ETV Bharat / state

গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি অদীপ কুমাৰ ফুকনৰ - সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি

বিজেপি চৰকাৰলৈ প্ৰশ্ন কৰি নিজৰ কৰ্মসূচীৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ । নিৰ্বাচনী ইস্তাহাৰ যোগে গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে অদীপ কুমাৰ ফুকনে ৷

adip-phukan-manifesto
গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি অদীপ কুমাৰ ফুকনৰ
author img

By

Published : Apr 1, 2021, 9:19 PM IST

গুৱাহাটী, ১ এপ্ৰিল: বিজেপি চৰকাৰলৈ ২৭ টা প্ৰশ্ন কৰি ৩১ টা কৰ্মসূচীৰে অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে বৃহস্পতিবাৰে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ । পূব গুৱাহাটী সমষ্টিৰ ৰাজগড়স্থিত নিজৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজন কৰা এখন সংবাদমেলত 'কিছু প্ৰশ্ন কিছু উত্তৰ' শীৰ্ষক নিৰ্বাচনী ইস্তাহাৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ।

গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি অদীপ কুমাৰ ফুকনৰ

অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে নিৰ্বাচনী ইস্তাহাৰ যোগে গুৱাহাটীৰ বিভিন্ন সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে । বিশেষকৈ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা, খোৱাপানীৰ যোগান, কৃত্রিম বানপানীৰ সমস্যা সমাধান, ভূমিহীনক ১ কঠা লেচা ভূমি প্ৰদান, গুৱাহাটীক ড্ৰাগছ মুক্ত কৰা আদিকে ধৰি ৩১ বিষয়ত গুৰুত্ব দিয়া হৈছে । একেদৰে 'কা' জাপি দিয়া, অসম চুক্তি নসাৎ কৰা, ৰাজহুৱা সম্পদ বিক্ৰী, মূল্যবৃদ্ধি, গুৱাহাটীৰ ৭০ শতাংশ লোক পানী যোগানৰ পৰা বঞ্চিত থকা আদি প্ৰায় ২৭ টা প্ৰসংগত বিজেপি চৰকাৰলৈ ইস্তাহাৰ যোগে প্ৰশ্ন কৰা হৈছে ।

সংবাদমেলত নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰে অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক চিত্র বসুমতাৰীকে ধৰি কেইবাজনো বিষয়ববীয়াই ।

লগতে পঢ়ক: এআইইউডিএফৰ কাৰ্যালয় স্থাপনক লৈ সৰৱ কল্পনা পাটোৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.