ তেনেস্থলত অসম আৰক্ষীয়ে বাধা প্ৰদানৰ কাৰণ কি ? আমি তীৰ, তৰোৱাল লৈ আন্দোলন কৰিবলৈ অহা নাই ।
অসম আৰক্ষীৰ এনে ভূমিকাৰ বিৰুদ্ধে অসমৰ ৰাজ্যপালক অৱগত কৰিব বুলিও জনাবলৈ দিয়ে আদিবাসী নেতাগৰাকীয়ে ।
লগতে পঢ়ক : Silapathar Town College principal attack : চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ অধ্যক্ষক আক্ৰমণ