ETV Bharat / state

সুদক্ষ অভিনেত্ৰী নিৰ্মালী কোঁৱৰৰ ইহলীলা সম্বৰণ

মঙলবাৰে সন্ধিয়া ডুমডুমাৰ ৰূপাই চাইডিঙত অৱস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, সুদক্ষ মঞ্চ অভিনেত্ৰী নিৰ্মালী কোঁৱৰৰ ৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যবৰণ শিল্পীগৰাকীৰ ৷

author img

By

Published : Jul 29, 2020, 4:27 AM IST

Actress Nirmali Konwar Demise
Actress Nirmali Konwar Demise

গুৱাহাটী, 29 জুলাইঃ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত যুঁজি অৱশেষত নিয়তিৰ আগত হাৰ মানিলে সুদক্ষ মঞ্চ অভিনেত্ৰী নিৰ্মালী কোঁৱৰে । মঙলবাৰে সন্ধিয়া ডুমডুমাৰ ৰূপাই চাইডিঙত অৱস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে ।

সুদীৰ্ঘ সময় ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । ইপিনে চিকিৎসাধীন অৱস্থাতে অসুস্থ দেহাৰে শিল্পীয়ে ৰাজপথলৈ ওলাই আহি আৰ্তজনকো সহায় আগবঢ়াইছিল ।

মঙলবাৰে সন্ধিয়া তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ ডুমডুমা নগৰৰ লগতে তিনিচুকীয়া জিলাৰ নাট্য আৰু অভিনয় জগতৰ শিল্পীসকলৰ মাজত শোকৰ ছাঁ পৰে ।

নিৰ্মালী কোঁৱৰ এগৰাকী প্ৰতিভাৱান মঞ্চ অভিনেত্ৰীৰ লগতে এগৰাকী দূৰন্ত প্ৰতিভাৰ অধিকাৰিনীও আছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত একেৰাহে তেওঁ তিনিবাৰকৈ শ্ৰেষ্ঠ মুকা অভিনেত্ৰীৰো সন্মান লাভ কৰি ডুমডুমা মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । অভিনয় দক্ষতাৰ উপৰিও নিৰ্মালী কোঁৱৰৰ আন এক পৰিচয় আছিল বৰ বিহুৱতী হিচাপেও ।

লগতে চাওক-নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.